Header Ads

ৰবীন্দ্ৰনাথৰ ‘স্ত্ৰীৰ পত্ৰ’ গল্পত প্ৰগতিবাদী সুৰ


  • বিভা ৰাণী দাস

ৰবীন্দ্ৰনাথৰ ‘স্ত্ৰীৰ পত্ৰ’ গল্পটো নাৰীৰ সমস্যামূলক এটা উল্লেখযোগ্য গল্প৷ ৰবীন্দ্ৰনাথৰ চুটিগল্পসমূহত নাৰী চৰিত্ৰই এক বিশিষ্ট স্থান অধিকাৰ কৰিছে৷ গল্পসমূহত পুৰুষ চৰিত্ৰতকৈ নাৰী চৰিত্ৰসমূহ অধিক উজ্জ্বলতৰ৷ বেছিভাগ গল্পতে নাৰীৰ নানা সমস্যা আৰু সংঘাত মূল বিষয়বস্তু হিচাপে উপস্থাপন কৰা হৈছে৷ গল্পসমূহত নাৰী মুক্তি অষেণৰ পথ লক্ষণীয়ভাৱে অৰ্থবহ হৈ উঠিছে৷ তদানীন্তন সমাজখনত প্ৰচলিত পণপ্ৰথা, বিধৱা-বিবাহ, সহমৰণ প্ৰথা, জাত-পাতৰ ভেদ-ভাব, বহুবিবাহ আদি সামাজিক কু-প্ৰথাসমূহে ৰবীন্দ্ৰনাথক বাৰুকৈয়ে পীড়িত কৰিছিল৷ সমাজৰ প্ৰাচীন ৰক্ষণশীলতা, কুসংস্কাৰ আদিয়ে নাৰীৰ জীৱন বিপন্ন কৰি তুলিছিল৷ গল্পসমূহত এই দিশসমূহ পুংখানুপুংখভাৱে আলোচনা কৰিছে আৰু এই অনিয়মসমূহৰ অসাৰতাও প্ৰতিপন্ন কৰিছে৷ নাৰীৰ প্ৰতি আছিল ৰবীন্দ্ৰনাথৰ আন্তৰিক শ্ৰদ্ধা আৰু সহানুভূতি৷ সেয়েহে তেওঁ নাৰীৰ মাহাত্ম্য উপলদ্ধি কৰি ‘পলাতকা’ কাব্যৰ ‘মুক্তি’ কবিতাত নাৰীক মহীয়সী ৰূপত উদ্ভাসিত কৰি কৈছে এইদৰে—
আমি নাৰী আমি মহীয়সী,

আমাৰ সুৰে সুৰ বেঁধেছে জোৎস্না-বীণায় নিদ্ৰাবিহীন শশী

আমি নইলে মিথ্যা হত সন্ধ্যাতাৰা ওঠা

মিথ্যা হত কাননে ফুল-ফোটা৷’’

