Header Ads

জনজাতীয় জীৱন আধাৰিত অসমীয়া উপন্যাসৰ পৰম্পৰা আৰু লুম্বেৰ দাইৰ উপন্যাসৰ গুৰুত্ব


  • ড০ চিত্ৰজিৎ শইকীয়া

অসমীয়া সামাজিক উপন্যাসৰ ইতিহাসত জনজাতীয় জীৱন আৰু সমাজ-সংস্কৃতিক কেন্দ্ৰ কৰি ৰচনা কৰা উপন্যাসে সৃষ্টিশীল সাহিত্য-কৰ্ম হিচাপে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত শতিকা জুৰি একেলগে বাস কৰি অহা জনজাতীয় জীৱনধাৰাৰ বহু অপ্ৰকাশিত দিশ এইবোৰ উপন্যাসত বৈচিত্ৰ্যময় ৰূপত প্ৰতিফলিত হৈছে৷ অসমৰ জন-গাঁথনি বৈচিত্ৰ্যপূৰ্ণ আৰু তেওঁলোকৰ আচাৰ-ৰীতি, জীৱন-দৰ্শন বৈভৱশীল৷ অন্য অৰ্থত জনজাতিসকলৰ সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱন অতি বৈচিত্ৰ্যপূৰ্ণ৷ এই বৈচিত্ৰ্যপূৰ্ণ জীৱনৰ বিভিন্ন উত্থান-পতন, ক্রম-বিৱৰ্তন, ৰাজনৈতিক চিন্তা-চেতনা, আৰ্থ-সামাজিক জীৱনৰ সংঘাত, পৰম্পৰাগত ধৰ্মীয় বিশ্বাস আদিৰ উপৰি তেওঁলোকৰ ভাষা, সাহিত্য আদি বিভিন্ন দিশৰ প্ৰকাশ এক গুৰুত্বপূৰ্ণ বিষয়৷ সেয়ে বিভিন্নজন জনজাতীয় আৰু অজনজাতীয় লেখকে জনজাতীয় জীৱনৰ পটভূমি ৰচনা কৰা এনেধৰণৰ উপন্যাসসমূহে বিপুল জনপ্ৰিয়তা আৰু গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷

অসমীয়া সমাজ-সংস্কৃতিৰ একেটা সুঁতিতে জীণ গ’লেও জনজাতিভেদে জীৱনধাৰা, ৰীতি-নীতি, ৰুচিবোধ, লোকবিশ্বাস, পৰম্পৰা আদি বিবিধ দিশত ভিন্নতা পৰিলক্ষিত হয়৷ সেয়ে জনজাতীয় পটভূমিত ৰচিত উপন্যাসৰাজিত ভিন্ন দিশৰ প্ৰতিফলন দেখিবলৈ পোৱাটো স্বাভাৱিক৷ কিন্তু মন কৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলৰ এই ভিন্‌ ভিন্‌ জনগোষ্ঠীসমূহৰ বিচিত্ৰ সংস্কৃতিপ্ৰসূত জীৱনৰ ৰূপায়ণ অসমীয়া উপন্যাসত প্ৰতিফলিত হোৱাৰ লগে লগে এই গোষ্ঠীসমূহৰ অন্তঃগাথা অধ্যয়নৰ পথো সুগম হৈছে৷ লেখৰ জোখাৰে কম সংখ্যক লেখকে জনজাতীয় জীৱন-বৈচিত্ৰ্যৰ প্ৰকাশৰ প্ৰতি দৃষ্টি দিলেও সাহিত্যিক মূল্যৰে এই উপন্যাসসমূহৰ অসমীয়া সাহিত্যত বিশেষ গুৰুত্ব অনুভৱ কৰা যায়৷ অসমীয়া উপন্যাস সাহিত্যৰ চালুকীয়া অৱস্থাতে ১৮৯৪ চনত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈয়ে মিচিং জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা ‘মিৰি জীয়ৰী’ উপন্যাসে জনজাতীয় জীৱনক অসমীয়া উপন্যাসৰ পাতত ঠাই দিয়ে আৰু তাৰেই পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ছোৱাত বিভিন্নজন ঔপন্যাসিকে জনজাতীয় জীৱনধাৰাৰ বিচিত্ৰতাক প্ৰকাশ কৰিবলৈ যত্নপৰ হৈছে৷ তেনে এজন জনজাতীয় মূলৰ লেখক হ’ল লুম্বেৰ দাই৷ লুম্বেৰ দাই আছিল অসমীয়া ভাষাত উপন্যাস লিখা জনজাতীয় মূলৰ লেখকসকলৰ পথিকৃৎস্বৰূপ৷ অৰুণাচল প্ৰদেশৰ ‘আদি’ জনজাতিৰ পটভূমিত ‘পাহাৰৰ শিলে শিলে’ ১৯৬১, ‘পৃথিৱীৰ হাঁহি’ ১৯৬৩, ‘মন আৰু মন’ ১৯৬৮, ‘কইনাৰ মূল্য’ ১৯৮২ আৰু ‘ওপৰ মহল’ ২০০৩ নামৰ পাঁচখন উৎকৃষ্ট মানৰ উপন্যাস সৃষ্টিৰে লুম্বেৰ দায়ে জনজাতীয় জীৱন আধাৰিত অসমীয়া উপন্যাসলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ সেয়েহে অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসত লুম্বেৰ দাইৰ এক গুৰুত্বপূৰ্ণ স্থান আছে৷ মন কৰিবলগীয়া যে লুম্বেৰ দাইৰ ‘পাহাৰৰ শিলে শিলে’ উপন্যাসখন হৈছে অৰুণাচলৰ ‘আদি’ সমাজৰ পটভূমিত ৰচিত প্ৰথমখন উপন্যাস আৰু অসমীয়া জনজাতীয় জীৱন আধাৰিত উপন্যাসৰ পঞ্চমখন উপন্যাস৷ লুম্বেৰ দাইৰ পূৰ্বে অসমীয়া ভাষাত ৰচিত জনজাতীয় পটভূমিৰ আন চাৰিখন উপন্যাস হৈছে ক্রমে ৰজনীকান্ত বৰদলৈয়ে মিচিং জনজাতীয় পটভূমিত ৰচনা কৰা ‘মিৰি জীয়ৰী’ ১৮৯৫, তৰুণচন্দ্ৰ পামেগামে মিচিং সমাজৰ পটভূমিত লিখা ‘সমাজৰ শেষ সীমাত’ ১৯৪৪; কৈলাস শৰ্মাই নগা জনজীৱনক কেন্দ্ৰ কৰি লিখা ‘বিদ্ৰোহী নগাৰ হাতত’ ১৯৫৮ আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই নগা জীৱনৰ আলমত লিখা ‘ইয়াৰুইংগম’ ১৯৬০৷ এই দিশৰপৰা লুম্বেৰ দাই জনজাতীয় জীৱন আধাৰিত উপন্যাস চৰ্চা কৰা প্ৰথমৰ ফালৰ লেখকসকলৰ এজন৷

