Header Ads

লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱ


  • ভূষিতা মেধি

অৱতৰণিকাঃ
অসমীয়া সাহিত্যলৈ পাশ্চাত্য সাহিত্যৰ ‘ৰোমান্টিচিজ্‌ম’ বা ৰমন্যাসিক ভাৱধাৰা কঢ়িয়াই অনা লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া৷ কিন্তু, বেজবৰুৱাই ঐতিহ্যক বাদ দি আধুনিকতা গ্ৰহণ কৰা নাছিল৷ নিজৰ ঐতিহ্য আৰু পৰম্পৰাৰ আধাৰত বেজবৰুৱাই আধুনিকতা গ্ৰহণ কৰিছিল৷ এটা জাতিৰ আত্মবিশ্বাস ঘূৰাই আনিবলৈ জাতীয় ঐতিহ্য চেতনাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেওঁ পশ্চিমীয়া আধুনিকতাৰ বিপৰীতে ভাৰতীয় আধ্যাত্মবাদ আৰু বৈষ্ণৱ সংস্কৃতি তথা ঐতিহ্যৰ মাজতে আধুনিকতাৰ সন্ধান কৰিছিল৷
অসমীয়া সমাজ জীৱনত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ আদৰ্শ, শিক্ষা আৰু পৰম্পৰাৰ প্ৰভাৱ অতি গভীৰ৷ বেজবৰুৱাই শৈশৱ আৰু কৈশোৰ কালতে ঘৰতে লাভ কৰিছিল এক নৈষ্ঠিক বৈষ্ণৱ পৰিৱেশ৷ এই পৰিবেশে বেজবৰুৱাৰ মন মগজুত গঢ়ি তুলিছিল বৈষ্ণৱ ঐতিহ্যৰ সুদৃঢ় ভেঁটি৷ শৈশৱতে তেওঁৰ অন্তৰত ঠাই অধিকাৰ কৰা এই পৰিৱেশৰ প্ৰভাৱ পিছৰ পৰ্যায়ত তেওঁৰ সাহিত্যৰাজিৰ মাজেৰে প্ৰতিফলিত হোৱা দেখা যায়৷ বেজবৰুৱাৰ শংকৰদেৱ চৰ্চাকো মূল উৎস এই নৈষ্ঠিক বৈষ্ণৱ পৰিৱেশ৷
বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰাজি বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱেৰে সিক্ত৷ আমাৰ এই আলোচনাত ‘বেজবৰুৱাৰ কবিতাত বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱ’সম্পৰ্কে আলোচনা কৰা হ’ব৷
লক্ষ্মীনাথ বেজবৰুৱাই জন্মগ্ৰহণ কৰিছিল এটা নৈষ্ঠিক বৈষ্ণৱ পৰিয়ালত৷ তেওঁৰ পৰিয়ালৰ মাজত আছিল বৈষ্ণৱ পৰম্পৰাৰ জীৱন্ত অনুশীলন৷ সেয়ে, তেওঁৰ মন-মানসিকতাত বৈষ্ণৱ ঐতিহ্য আৰু সংস্কৃতি সজীৱ ৰূপত আছিল৷ ফলত তেওঁৰ প্ৰায়বোৰ ৰচনাৰ মাজত বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱ প্ৰত্যক্ষ আৰু পৰোক্ষ- এই দুয়োটা ৰূপতে পোৱা যায়৷ আমাৰ এই আলোচনাত তেওঁৰ সাহিত্যৰাজিৰ ভিতৰত কবিতাত বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিবলৈ মনস্থ কৰা হৈছে৷ বেজবৰুৱাৰ সমগ্ৰ সাহিত্যৰ মাজত অসমৰ জাতীয় ঐতিহ্য