(সুদেৱ মুখোপাধ্যায়, সম্পা.পৃঃ ২১)
‘স্ত্ৰীৰ পত্ৰ’ গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ মৃনাল৷ মৃনালে তেওঁৰ স্বামীলৈ লিখা চিঠি এখনত বৈবাহিক জীৱনত লাভ কৰা অনাদৰ, অৱহেলা, যন্ত্ৰণা আদি বিভিন্ন সমস্যাৰ কথা বৰ্ণনা কৰিছে৷ গল্পটো চিঠিৰ আকাৰত বৰ্ণনা কৰা হৈছে৷ গল্পটোৰ মাজেদি ৰবীন্দ্ৰনাথৰ প্ৰতিবাদী কন্ঠ স্পষ্ট হৈ উঠিছে৷ নাৰীৰ অস্তিত্বক সম্পূৰ্ণভাৱে অৱহেলিত আৰু বঞ্চিত কৰা সমাজৰ নীচ মনোভাবৰ বিৰুদ্ধে গল্পটোত নাৰী-চেতনা জাগৃত হৈ উঠিছে৷ ব্যক্তিত্বময়ী নাৰী মৃনালে নাৰীৰ মৰ্যাদাক পদদলিত কৰিব বিচৰা সামাজিক অন্যায়-অবিচাৰক যুক্তি সহকাৰে খণ্ডন কৰিব বিচাৰিছে৷
তদানীন্তন সমাজ-ব্যৱস্থাত নাৰীৰ স্থান গৌণ আছিল৷ পুৰুষপ্ৰধান সমাজখনত বিভিন্ন ক্ষেত্ৰত পুৰুষেহে অগ্ৰাধিকাৰ লাভ কৰিছিল৷ এই ক্ষেত্ৰত নাৰীসকল তেনেই নিমিত্ত মাত্ৰ৷ নাৰীসকল কেৱল ঘৰখনৰ মাজতেই আৱদ্ধ আছিল৷ স্ত্ৰী-শিক্ষাৰ ক্ষেত্ৰতো বাধা-নিষেধ আৰোপ কৰা হৈছিল৷ ঊনৈশ শতিকাৰ আৰম্ভণিতে বাংলাৰ স্ত্ৰী-শিক্ষা অতি শোচনীয় আছিল৷ সান্ত পৰিয়ালত অন্তঃপুৰত শিক্ষাৰ ব্যৱস্থা থাকিলেও সাধাৰণ পৰিয়ালবিলাকত ছোৱালীসকলৰ শিক্ষাৰ কোনো ব্যৱস্থাই নাছিল; বৰঞ্চ পঢ়া-শুনা কৰা ছোৱালীসকলৰ প্ৰতি সমাজে এক বিৰূপ ধাৰণা পোষণ কৰিছিল৷ তেওঁলোকৰ দৃষ্টিত পঢ়া-শুনা কৰিলে ছোৱালী বিধৱা হয় বুলি ভাবিছিল৷ ল’ৰাৰ লগত ছোৱালী পঢ়া-শুনা কৰিলে ছোৱালী অসৎ হ’ব বুলিও ধাৰণা আছিল৷ (স্বপন বসু আৰু ইন্দ্ৰজিত চৌধুৰী, সম্পা. পৃ:২০০)৷
গল্পটোত বৰ্ণনা কৰা অনুসৰি মৃনাল কেৱল ঘৰখনৰ সুচাৰুৰূপে দায়িত্ব পালন কৰা বোৱাৰীয়েই নহয়; মনৰ গভীৰ কোণত কবিসুলভ মন এটাও জাগি আছিল৷ কিন্তু মৃনালে সেই প্ৰতিভাক উন্মুক্তভাৱে দেখুৱাই দিব পৰা নাছিল৷ বোৱাৰীৰ দায়িত্ব পালন কৰাতোৱেই যেন মৃনালৰ ধৰ্ম৷ গৃহস্থালিৰ কাম-কাজৰ মাজতেই থাকি জীৱন কটোৱাৰ বাহিৰে সুপ্ত প্ৰতিভাক বিকাশ কৰাৰ এটা উপযুক্ত পৰিৱেশ নাছিল৷ নাৰী জীৱনৰ এই সীমাবদ্ধতাই মৃনালক প্ৰতিবাদী কৰি তুলিছিল৷ স্বামীলৈ লিখা চিঠিখনত মৃনালে বৈবাহিক জীৱনত লাভ কৰা তিক্ত অভিজ্ঞতাসমূহৰ প্ৰতি ক্ষোভৰ জুইকুৰাহে প্ৰকাশি উঠিছে- ‘‘আমাৰ একটা জিনিস তোমাদেৰ ঘৰকন্নাৰ বাইৰে ছিল, সেটা কেউ তোমৰা জান নি৷ আমি লুকিয়ে কবিতা লিখতুম৷ সে ছাইপাঁশ যাই হোক না, সেখানে তোমাদেৰ অন্দৰমহলেৰ পাঁচিল ওঠে নি৷ সেইখানে আমাৰ মুক্তি; সেইখানে আমি আমি ৷ আমাৰ মধ্যে যা কিছু তোমাদেৰ মেজোবউকে ছাড়িয়ে ৰয়েসে সে তোমৰা পছন্দ কৰ নি, চিনতেও পাৰ নি, আমি যে কবি সে এই পনেৰো বছৰেও তোমাদেৰ কাছে ধৰা পড়ে নি৷ (ৰবীন্দ্ৰনাথ ঠাকুৰ,‘স্ত্ৰীৰ পত্ৰ’, পৃঃ ৩৫৭)