জনজাতীয় ব্যক্তি হৈ অসমীয়া ভাষাত জনজাতীয় জীৱন আধাৰিত উপন্যাস লিখা পথ প্ৰদৰ্শক ঔপন্যাসিক হিচাপে অসমীয়া উপন্যাস সাহিত্যত লুম্বেৰ দাইৰ গুৰুত্ব লক্ষ্য কৰা যায়৷ সেইদৰে উপন্যাসৰ মাধ্যমেৰে নিজৰ নিজৰ সংশ্লিষ্ট জনজাতিৰ সমাজ-সংস্কৃতিৰ বিবিধ দিশৰ ৰসগ্ৰাহী উপস্থাপনৰ ক্ষেত্ৰতো লুম্বেৰ দাই আছিল পথিকৃৎ ব্যক্তি৷

লুম্বেৰ দাই আছিল এনে এজন লেখক যিজনে নিজৰ সমাজখনৰ প্ৰতিটো শুভ-অশুভ দিশ বিচাৰ কৰি, সেইবোৰক সমালোচনা কৰি উপন্যাসৰ মাধ্যমেৰে অকপটে অসমীয়া পাঠকৰ আগত দাঙি ধৰিছিল৷ তেনে কৰোঁতে লুম্বেৰ দায়ে আদি সমাজখনৰ অতিৰঞ্জিত ব্যাখ্যা আগবঢ়োৱা নাছিল৷ এজন সৎ আৰু আদৰ্শবান লেখক হিচাপে এইখিনিতে তেওঁৰ পৰিচয় ফুটি উঠে৷ এজন জনজাতীয় মূলৰ লোক হৈয়ো লুম্বেৰ দায়ে অসমীয়া ভাষাত উপন্যাস ৰচনা কৰি যেনেকৈ অসমীয়া উপন্যাস সাহিত্যক সমৃদ্ধ কৰিলে তেনেকৈ নিজ নিজ জনজাতীয় পটভূমিত উপন্যাস লিখাৰ আদৰ্শও প্ৰতিষ্ঠা কৰিলে৷ লুম্বেৰ দাই হৈ পৰিল বহুতো জনজাতীয় লেখকৰ বাবে অনুপ্ৰেৰণাস্বৰূপ৷ লুম্বেৰ দাইক অনুসৰণ কৰি পৰৱৰ্তী সময়ত ৰংবং তেৰাং, য়েছে দৰজে ঠংচি আদিয়েও নিজকে ঔপন্যাসিক হিচাপে প্ৰতিষ্ঠা কৰিলে৷ এনে প্ৰেক্ষাপটত লেখক হিচাপে লুম্বেৰ দাই আৰু তেওঁৰ সৃষ্টিকৰ্মৰ গুৰুত্ব সততে অনুধাৱন কৰা যায়৷ য়েছে দৰজে ঠংচিৰ দৰে সাহিত্যিকেও লুম্বেৰ দাইক অন্যান্য জনজাতীয় মূলৰ সাহিত্যিকতকৈ আগস্থান দি তেওঁক পথিকৃৎ সাহিত্যিকৰ মৰ্যাদা দি আহিছে৷
আনহাতে গোবিন্দ প্ৰসাদ শৰ্মাই কেইবা ঠাইত লুম্বেৰ দাইৰ ‘পৃথিৱীৰ হাঁহি’ উপন্যাসৰ লগত ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ৰ সাদৃশ্য দেখা পোৱাৰ কথা তথ্য সহকাৰে বৰ্ণনা কৰিছে৷ ‘ৰংমিলিৰ হাঁহি’ নামটোত ‘পৃথিৱীৰ হাঁহি’ৰ প্ৰতিধ্বনি আছে বুলি শৰ্মাই স্পষ্টকৈ কৈছে৷