চেতনা বিদ্যমান৷ অসমৰ জাতীয় ঐতিহ্যৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ হ’ল ঐতিহ্য বৈষ্ণৱ ঐতিহ্য৷ অসমত শংকৰদেৱক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই বৈষ্ণৱ ঐতিহ্যক বেজবৰুৱাই কেনেভাৱে লৈছিল বা বৈষ্ণৱ ঐতিহ্যই তেওঁৰ সাহিত্যক কেনেভাৱে প্ৰভাৱাতি কৰিছিল সেই বিষয়ে অধ্যয়ন কৰাটোৱেই আমাৰ এই আলোচনাৰ মূল উদ্দেশ্য৷ অসমৰ বৈষ্ণৱ ঐতিহ্যই আধুনিক সাহিত্যক কেনেদৰে প্ৰভাৱিত কৰিছিল সেই সম্পৰ্কে কৰা চিন্তা-চৰ্চাত আমাৰ এই অধ্যয়নে বিশেষ তাৎপৰ্য বহন কৰিব৷
বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱেৰে সিক্ত বেজবৰুৱাৰ কবিতাসমূহৰ মাজেৰে ভাৰতীয় দৰ্শনৰ আধ্যাত্মিক চেতনা, অসমীয়া বৈষ্ণৱ ঐতিহ্য আৰু বংগীয় বৈষ্ণৱ কবিৰ মাধুৰ্যৰ প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়৷ ‘ঈশ্বৰ আৰু ভকত’, ‘মহাপ্ৰয়ানৰ যাত্ৰী’, ‘বাঁহী’, ‘ৰেণুকা’, ‘পদুম পাতৰ পানী’, ‘বিৰহ’, ‘বৃন্দা-চন্দ্ৰাৱলী সংবাদ’, ‘চন্দ্ৰা-ৰাধাৰ দ্বন্দ্ব’, ‘ৰাধা আৰু সখীসকল’, ‘অসম সংগীত’, ‘ব্ৰহ্মপুত্ৰ সংগীত’, ‘গীত’, ‘সন্ধ্যা’, ‘কৃষৰ নিদ্ৰাভংগ’, ‘দুৰ্যোধনে অশ্বত্থামাক’, ‘দ্ৰৌপদীয়ে অৰ্জুনক’, ‘পৰীক্ষিতক শৃংগীৰ শাপ’, ‘শমীকে শৃংগীক’ আদি কবিতাৰ জৰিয়তে ‘বেজবৰুৱাৰ কবিতাত বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱ’ সম্পৰ্কে আলোচনা কৰিব পাৰি৷
‘ঈশ্বৰ আৰু ভকত’ কবিতাটিৰ মাজেৰে বৈষ্ণৱ আদৰ্শৰ ভক্ত আৰু ভগৱানৰ মাজত থকা সম্পৰ্ক, ‘ভক্তৰ অধীন ভগৱান’, ভকতৰ ঐকান্তিক ভক্তিত নিমগ্ন চিত্ত আদি ভাৱধাৰাৰ সুন্দৰ প্ৰকাশ দেখা যায়৷ কবিতাটিত ভকতৰ গভীৰ ঐকান্তিক ভক্তিত নিমগ্ন চিত্তৰ প্ৰকাশ ঘটিছে এনেদৰে-
প্ৰভুৱে মাতিলে,                  বাপু মোৰ ভকতহে
প্ৰসাদ লবৰে হ’ল৷
ভকতে বুলিলে                   ‘প্ৰভু বাসুদেউ!
নামতে ভোক-পিয়াহ গ’ল৷’
অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ ‘মুক্তিত নিস্পৃহ ভকতি’ৰ কবিতাটিৰ মাজেৰে সুন্দৰ প্ৰকাশ ঘটা দেখা যায়-
মৰতত ভকত,                  বৈকুন্ঠত মুকুত,
ল’ৰি আতৈসকল আহাঁ৷
নেযাৱেঁ নেযাবেঁ                  প্ৰভূ মোৰ গোৱিন্দাই!