নাৰীৰ প্ৰতি কৰা টুলুঙা মন্তব্যবোৰেও মৃণালক অতিষ্ঠ কৰি তুলিছিল৷ এই কথাসমূহো মৃনালৰ চিঠিখনত উল্লেখ আছে৷ মৃনাল আৰু ভায়েকৰ সন্নিপাত জ্বৰ হোৱাৰ সময়ত মৃনালে আৰোগ্য লাভ কৰি ভায়েকে মৃত্যুমুখত পৰাত ওচৰ চুবুৰীয়াই কৰা মন্তব্যত নাৰী প্ৰতি থকা সমাজৰ তুচ্ছ মনোভাবক অতি স্পষ্টকৈ দেখুৱাই দিছে - পাড়াৰ সব মেয়েৰাই বলতে লাগল, মৃণাল মেয়ে কি না, তাই ও বাচল, বেটাছেলে হলে কি আৰ ৰক্ষা পেত৷ চুৰিবিদ্যাতে যম পাকা, দামি জিনিসেৰ পৰেই তাৰ লোভ৷ (সদ্যোক্ত গ্ৰন্থ; পৃঃ ৬৫৭)৷ এই মন্তব্যৰ দ্বাৰা তথাকথিত সমাজখনত নাৰীৰ স্থান সম্পৰ্কে ধাৰণা কৰি ল’ব পাৰি৷ সমাজৰ নীতি-নিয়মে নাৰীসকলকো ভাবিবলৈ বাধ্য কৰাইছিল যে তেওঁলোক পুৰুষৰ তলতীয়া৷ সেয়েহে প্ৰায়ভাগ নাৰীয়েই প্ৰতিবাদ নকৰি হেলাৰঙে সমাজৰ অন্যায়-অনীতি জীৱনৰ অপৰিহাৰ্য অঙ্গ বুলি ধৰি লৈছিল৷
নাৰীসকলৰ প্ৰতি থকা সমাজৰ নীচ মনোভাবক আন কিছুমান নাৰীৰ দৰে মৃনালে সহজে মানি ল’ব পৰা নাছিল৷ এই কথাসমূহক লৈ মৃনালে অনেক অন্তৰ্দ্বন্দ্বত ভূগিছিল৷ ইয়াৰ উপৰিও মানুহৰ সুখ-দুখ গভীৰভাৱে অনুভৱ কৰাৰ হৃদয় এখনো আছিল মৃনালৰ৷ হঠাতে তেওঁলোকৰ  ঘৰত থাকিবলৈ অহা বৰ জায়েকৰ ভনীয়েক আশ্ৰয়হীনা বিন্দুৰ জীৱনৰ কাৰুণ্যই মৃণালৰ অন্তৰ আবেগত উপচি পৰিছিল৷ বিন্দুৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতি মৃনাল অতিষ্ঠ হৈ পৰিছিল৷ বৰজায়েকৰ ক্ষেত্ৰতো ঘৰখনত কোনো স্বাধীনতা নাছিল৷ আনকি আশ্ৰয়হীনা ভনীয়েকক নিজৰ ঘৰখনত ৰখাৰ সাহসকণো  গোটাব পৰা নাছিল৷ কিন্তু মৃনাল আছিল অতিকে স্পষ্টবাদী৷
বিন্দুৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে মাত নমতাকৈ থাকিব পৰা নাছিল৷ চিঠিখনত মৃনালৰ যুক্তিবাদী চিন্তাৰ প্ৰতিফলন ঘটিছে এইদৰে- আমি সকল দিকে আপনাকে অত অসম্ভৱ খাটো কৰতে পাৰি নে৷ আমি যেটাকে ভালো বলে বুজি আৰ-কাৰও খাটিৰে সেটাকে মন্দ বলে মেনে নেওয়া আমাৰ কৰ্ম নয়- তুমিও তাৰ অনেক