Header Ads

সৌৰভ কুমাৰ চলিহাৰ গল্প

নীতা মণি ডেকা

এক স্বকীয় বৈশিষ্ট্যৰে অসমীয়া গল্প সাহিত্যক সমৃদ্ধ কৰা ৰামধেনু যুগৰ এগৰাকী জনপ্ৰিয় তথা ব্যতিক্রমী গল্প লেখক হ’ল সৌৰভ কুমাৰ চলিহা ১৯৩৩-২০১১৷ সৌৰভ কুমাৰ চলিহাৰ গল্পত বিষয়বস্তুৰ পৰা আৰম্ভ কৰি প্ৰকাশভংগীলৈ সকলো ক্ষেত্ৰত নতুনত্বৰ প্ৰকাশ ঘটিছে৷ তেখেত অসমীয়া গল্প সাহিত্যৰ এজন লব্ধ প্ৰতিষ্ঠ গল্পকাৰ৷ মননশীল লেখক চলিহাৰ গল্প কোৱাৰ ৰীতিত আছে অভিনৱত্ব৷

ৰামধেনু যুগৰ শীৰ্ষস্থানীয় গল্পকাৰ চলিহাৰ প্ৰথম গল্পটি হ’ল ‘পাঞ্জাৱ সীমান্তৰ সহযাত্ৰী’৷ ছাত্ৰাৱস্থাতে লিখা এই গল্পটি ‘পাৰিজাত’ নামৰ শিশু আলোচনী প্ৰকাশ পাইছিল৷ ছাত্ৰাৱস্থাতে স্ব-প্ৰতিভাৰ উমান দিয়া চলিহাৰ গল্পবোৰে বৌদ্ধিক সমাজত আলোড়নৰ সৃষ্টি কৰিছে৷ চলিহাৰ গল্পৰ বিষয়বস্তুৰ বাছনিৰ চমৎকাৰিত্ব, কৌশল, চৰিত্ৰৰ মন গহনৰ বিশেষণ অগতানুগতিক৷ অগতানুগতিক কথনশৈলী, সংমিশ্ৰিত শব্দ চয়ন, বিশিষ্ট উপস্থাপন ৰীতিৰে তেখেতে গল্প-সাহিত্যত এক সুকীয়া স্থান দখল কৰিছে৷ একাধিক গল্প সংকলনৰ বাহিৰে বিবিধ বিষয়ক প্ৰবন্ধ আদিৰে তেওঁ অসমীয়া কথা-শিপ্লৰ জগতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে৷ তেখেতৰ প্ৰকাশিত গল্প সংকলনৰ ভিতৰত উল্লেখ কৰিব পাৰি  অশান্ত ইলেকট্ৰন, দুপৰীয়া, এহাত ডাবা, গোলাম, কবি, জোনবিৰি সৌৰভ কুমাৰ চলিহাৰ স্বনিৰ্বাচিত সংকলন ইত্যাদি৷ ইয়াৰে ‘গোলাম সংকলনৰ বাবে তেখেতলৈ ‘সাহিত্য অকাডেমী বঁটা’ ১৯৭৪ আগবঢ়োৱা হয়৷ জীৱনজোৰা সাহিত্য কৰ্মৰ বাবে তেখেতলৈ ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হয়৷

প্ৰকৃতাৰ্থত আধুনিকতাবাদী গল্পকাৰসকলৰ ভিতৰত সৌৰভ কুমাৰ চলিহা অগ্ৰণী৷ তেখেতৰ গল্পৰ ভাৱবস্তু বিচিত্ৰ আৰু জটিল হোৱাৰ লগতে আংগিক কৌশলো অগতানুগতিক৷ যাৰ ফলত চলিহাৰ গল্প বুজিবলৈ জটিল৷ চলিহাৰ গল্প মননশীলতাৰে সমৃদ্ধ৷ তেখেতৰ গল্পত মানুহৰ মনোভাৱৰ বিচিত্ৰ ছৱি প্ৰতিফলিত হৈছে৷ ধূসৰ মনোজগতৰ ক্রিয়াশীলতা লক্ষ্য কৰা যায় চলিহাৰ গল্পত৷ আধুনিক মানুহৰ চেতন, অৱচেতন মনৰ দ্বান্দ্বিক প্ৰকাশ ঘটা দেখা যায়৷