মুকুতিৰ নকৰোঁ বেহা৷
-মুক্তিত নিস্পৃহ ভকতৰ হৃদয় নাম ৰসত দ্ৰৱীভূত হৈ থকা বাবে ভগৱানে মতা স্বত্বেও ভকতে যাব বিচৰা নাই৷ কিন্তু ভক্তৰ অধীন ভগৱান৷ মাধৱদেৱে ‘নামঘোষা’ত কৈছে -
সমস্ত মস্তক                  নিজ ভকতৰ বশ্য
ভজো হেন দেব যদুপতি৷
সেয়ে, ভক্তৰ অধীন ভগৱানে নিজেই ভকতৰ কাষলৈ আহিবলৈ ওলাল৷ ‘ঈশ্বৰ আৰু ভকত’ শীৰ্ষক কবিতাটিত এই ভাৱৰে অনুৰণন শুনা যায়-
নাহাঁহে যদি, মই যাবকেই লাগিল,
লগলৈ তোমালোকৰ,
ভকতক এৰি থাকিব নোৱাৰোঁ,
পলকেই একো বছৰ৷
বেজবৰুৱাৰ ‘ৰেণুকা’ কবিতাটিৰ কোনো কোনো শাৰীৰ মাজেৰে আকৌ ভাৰতীয় দৰ্শনৰ আধ্যাত্মিকতাবাদৰ আভাস পোৱা যায়৷ ‘গীতা’ৰ ‘কৰ্মযোগৰ অনুৰণন শুনা যায় নিম্নোক্ত কবিতাটিত এনেদৰে-
কৰ্মফল আশালই নকৰিবা মন,
          ঈশ্বৰ সমৰ্পিবা ফল আৰু বন৷
কাম কৰিবৰ তোমাৰ অধিকাৰ আছে,
          ফলদান ঈশ্বৰেহে হাতত ৰাখিছে৷
‘মহাপ্ৰয়ানৰ যাত্ৰী’ কবিতাটোত ভগৱৎ প্ৰেমৰ বাণী অন্তৰ্নিহিত হৈ থকা দেখিবলৈ পোৱা যায়-
ভকতৰ পদৰ ধূলি
          মূৰত লৈ বাট বুলি,
          প্ৰভূৰ সিংহাসনৰ তলত
                    আহা পৰোঁগৈ লুটি৷
বেজবৰুৱাৰ কবিতাসমূহত তেওঁৰ জীৱনাদৰ্শৰ প্ৰভাৱ বিচাৰি পোৱা যায়৷ ‘মহাপ্ৰয়ানৰ যাত্ৰী’ শীৰ্ষক কবিতাটোত দাস্য ভক্তিৰ প্ৰকাশ ঘটা দেখা যায়৷ ভকতৰ মনত ভক্তিৰ জোলোঙাহে সমল-

মহাপ্ৰয়ানৰ যাত্ৰী হেৰা
          মই মহাপ্ৰয়ানৰ যাত্ৰী,
লগত মাথোঁ সমল মোৰ
          ভকতিৰ জোলোঙা এটি...
সেইদৰে,
ভকতি সমল কৰি
কোন আঁছা ক’ত পৰি?
আহা যাওঁ লগ ধৰি
স্বামীয়ে পঠাইছে মাতি৷
বেজবৰুৱাই অসমৰ বাহিৰৰ বিভিন্ন ধৰ্ম সংস্কৃতিৰ সোৱাদ গ্ৰহণ কৰিলেও, শেষত তেওঁ অনুভৱ কৰিছে যে অশেষ কষ্ট কৰি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই৷ কিয়নো, শংকৰ-মাধৱৰ পবিত্ৰতাৰে মহীয়ান অসমৰ নামঘৰৰ দুৱাৰে দুৱাৰে নিৰ্মল ‘ধৰম’-
‘‘প্ৰকৃত ধৰম                  বিচাৰি খোচাৰি
বিদেশ বনালো দু্‌খে;
নিজৰ দেশৰ                  নিৰ্মল ধৰম
নামঘৰৰ দুৱাৰ মুখে৷
‘‘গুৰু লাগে, মই শিক্ষিত শিষ্য !’’-
জগতক জাননী দিলোঁ;
জগতৰ গুৰু শংকৰ ঘৰতেই
অন্ধলাই নেদেখিলোঁ !’’
‘অসম সংগীত’ আৰু ‘ব্ৰহ্মপুত্ৰ সংগীত’ কবিতাৰ যোগেদি বেজবৰুৱাই শংকৰ-মাধৱৰ অৱদানৰ কথা শ্ৰদ্ধাৰেসুঁৱৰিছে এনেদৰে-
শংকৰে দিলে                  বিশুদ্ধ ধৰম
লাচিতে বাহুত বল৷
আকৌ,
কায়স্থ কুলনন্দন
অসমৰ হৃদিৰতন
শংকৰদেৱক তুলি দিলানে ধৰ্মজীৱনী
(যাৰ) কৰুণ প্ৰেম শুকান অসম ঢৌৱালে দি শক্তিপানী?
কোৱা হে বিচক্ষণ
শান্তনুকুল নন্দন !