প্ৰমাণ পেয়েছে৷ (সদ্যোক্ত গ্ৰন্থ; পৃঃ ৫৭৮)৷ এগৰাকী নাৰী হিচাপে মৃনালে অন্য এগৰাকী নাৰীৰ হৃদয়ৰ তাড়না ভালকৈয়ে উপলব্ধি কৰিব পাৰিছিল৷ সেয়ে বিন্দুৰ প্ৰতি ঘৰখনৰ মানুহে কৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল- বিশ্বসংসাৰে তাৰ যেন জন্মবাৰ কোনো শৰ্ত চিল না; তাই সে কেবলই পাশ কাটিয়ে, চোখ এড়িয়ে চলত৷ তাৰ বাপেৰ বাড়িতে তাৰ খুৰোততো ভাইৰা তাকে এমন একটি কোণও ছেড়ে দিতে চায় নি যে কোণে একটা অনাৱশ্যক জিনিস পড়ে থাকতে পাৰে৷ অনাৱশ্যক আৱৰ্জনা ঘৰেৰ আশে-পাশে অনায়াসে স্থান পায়, কেননা মানুষ তাকে ভুলে যায়; কিন্তু অনাবশ্যক মেয়ে মানুষ যে একে অনাবশ্যক আবাৰ তাৰ উপৰে তাকে ভোলাও শক্ত, সেইজন্যে আঁস্তাকুড়েও তাৰ স্থান নেই৷ অথচ বিন্দুৰ খুড়ততো ভাইৰা যে জগতে পৰমাশ্যক পদাৰ্থ তা বলবাৰ জো নেই৷ (সদ্যোক্ত গ্ৰন্থ; পৃঃ ৫৭৮)৷
অসহায় হ’লে যেন ব্যক্তিসকলৰ ওপৰত সমাজৰ চোকা দৃষ্টি অধিক হৈ পৰে৷ সেই লোকসকলৰ ওপৰত অপযশ, বদনাম আদি জাপি দিবলৈও কুন্ঠাবোধ নকৰে৷ বিন্দুৰ ক্ষেত্ৰতো অসহায়ৰ সুযোগ লৈ তাইৰ ওপৰত নানান অপযশ জাপি দিছিল৷ বিন্দুক চোৰ, পুলিচৰ চোৰাংচোৱা আদি বুলি অপযশ দিয়া কথাবোৰো মৃনালে সহ্য কৰিব পৰা নাছিল৷ আনকি ঘৰৰ মানুহে বিন্দুৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া থিক কৰিছিল৷ বায়েকে বিন্দুৰ হৃদয়ৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব নিদি স্বামীকেই সৰ্বস্ব বুলি ভাবিবলৈ সানা দিছে এইদৰে- জানিস তো বিন্দি, পতিই হচ্ছে স্ত্ৰীলোকেৰ গতি মুক্তি সব৷ কপালে যদি দুখ থাকে তো কেউ খণ্ডাতে পাৰবে৷(সদ্যোক্ত গ্ৰন্থ; পৃঃ ৫৮০)৷ এনেদৰে এগৰাকী সাধাৰণ নাৰীক জোৰ-জুলুমকৈ বৈবাহিক কাৰ্যত লিপ্ত কৰা হৈছিল৷
বিন্দুৰ জীৱনৰ কাৰুণ্য ইমানতে শেষ হোৱা নাছিল৷ আচলতে বিন্দুক এজন মানসিক বিকাৰগ্ৰস্ত লোকলৈহে বিয়া দিয়া হৈছিল৷ শাহুৱেকেও এই ক্ষেত্ৰত বিন্দুক সকলো মানি ল’বলৈ বুজনি দিছিল৷ বেয়া গিৰীয়েকৰ সংখ্যা সংসাৰত কম নহয় বুলি কৈ সেই তুলনাত নিজৰ পুতেক ভাল বুলি কৈ বিন্দুক সেই সম্পৰ্কক গ্ৰহণ কৰিবলৈ বুজনি দিলে৷ নাৰী হৈয়ো নাৰীৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাই বিন্দুক এক জটিল সম্পৰ্কলৈ ঠেলি দিলে৷ কেৱল ল’ৰাজনক উচ্চ স্থান দি বিন্দুক