উত্তৰ-পূব ভাৰতৰ আৰ্থ-সামাজিক জীৱনত বাল্যবিবাহ, কইনা মূল্য প্ৰথা, অন্ধবিশ্বাস, অশিক্ষা, পৰম্পৰাগত কৃষি পদ্ধতি, ৰাজনীতিক-মধ্যভোগীৰ শোষণ, অসুচল যোগাযোগ ব্যৱস্থা ইত্যাদি বিবিধ সমস্যা লক্ষ্য কৰা যায়৷ লুম্বেৰ দাইৰ উপন্যাসত এইবোৰ সমস্যাৰ সমাধানৰ বাৰ্তা পোৱা যায়৷ একতা, সামাজিক সম্প্ৰীতি তথা আধুনিক শিক্ষাৰ প্ৰসাৰেহে যে সেই সমস্যাসমূহ নিৰাময় কৰিব পাৰিব তাৰ আভাস লুম্বেৰ দাইৰ উপন্যাসকেইখনত পোৱা যায়৷

অৰুণাচল প্ৰদেশৰ ‘আদি’ সমাজৰ বিভিন্ন সমস্যা, সামাজিক আচাৰ-ৰীতি, লোকবিশ্বাস, লোকপৰম্পৰা ইত্যাদি বিবিধ বিষয়ক অৱলম্বন হিচাপে লৈ ৰচনা কৰা লুম্বেৰ দাইৰ উপন্যাসকেইখন কলাকৰ্ম হিচাপেও সফল সৃষ্টি৷ কাহিনী, চৰিত্ৰ, সংলাপ, পৰিৱেশ সৃষ্টি তথা ঔপন্যাসিকৰ জীৱন দৰ্শনে আশানুৰূপভাবে লুম্বেৰ দাইৰ উপন্যাসত বিকাশ লাভ কৰিছে৷

লুম্বেৰ দাইৰ উপন্যাস সংখ্যাত বেছি নহয়৷ কিন্তু সাহিত্যৰ মূল্য সংখ্যাৰে নিৰ্ণয় নহয়; নিৰ্ণয় হয় কলাকৰ্মৰ মানবিশিষ্টতাৰ যোগেদিহে৷ লুম্বেৰ দাইৰ পাঁচোখন উপন্যাসেই উচ্চ মানবিশিষ্ট শিপ্লকৰ্ম৷ সমকালীন সমাজ-বাস্তৱৰ প্ৰতিফলন, ভিন্নধৰ্মী চৰিত্ৰ-চিত্ৰণ, যথাযোগ্য পৰিৱেশ সৃষ্টি, সাৱলীল প্ৰকাশভংগী তথা শিপ্ল-সৌন্দৰ্যৰ দিশৰপৰা লুম্বেৰ দাইৰ উপন্যাসকেইখন সফল সৃষ্টিকৰ্ম বুলি চিহ্নিত হৈছে৷ গতিকে ক’ব পাৰি যে, লুম্বেৰ দাইৰ উপন্যাসকেইখনত এক সুকীয়া সাহিত্যিক মূল্যও বিদ্যমান৷