তোমাৰ তীৰত মাধৱদেৱে ৰচিছিল যে ঘোষাখিনি
তোমাৰ তীৰত শংকৰ-মাধৱ হৈছিল যে মিলনি৷১০
অসম সংগীত’ কবিতাটিৰ মাজেৰে বৈষ্ণৱ ঐতিহ্যৰ লগত গভীৰভাৱে সংপৃক্ত ‘দবা’ ‘শংখ’, ‘মৃদং’, ‘খোল’ আদি বাদ্যযন্ত্ৰৰ উল্লেখ থকাও মন কৰিবলগীয়া-
বাজক দবা,                  বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ                  উন্নতি পথত
‘জয় আই অসম’ বোল৷ ১১
তদুপৰি কবিতাসমূহ পঢ়াৰ ক্ষেত্ৰত ধৰি দিয়া ‘কীৰ্ত্তনৰ সুৰ’, ‘অসমীয়া নামৰ সুৰ’ আদি নিৰ্দেশনাই বেজবৰুৱাৰ ওপৰত বৈষ্ণৱ কবিসকলৰ প্ৰভাৱকে প্ৰতীয়মান কৰে৷
শৈশৱতে ঘৰতে লাভ কৰা সত্ৰীয়া পৰিৱেশৰ প্ৰভাৱ বেজবৰুৱাৰ কবিতাৰ মাজেৰে প্ৰকাশিত হোৱা দেখা যায়৷ নাম প্ৰসংগৰে মুখৰ হৈ উঠা সন্ধিয়াৰ চিত্ৰ বেজবৰুৱাৰ কবিতাৰ মাজেৰে চিত্ৰিত হৈছে এনেদৰে-
ভকত মহন্ত সাধুসৱে                   হৰিধ্বনি কৰে উচ্চচৰে৷
শুনি মন হোৱয় পবিত্ৰ৷৷
দবা-ঘন্টা-তাল-কৰতাল                  মৃদংগ গোমুখ বাজে ভাল
সিসবে মনক মোহি নিছে৷১২
অসমীয়া বৈষ্ণৱ সাহিত্যত ‘ৰাধা’ৰ স্থান নাই৷ কিন্তু বেজবৰুৱাই কৃষ-ৰাধা বিষয়ক কেইবাটাও ৰসাল কবিতা ৰচনা কৰিছে৷ এই ক্ষেত্ৰত কবি বাংলা বৈষ্ণৱ পদাৱলীৰ কৃষপ্ৰেম ধৰ্মী গীতৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি ভাবিব পাৰি-
বৃন্দাবনতে কোনে বাঁহী বায় এহে,
                  আমি শুনি গ’লোঁ ধ্বনি হে,
নাকে বাঁহী বায়, আঙুলি বুলাই এহে,
                  ৰাধা ৰাধা বোলে বাণী হে৷১৩
‘‘বেজবৰুৱাই ‘বাঁহী’ নামৰ দুটা কবিতা আৰু দুটা গীত ৰচনা কৰিছে৷ তাৰে এটা গীত লঘু৷ বাঁহীৰ আৱিষ্কাৰক কৃষ্ণ- ‘‘কৃষ্ণই কৈলে আৱিষ্কাৰ, গোপীক দিলে সমাচাৰ৷’’ লঘু হ’লেও তাৰ বিষয় বৈষ্ণৱাদৰ্শৰ গোপী-কৃষ্ণহে৷’’১৪
বেজবৰুৱাৰ ‘বাঁহী’ কবিতাটিৰ মাজেৰে ৰাধা কৃষৰ প্ৰেমৰ এখনি সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে৷ ‘‘কৃষ্ণৰ বাঁহীৰ সুৰে শত শত গোপীকে ধৰি কৃষ ভক্তিত নিমজ্জিত ‘ৰাধা’ক ঘৰত ৰাখিব নোৱাৰে৷ কৃষ্ণৰ বাঁহীৰ সুৰে ৰাধাক কেনেদৰে লাজ-মান নেওচি কৃষ্ণৰ প্ৰতি আকৰ্ষিত কৰিছে, কৃষ্ণৰ বাঁহীৰ মাতত ‘ৰাধিকা’, ‘ৰাধা’, ধ্বনি উচ্চাৰিত হৈছে তাকো গীতটিৰ মাজত প্ৰকাশিত হৈছে- ’’১৫

কোনেনো বজাইছে বাঁহী সন্ধিয়া বেলিকা?
কোনেনো সুৰেৰে মাতে ৰাধিকা ৰাধিকা?
গধূলি বতাহ ধীৰে ৰিব্‌ ৰিব্‌ বয়,
কোনে ‘‘ৰাধা’’ বুলি মাতে হই তন্ময়?