মানুহ হিচাপে অকণো মযৰ্াদা নিদি অতি নিদাৰুণভাৱে কৈছে- ও তো মেয়ে মানুষ বৈ তো নয়৷  ছেলে হোক না পাগল, সে তো পুৰুষ বটে৷’’(সদ্যোক্ত গ্ৰন্থ; পৃঃ ৫৮১)৷ গল্পটোৰ প্ৰসংঙ্গত নীহাৰঞ্জন ৰায়ৰ এষাৰ মন্তব্য প্ৰণিধানযোগ্য- আমাদেৰ সমাজেৰ নাৰীৰ কোনো মূল্য ছিল না, কন্যা হিসাবে, স্ত্ৰী হিসাবে মা হিসাবে নাৰীৰ প্ৰতি একটি ৰোমান্টিক দৃষ্টি ও তজ্জনিত প্ৰীতি এবং শ্ৰদ্ধাও ছিল, কিন্তু পাৰিবাৰিক সম্পৰ্ক নিৰপেক্ষ নাৰী হিসাবে নাৰীৰ মূল্য কিছুই ছিল না; শুধু আমাদেৰ দেশে নয়, কোনো  দেশেই ছিল না৷ এই নাৰীৰ মূল্য অপেক্ষাকৃত বৰ্তমান যুগেৰ আবিষ্কাৰ, আৰ্থিক ও সামাজিক বিবৰ্তনৰ ফল৷ য়ুৰোপে এবং পাশ্চাত্য দেশে এই ফল, আবিষ্কাৰেৰ সূচনা দেখা দিছিল উনবিংশ শতিকাৰ গোড়াতেই, কিন্তু তাহাৰ প্ৰকাশ দেখা গ’ল৷ সে শতাব্দীৰ তৃতীয় ও চতুৰ্থ পাদে এবং পূৰ্ণতাৰ বিকাশ আমৰা দেখিলাম প্ৰথম মহাযুদ্ধেৰ পৰ৷ সে ঢেউ যে আমাদেৰ নিস্তৰঙ্গ সমুদ্ৰটে আসিয়া লাগিল তাহাৰ প্ৰথম পৰিচয় পাওৱা গেল ‘স্ত্ৰীৰ পত্ৰে’৷ (নীহাৰঞ্জন ৰায়, পৃঃ ৩৭৫)৷
পৰিশেষত ক’ব পাৰি মৃনালৰ চিঠিখনৰ মাজত নাৰীৰ প্ৰতি কৰা সমাজৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে৷ লগতে মৃণালৰ মানৱতাৰ গুণটোও অতি স্পষ্টকৈ ফুটি উঠিছে৷ মানৱতাক অন্তঃকৰণেৰে উপলব্ধি কৰিলেহে সমাজৰ কলুষ-কালিমাবোৰ কিছু পৰিমামে লাঘৱ হ’ব বুলি ধাৰণা কৰিব পাৰি৷ চিঠিখনৰ কথাৰ মাজত নাৰীৰ স্বাভিমানক মৰ্যাদা সহকাৰে জীয়াই ৰখাৰ ইংগিত বহন কৰিছে৷ এই ক্ষোভ অকল চিঠিখনৰ লেখিকা মৃনালৰেই নহয় সমগ্ৰ নাৰী জাতিৰ অন্তৰত উমি উমি জ্বলি থকা বেদনাৰ সামগ্ৰিক ছবিখনেই যেন অতি সন্তৰ্পণে গল্পকাৰে আঁকি উলিয়াইছে৷ গল্পটোৰ মাজত নাৰীবাদী সুৰ ব্যঞ্জিত হৈছে৷
গ্ৰন্থপঞ্জীঃ
১) ঠাকুৰ, ৰবীন্দ্ৰনাথ : গল্পগুচ্ছ: ৰবীন্দ্ৰনাথ ঠাকুৰ, এস. বি এস. পাবলিকেশন, কোলকাতা, ২০১২, ১ম প্ৰকাশ৷
২) বসু, স্বপন আৰু চৌধুৰী, ইন্দ্ৰজিত (সম্পা.) : উনিশ শতকেৰ বাঙালি জীবন ও সংস্কৃতি, পুস্তক বিপনি, ২০১৫, ২য় সংস্কৰণ৷
৩) মুখোপাধ্যায়, সুদেৱ ( সম্পা.) : ৰবীন্দ্ৰ ৰচনাৱলী, ৮ম খণ্ড, কামিনী প্ৰকাশালয়, কলকাতা, ২০০২৷
৪) ৰায়, নীহাৰৰঞ্জন : ৰবীন্দ্ৰ সাহিত্যেৰ ভূমিকা, নিউ এজ পাবলিশাৰ্স, ২০১০, ১ম প্ৰকাশ৷

No comments

Powered by Blogger.