চলিহাৰ গল্পৰ জৰিয়তে তেখেতৰ সমাজ বিশেষণী ক্ষমতা সহজে চকুত পৰে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সমাজৰ ক্ষয়িঞ্চু অৱস্থা, অসুৰক্ষাৰ ভাৱ, অৰ্থনৈতিক চিন্তাৰ ছৱিখন গল্পকাৰে তেখেতৰ গল্পবোৰৰ মাজেৰে অতি বুদ্ধিদীপ্ততাৰে প্ৰকাশ কৰিছে৷ তেওঁৰ গল্পত ভগ্ন সমাজৰ ৰুগ্ন মানসিকতা প্ৰকাশ পাইছে৷ আধুনিক জীৱনধাৰাই মানুহৰ মাজলৈ কঢ়িয়াই অনা সংকটৰ দিশটো চলিহাই অতি সুন্দৰভাৱে গল্পৰ মাজত আলোকপাত কৰিছে৷

চলিহাৰ প্ৰায়বোৰ গল্প নগৰকেন্দ্ৰিক৷ সাম্প্ৰতিক সময়ত নাগৰিক জীৱনৰ চেতন, অৱচেতন মনৰ সূক্ষ্ম তথা দ্বান্দ্বিক প্ৰকাশ ঘটিছে তেখেতৰ গল্পবোৰত৷ তেখেতৰ গল্পৰ মাজেৰে মানুহৰ হতাশগ্ৰস্ততাৰ পলায়নবাদী মনোভাৱৰ ছৱি দেখিবলৈ পাওঁ৷ চলিহাৰ ‘অশান্ত ইলেকট্ৰন’ গল্পত নগৰকেন্দ্ৰিক জীৱনে আনি দিয়া নিসংগতা বিদ্যামান৷ গল্পটোৰ প্ৰধান চৰিত্ৰ নিখিলৰ জৰিয়তে নকৈ গঢ়ি উঠা সমাজখনৰ কদৰ্য, অৰ্থলোভী, সুবিধাবাদী ৰূপটো অতি নিৰ্মোহভাৱে গল্পকাৰে উপস্থাপন কৰিছে৷ নব্য মূল্যবোধে সমাজক কিদৰে বিভ্ৰান্ত কৰিছে তথা নৈতিক প্ৰমূল্যবোধৰ অৱক্ষয় গল্পটোত অতি বাস্তৱ ৰূপত প্ৰকাশ কৰা হৈছে৷ তেওঁৰ গল্পত মানুহৰ জীৱনৰ অনিশ্চয়তা, অস্থিৰতা প্ৰকাশ পাইছে যদিও চৰিত্ৰসমূহ সম্পূৰ্ণ হতাশ হোৱা নাই, তাৰ বিপৰীতে জীৱন জয় কৰাৰ বাসনাও ব্যক্ত হৈছে৷ যেনে - ভ্ৰমণ বিৰতি গল্পত এই বৈশিষ্ট্য প্ৰকাশিত হৈছে৷

মৰুদ্যান, বেথ’ফেন ইত্যাদি গল্পত জীৱনৰ সফলতাৰ আঁৰত দুখৰ যে অৱদান আছে তাক দেখুওৱা হৈছে৷ চলিহাৰ কিছুমান গল্পৰ চৰিত্ৰ অদৃশ্য শক্তিৰ ওপৰত বিশ্বাসী৷ মানুহক নিয়ন্ত্ৰণ কৰিবলৈ এক অদৃশ্য শক্তি আছে৷ যেনে - লক্ষ্মণ ৰেখা গল্পটো৷