                  নোৱাৰোঁ ঘৰত ৰ’ব টানে বাঁহী মোক,
                  লাজ ভয় সকলোতে নেওচা পৰোক৷৷১৬
সেইদৰে, ‘ৰাধা আৰু সখীসকল’, ‘চন্দ্ৰা-ৰাধাৰ দ্বন্দ্ব’, ‘বৃন্দা-চন্দ্ৰাৱলী সংবাদ’ কবিতাৰ মাজেৰেও ৰাধা আৰু অন্য গোপীসকলৰ মাজত থকা সম্পৰ্কৰ কথা প্ৰকাশিত হৈছে৷
‘‘বেজবৰুৱাৰ দ্বাৰা প্ৰকাশিত আলোচনীখনৰ নাম আছিল ‘বাঁহী’৷ ‘বাঁহী’ বেজবৰুৱাৰ বাবে এটা প্ৰতীক হৈ উঠিল৷ এই বাঁহী কৃষ্ণৰ৷ ‘বাঁহী’ৰ প্ৰথম সংখ্যাৰ প্ৰথমতে ‘বাঁহী’ নামৰ কবিতাৰে উদ্বোধনী গীত গাইছে৷ আত্ম জাগৃতিৰ গীত বাঁহীয়েহে জানে৷ সেই বাঁহীৰে কৃষ্ণই জগত চালনা কৰে৷ সেয়াও বৈষ্ণৱাদৰ্শৰ কৃষ্ণ-সংস্কৃতিৰে প্ৰভাৱ৷’’১৭ বেজবৰুৱাই মাধৱদেৱৰ ‘তেজৰে কমলাপতি পৰভাতে নিন্দ’ বৰগীতটিৰ আৰ্হিত ‘পুৱাৰ বৰগীত’ নামৰ এটা লঘু কবিতাও ৰচনা কৰিছিল-
                  পুৱাৰ বৰগীত

                  ৰাম-শ্যাম
এৰ অসমীয়া কাই ৰাতিপুৱা নিন্দ৷
তোৰ উখৰা মুখ চাওঁ উঠ হেৰ ঢোদ৷৷
ৰজনী বিদূৰ দিশ ধুঁৱলি বৰণ৷
ৰ’দ দেখি নিকানীয়া পুলকিত মন৷৷
আফু গছৰ ফুল ফুলিছে, ভোমোৰা উৰিছে৷
থুপৰিয়ে ঘৰ সাৰি কুন কুন গীত গাইছে৷৷
মণ্ডলৰ টেকেলা মাতে, তোৰ ধৰি নাম৷
‘খাজনা পৰিছে বাকী, ধৰি লই যাম’৷৷
পুহাই গ’ল খৰিলৈ, লখাই গ’ল হাটে৷
কেতেকী এন্ধাৰী গ’ল কলহ লই ঘাটে৷৷
কহে কৃপাবৰ ভাই কিনো তপসাইলি৷
কানিৰ টিকিৰা পুৰি ৰজা সুখ পাইলি৷১৮
আলোচনাৰ পৰা দেখা গ’ল যে, সৰুৰে পৰা ঘৰতে লাভ কৰা সত্ৰীয়া পৰিৱেশৰ প্ৰভাৱত বেজবৰুৱাৰ আন ৰচনাৰ দৰে কবিতাৰ ক্ষেত্ৰতো বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ তদুপৰি শংকৰ-মাধৱৰ ৰচনাৰাজিৰ অধ্যয়নেও বেজবৰুৱাৰ সাহিত্যলৈ বৈষ্ণৱ ঐতিহ্যৰ প্ৰভাৱ কঢ়িয়াই আনিছে৷ বেজবৰুৱাই তেওঁৰ কেইবাটাও কবিতাৰ বিষয়বস্তু মহাভাৰত, ভাগৱতৰ পৰাও গ্ৰহণ কৰিছে৷ কৃষ্ণৰ নিদ্ৰাভংগ, দুৰ্যোধনে অশ্বত্থামাক; দ্ৰৌপদীয়ে অৰ্জুনক, পৰীক্ষিতক শৃংগীৰ শাপ, শমীয়ে শৃংগীক আদি কবিতাৰ বিষয়বস্তু মহাভাৰত, ভাগৱতৰ৷ পাৰ্থিৱ সুখে ঐহিক সুখ আনন্দ দিব নোৱাৰে৷ ঈশ্বৰৰ প্ৰতি থকা প্ৰেম ভক্তিয়েহে মানুহক প্ৰকৃত সুখ প্ৰদান কৰে৷ বৈষ্ণৱ কবিসকলৰ এনেকুৱা ভাবাদৰ্শৰ প্ৰভাৱ বেজবৰুৱাৰ কিছুমান কবিতাৰ মাজত প্ৰতিফলিত হোৱা দেখা যায়৷ জীৱনৰ ক্ষণভংগুৰতা, সংসাৰৰ সুখ-দুখৰ মায়ামমতা, অসমীয়া বৈষ্ণৱ সাহিত্যৰ এনেবোৰ ভাবধাৰা বেজবৰুৱাৰ কবিতাৰ মাজেৰে প্ৰতিফলিত হৈছে৷