লুম্বেৰ দাইৰ উপন্যাসকেইখনে অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ লগতে অসমীয়া সাহিত্যলৈ বৈচিত্ৰ্যও আনিছে৷ গঠনমুখী দৃষ্টিৰে সমাজক বিচাৰ কৰা ঔপন্যাসিকৰ অন্যতম কৰ্তব্য৷ লুম্বেৰ দায়ে তেওঁৰ উপন্যাসত নতুন আৰু পুৰণিৰ মাজত হোৱা সংঘাতৰ নিৰ্ভেজাল ছবি এখন অংকন কৰাত সফল হৈছে৷ নতুন আৰু পুৰণিৰ সন্ধিক্ষণত সন্দিহান আদি সমাজৰ বাংময় চিত্ৰ তেওঁৰ উপন্যাসত উজ্জ্বল ৰূপত ফুটি উঠিছে৷ লুম্বেৰ দাই উচ্চ শিক্ষাৰে শিক্ষিত আৰু যুক্তিনিৰ্ভৰ ব্যক্তি আছিল৷ সেয়েহে তেওঁ জ্ঞানৰ আলোকেৰে জনজাতীয় আদি সমাজখন লক্ষ্য কৰি আধুনিক সমাজ জীৱনৰ গ্ৰহণীয় আৰু প্ৰয়োজনীয় আদৰ্শসমূহ গ্ৰহণ কৰি যুক্তিপূৰ্ণভাৱে সংশ্লিষ্ট সমাজখনৰপৰা ক্ষয়িষু দিশসমূহ দূৰ কৰাৰ বাবে উপন্যাসৰ মাধ্যমেৰে প্ৰয়াস কৰিছিল৷ এই সকলোবোৰে ঔপন্যাসিক লুম্বেৰ দাইৰ সমাজ সংস্কাৰকৰ ভূমিকাকে প্ৰতিপন্ন কৰিছে৷ এনেবোৰ কাৰণতে এইগৰাকী ঔপন্যাসিকৰ উপন্যাসকেইখনৰ এক সমাজতাত্ত্বিক গুৰুত্বও লক্ষ্য কৰা যায়৷

লুম্বেৰ দায়ে জনজাতীয় জীৱনধাৰাক সৃষ্টিশীল কলাকৰ্মৰ ৰূপ দিয়াৰ যি সৎ প্ৰয়াস কৰিছে, সেয়া নিঃসন্দেহে অসমীয়া উপন্যাসৰ ইতিহাসৰ এক স্মৰণীয় অধ্যায়৷ অৰুণাচলৰ আদি জনজাতীয় জীৱনৰ প্ৰতিফলনে লুম্বেৰ দাইৰ উপন্যাসকেইখনক অসমীয়া সাহিত্যত এক সুকীয়া গুৰুত্ব প্ৰদান কৰাৰ লগতে ঔপন্যাসিকজনৰ এই প্ৰচেষ্টা উত্তৰসূৰীসকলৰ বাবে দিগ্‌দৰ্শনস্বৰূপে হৈ ধৰা দিছে৷

প্ৰসংগ-সূত্ৰ :
১। এইটো কথা স্বীকাৰ কৰিবই লাগিব স্বৰ্গীয় লুম্বেৰ দাই আৰু পদ্মশ্ৰী ৰংবং তেৰাং ককাইদেউৰ দৰে অগ্ৰজ জনজাতীয় লেখকৰ জন্ম নোহোৱাহেঁতেন অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিবলৈ মই কেতিয়াও সাহস গোটাব নোৱাৰিলোহেঁতেন৷
য়েছে দৰজে ঠংচি : ‘মাজত ব্ৰহ্মপুত্ৰ, সিপাৰে ৰংবং তেৰাং ককাইদেউ’, সময়ৰ ৰূপকাৰ (ৰংবং তেৰাং অভিনন্দন গ্ৰন্থ), পবিত্ৰ বৰা আৰু খনীন্দ্ৰ কুমাৰ ডেকা (সম্পা.), পৃ: ৩৯
২। ৰংমিলিৰ হাঁহি পঢ়ি মোৰ উপলব্ধি হৈছিল অসমীয়া সাহিত্য-জগতত অন্য এক লুম্বেৰ দাইৰ আৰু জন্ম হৈছে৷
য়েছে দৰজে ঠংচি : ‘মাজত ব্ৰহ্মপুত্ৰ, সিপাৰে ৰংবং তেৰাং ককাইদেউ’, সময়ৰ ৰূপকাৰ (ৰংবং তেৰাং অভিনন্দন গ্ৰন্থ), পবিত্ৰ বৰা আৰু খনীন্দ্ৰ কুমাৰ ডেকা (সম্পা.), পৃ: ৩৮
৩ দ্ৰষ্টব্য, গোবিন্দ প্ৰসাদ শৰ্মা, ‘অসমীয়া উপন্যাসৰ পৰম্পৰা আৰু ৰংবং তেৰাং’, গৰীয়সী, লক্ষ্মীনন্দন বৰা (সম্পা.), মে’, ২০০৯, পৃ: ১১

No comments

Powered by Blogger.