চলিহাই মন সমীক্ষাত্মক মানৱতাবাদ আৰু বাস্তৱবাদী মানৱতাবাদক তেওঁৰ গল্পৰ মাজত স্থান দিছে৷ তেওঁৰ কিছুমান গল্প মানৱীয় গুণেৰে পৰিপূৰ্ণ৷ যেনে - গোলাম, বাপতি সাহোন, খৰাং ইত্যাদি গল্পত এই বৈশিষ্ট্য প্ৰকাশ পাইছে৷ চলিহাৰ গল্পত চেতনাস্ৰোত আৰু অৱস্থিতিবাদী চিন্তাধাৰাৰো প্ৰতিছৱি পোৱা যায়৷ ব্যক্তিকেন্দ্ৰিকতাজনিত বিচ্ছিন্নতাবোধ তেওঁৰ গল্পৰ অন্যতম বৈশিষ্ট্য৷ চলিহাই মানুহৰ জীৱনৰ চৰম সত্যক উদ্ঘাটন কৰিবলৈ ফ্ৰয়েডীয় মনস্তত্ত্বৰো সহায় লৈছে৷ চলিহাৰ আছন্ন, কেন্দ্ৰাভিমুখ আদি গল্পত উত্তৰ আধুনিক ৰীতিৰ প্ৰয়োগ ঘটা দেখা যায়৷ চলিহাৰ গল্পৰ ভাষা চৰিত্ৰ আৰু পৰিস্থিতি নিৰ্ভৰ৷ তেওঁৰ কথনভংগী অগতানুগতিক৷

সৌৰভ কুমাৰ চলিহাৰ গল্পবোৰ বুদ্ধি বা মননশীলতাৰ পৰিচায়ক৷ সৌৰভ কুমাৰ চলিহাৰ গল্পৰ অন্যতম লক্ষণীয় বৈশিষ্ট্য এয়ে যে, পৰম্পৰাগত গল্পত পোৱাৰ দৰে মননতাত কোনো একপক্ষীয় আৰোপন নহয়; বৰং ক’ব পৰা যায় যে মননতাত একেধাৰে বিষয় আৰু বিষয়ী দ্ৰষ্টা আৰু দৃষ্ট৷১ চলিহাৰ কিছু কিছু গল্পত এক সাংগীতিক ভাৱৰ প্ৰকাশ দেখা যায়৷ যেনে - দূৰৈত ক’ৰবাত নাম ধৰিছে, খিৰিকীৰে ৰৈ ৰৈ খোলৰ শব্দ আহিছে (এহাত ডাবা)৷ চলিহাই আবেগ, অলংকাৰবৰ্জিত প্ৰাঞ্জল স্বছ গদ্যৰূপ সৃষ্টি কৰাত ব্ৰতী হৈছিল৷ তেখেতৰ গদ্যশৈলী সযত্ন অনুশীলন আৰু সাধনাৰ ফল৷ চলিহাৰ গল্পৰ চৰিত্ৰবোৰ বাস্তৱ জীৱনৰ সাধাৰণ স্তৰৰ নৰ-নাৰী হ’লেও সিঁহতৰ মাজত অন্তৰ্নিহিত হৈ থকা এই ট্ৰেজিক বিষাদবোধে চৰিত্ৰবোৰক এক ধৰণৰ প্ৰতিভাসিক ব্যত্যয় দান কৰিছে৷২