পাদটীকা :
১। নগেন শইকীয়া (সম্পা.), বেজবৰুৱা ৰচনাৱলী, (তৃতীয় খণ্ড), পৃষ্ঠা ৪০
২। উল্লিখিত গ্ৰন্থ, পৃ. ৪০
৩। উল্লিখিত গ্ৰন্থ, পৃ. ৪০
৪। উল্লিখিত গ্ৰন্থ, পৃ. ৩৯
৫। উল্লিখিত গ্ৰন্থ, পৃ. ৩২
৬। উল্লিখিত গ্ৰন্থ, পৃ. ৩২
৭। উল্লিখিত গ্ৰন্থ, পৃ. ৩২
৮। উল্লিখিত গ্ৰন্থ, পৃ. ৪৪
৯। উল্লিখিত গ্ৰন্থ, পৃ. ৪১
১০। উল্লিখিত গ্ৰন্থ, পৃ. ৪৩
১১। উল্লিখিত গ্ৰন্থ, পৃ. ৪২
১২। উল্লিখিত গ্ৰন্থ, পৃ. ৪৫
১৩। উল্লিখিত গ্ৰন্থ, পৃ. ১৬
১৪। তিলক বৰা, ‘বেজবৰুৱাৰ বৌদ্ধিক জীৱনত শংকৰদেৱৰ প্ৰভাৱ (প্ৰৱন্ধ), শৈলেনজিৎ শমৰ্া (সম্পা.), আধুনিক অসমীয়া সাহিত্যৰ অগ্ৰদূত লক্ষ্মীনাথ বেজবৰুৱাৰ (প্ৰথম খণ্ড), পৃ. ৪৩
১৫। প্ৰসন্ন কুমাৰ নাথ, ‘বেজবৰুৱাৰ গীতি মানস’ (প্ৰৱন্ধ), মহেশ্বৰ কলিতা (সম্পা), সাহিত্যৰথীৰ সাহিত্য বিচাৰ, পৃ. ৬৭
১৬। নগেন শইকীয়া (সম্পা.), প্ৰাগ উল্লিখিত গ্ৰন্থ, পৃ. ১২
১৭। তিলক বৰা, ‘বেজবৰুৱাৰ বৌদ্ধিক জীৱনত শংকৰদেৱৰ প্ৰভাৱ’ (প্ৰৱন্ধ), শৈলেনজিৎ শমৰ্া (সম্পা.), আধুনিক সাহিত্যৰ অগ্ৰদূত লক্ষ্মীনাথ বেজবৰুৱা (প্ৰথম খণ্ড), পৃ. ৪৪
১৮। নগেন শইকীয়া (সম্পা). বেজবৰুৱা ৰচনাৱলী (চতুৰ্থ খণ্ড), পৃ. ৬৭
সহায়ক গ্ৰন্থপঞ্জী
১। কটকী, প্ৰফুল্ল৷ সাহিত্যৰথী৷ গুৱাহাটী : জ্যোতি প্ৰকাশন, ২০০৮ প্ৰকাশিত৷
২। চলিহা, পৰাগধৰা (সম্পা.)৷ লক্ষ্মীনাথ বেজবৰুৱা শতবাৰ্ষিকী স্মৃতিগ্ৰন্থ৷, ডিব্ৰুগড় : ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৭০ প্ৰকাশিত৷
৩। ডেকা, তৰণী আৰু কামালুদ্দিন আহমেদ (সম্পা.)৷ আধুনিক অসমীয়া সাহিত্যৰ ঐতিহ্য আৰু লক্ষ্মীনাথ বেজবৰুৱা৷ গুৱাহাটী : প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ২০১৪ প্ৰকাশিত৷
৪। শইকীয়া, নগেন (সম্পা.)৷ বেজবৰুৱাৰ ৰচনাৱলী৷ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ খণ্ড৷ গুৱাহাটী : বনলতা, ২০১০ প্ৰকাশিত৷
৫। শৰ্মা, অনুৰাধা (সম্পা.)৷ আধুনিকতাৰ অধিনায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷ গুৱাহাটী : জ্যোতিপ্ৰকাশন, ২০১৪ প্ৰকাশিত৷



Powered by Blogger.