ওপৰোক্ত বৈশিষ্ট্যবোৰে চলিহাৰ গল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ হৰেকৃষ ডেকাই চলিহাৰ গল্প সম্পৰ্কে এনেদৰে কৈছে যে, সৌৰভ কুমাৰ চলিহাৰ গল্পত ধৰা পৰিছে নাগৰিক জীৱনৰ বিচিত্ৰ ৰূপ আৰু বিচিত্ৰ সুৰ৷ চৰিত্ৰবোৰৰ জটিল মানসিকতা উন্মোচন কৰোতে তেখেতৰ ভাষাত আহিছে এক জটিল, বৈশিষ্ট্যপূৰ্ণ নতুন ঠাঁচ৷ মনোকথনৰ পদ্ধতি আৰু ছায়াছৱিৰ সমধৰ্মী চিত্ৰায়নৰ পদ্ধতি তেখেতৰ গল্প কৌশলৰ অংগ হৈছে৷ কালৰ ক্রমপ্ৰৱাহত জীৱনক দেখুওৱাতকৈ স্থানত জীৱনৰ বিক্ষিপ্ত উপস্থিতি আৰু গতিক দেখুওৱা হৈছে৷ তেখেতৰ গল্পৰ নিৰ্মাণ কৌশলৰ উদ্দেশ্য তেখেতে ইছাকৃতভাৱে ঘটনাৰ বিন্যাস ভাঙি পেলাইছে৷ নাগৰিক জীৱনৰ অনিৰ্দিষ্ট গতিৰ লগত খাপ খোৱাকৈ তেখেতৰ গল্পবোৰত পৰিণতিও অনিৰ্দিষ্ট হৈ ৰৈছে৷ চলিহাই চুটিগল্পত আধুনিকতাবাদৰ বিস্তাৰ ঘটাইছে৷ আকৌ হোমেন বৰগোহাঞিয়ে সৌৰভ কুমাৰ চলিহাৰ গল্প সম্পৰ্কে এনেদৰে লিখিছে ‘.... পঞ্চাশৰ দশকৰ অসমীয়া চুটিগল্প লেখকসকলৰ মাত্ৰ কেইজনমানহে প্ৰকৃতাৰ্থত আধুনিক; বাকী সকল আচলতে পৰম্পৰাগতবাদী৷ এই দুই শ্ৰেণীৰ লেখকসকলৰ শীৰ্ষস্থান স্থানীয় প্ৰতিভূ হিচাপে আমি যথাক্রমে সৌৰভ কুমাৰ চলিহা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ নাম উল্লেখ কৰিব পাৰো৷ সৌৰভ কুমাৰ চলিহাৰ গল্পত আধুনিকতাৰ সূচনা হৈছে৷৩ সৌৰভ কুমাৰ চলিহাৰ ব্যতিক্রমধৰ্মী গল্পবোৰে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত আধুনিকতাৰ সূচনা কৰি গল্প সাহিত্যৰ ধাৰাটোক ঐশ্বৰ্যমণ্ডিত কৰিছে৷

পাদটীকা :
১ ৰঞ্জিত কুমাৰ দেৱগোস্বামী : সৌৰভ কুমাৰ চলিহাৰ গল্প (প্ৰৱন্ধ) অসমীয়া চুটিগল্প  ঐতিহ্য আৰু বিৱৰ্তন (সম্পা) অপূৰ্ব বৰা, পৃ. ২৩৮
২ প্ৰভাত বৰা : সৌৰভ চলিহাৰ চুটিগল্প : এটি অনুসন্ধান (প্ৰৱন্ধ) অসমীয়া চুটিগল্প ঐতিহ্য আৰু বিৱৰ্তন (সম্পা) অপূৰ্ব বৰা, পৃ. ২৩০
৩ হোমেন বৰগোহাঞি : আধুনিক গল্প সংকলন, পাতনি, পৃ. ১৪
গ্ৰন্থপঞ্জী :
১ গগৈ, অম্বেশ্বৰ (সম্পা) : চুটিগল্পৰ বিচাৰ, চন্দ্ৰ প্ৰকাশ, দ্বিতীয় প্ৰকাশ, ২০০৯
২ ঠাকুৰ, প্ৰাপ্তি : ৰামধেনুৰ চুটিগল্প, বিচাৰ আৰু বিশেষণ, ভৰালী অফছেট প্ৰাঃ লিঃ, প্ৰথম প্ৰকাশ, ২০০৮
৩ বৰুৱা, প্ৰহলাদ কুমাৰ : অসমীয়া চুটিগল্পৰ অধ্যয়ন, বনলতা প্ৰকাশন, প্ৰথম প্ৰকাশ, ১৯৯৫
৪ বৰগোহাঞি, হোমেন (সম্পা) : ৰামধেনু, বনলতা প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০০৯
৫ বৰা, অপূৰ্ব (সম্পা) : অসমীয়া চুটিগল্প ঐতিহ্য আৰু বিৱৰ্তন, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰকাশন কোষ, প্ৰথম প্ৰকাশ, ২০১২
৬ ভট্টাচাৰ্য, বসন্ত কুমাৰ : অসমীয়া চুটিগল্পৰ সুবাস, জাৰ্ণাল এম্প’ৰিয়াম, ৩য় সংস্কৰণ,২০১২
৭ শৰ্মা, সত্যেন্দ্ৰ নাথ : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ২০০৬

No comments

Powered by Blogger.