Header Ads

ভূপেন হাজৰিকাৰ গীতত দেশপ্ৰেম


  • ৰেৱত মহন্ত

সাগৰ সংগমত সাঁতুৰি-নাদুৰি ক্লান্ত নোহোৱা সৰ্বকালৰ শ্ৰেষ্ঠ সংগীত শিপ্লী, ১৯২৬ চনত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাদেৱে কলা-সংতিৰ মাজেৰে এখন সংগীতৰ সমাজ গঢ়িছিল৷ গীতসমূহৰ মাজত প্ৰতিভাত হৈছিল কৃষ্টি-সংতি, আৱেগ-অনুভূতি, সংগ্ৰাম, দেশপ্ৰেম তথা হাঁহি-কান্দোনৰ ন ন ছবি৷ তেখেতৰ পৰিচয় মানেই যেন এটি গীতৰ পৰিচয়৷ জন্মভূমিৰ প্ৰতি থকা অগাধ প্ৰেম তথা অসম মাতৃক বিশ্ব দৰবাৰলৈ লৈ যোৱা এইজনা ব্যক্তিৰ ভালেসংখ্যক গীতত দেশপ্ৰেমৰ ছবি ফুটি উঠিছে৷ তেখেতৰ ভাষাত মোৰ গীতত, মোৰ সুৰত, মোৰ কণ্ঠত, অসমৰ মাটিৰ সুবাস আছে৷ অসমৰ মাটিৰ সুৰৰ ভেটিতেই সজাওঁ মোৰ কণ্ঠত বিশ্ববিজয়ী গীতৰ প্ৰজা৷’০১ মানুহৰ বাবে সমাজৰ সকলোশ্ৰেণীৰ, সকলো জাতিৰ মানুহৰ বাবে গীত গোৱা হাজৰিকাদেৱৰ জন্মভূমিৰ প্ৰতি আছিল অপৰিসীম শ্ৰদ্ধা৷ এই আলোচনাত হাজৰিকাদেৱৰ গীতত কিদৰে দেশপ্ৰেমৰ ছবি ফুটি উঠিছে সেই সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম৷

অসমীয়া জাতিৰ প্ৰাণৰ গীত গোৱা ভূপেন হাজৰিকাই মানুহৰ বাবে গীত গাইছিল৷ মানুহৰ মাজত একতাৰ বান্ধোন দৃঢ় কৰাৰ প্ৰচেষ্টাৰে মানুহে মানুহৰ বাবে অলপ হ’লেও চিন্তা কৰাৰ মানসেৰে তেওঁ গীত সমূহ ৰচিছিল৷ ফলত দেশৰ প্ৰতি থকা ভালপোৱা তথা স্বদেশানুৰাগৰ ছবিখনি জিলিকি উঠিছিল৷ এতিয়াৰ জনগণৰ মাজত থকা দেশপ্ৰেমৰ পৰা তেওঁৰ দেশপ্ৰেম যেন বিপৰীত; যাৰ গুৰুত্ব বৰ্তমান সময়ত অপৰিসীম৷ কিদৰে জন্মৰ পৰা মৃত্যুলৈকে এই অবিৰত যাত্ৰাপথত প্ৰত্যেক খোজত তেওঁৰ গীতত দেশপ্ৰেম জাগি উঠা দেখা যায়৷

গীতত দেশপ্ৰেম :

দেশপ্ৰেম গীতৰ এটি প্ৰধান বিষয়৷ জাতীয় প্ৰেম দেশপ্ৰেম এক গভীৰ অৰ্থবোধক অভিধা; য’ত নিহিত হৈ থাকে দেশৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু আনুগত্য৷ Patriotism শব্দটোৰ অসমীয়া প্ৰতিশব্দ দেশপ্ৰেম৷ Patric মানে পিতৃ আৰু Patriotism মানে পিতৃভূমি৷ অৰ্থাৎ পিতৃভূমিৰ প্ৰতি অগাধ ভালপোৱাই Patriotism৷ ইতিহাস সৃষ্টিকাৰী প্ৰতিটো যুগতে পিতৃভূমি অৰ্থাৎ জন্মভূমিৰ প্ৰতি থকা ভালপোৱাটো মানুহৰ সহজাত প্ৰবৃত্তি৷ কবিতা, গীত, নাটক আদি সকলোৰে মাজেৰে দেশপ্ৰেম উদ্বুদ্ধ হ’ব পাৰে৷ গীতসমূহৰ মাজত সাধাৰণতে দেশপ্ৰেমৰ দুটা ৰূপ লুকাই থাকে৷ সেয়া হ’ল বিদ্ৰোহ আৰু আশাবাদ৷ যিদৰে কেতিয়াবা গীতিকাৰসকলৰ স্পৰ্শকাতৰ মনত দেশলৈ থকা সীমাহীন প্ৰীতিয়ে স্পন্দন তোলে, ঠিক সেইদৰে দেশ আৰু জাতিৰ দুৰ্দশাই ক্ষোভৰো সৃষ্টি কৰে৷ তেঁলোকে সদায়েই পোষণ কৰে সবল আশা৷ যাৰ লক্ষ্য এখন সবল আৰু সুন্দৰ মাতৃভূমি গঢ়ি তোলা৷ প্ৰকৃততে এই দেশপ্ৰেম মানৱ মনৰ এক ঐকান্তিক মহানুভৱতা৷ এই মহানুভৱতা নিহিত থাকে দেশবাসীৰ ঐক্য, আবেগ আৰু সাৰ্বজনীন অনুভূতি৷

ভূপেন হাজৰিকাৰ গীতত দেশপ্ৰেম :

অসমৰ জাতীয় জীৱনৰ গুৰি ধৰোতা তথা অসমীয়া ভাষা সাহিত্য সংতিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱা, কলা-সংতিৰ মাজেৰে সমাজ গঢ়া শ্ৰীমন্ত শংকৰদেৱৰ দৰে ভূপেন হাজৰিকাদেৱেও এখন সংগীতৰ সমাজ গঢ়িছিল৷ জাতিৰ বাবে, সমাজৰ বাবে, গীত গোৱা তেওঁৰ গীতসমূহৰ মাজত সিঁচৰিত হৈছিল প্ৰেম, ভালপোৱা, প্ৰকৃতি, সংগ্ৰাম, সমাজ চেতনা, দেশপ্ৰেম আদিৰ ছবি৷ গীতিকাৰ, সুৰকাৰ, সংগীতশিপ্লী ভূপেন হাজৰিকাৰদেৱৰ জন্মভূমিৰ প্ৰতি আছিল অপৰিসীম শ্ৰদ্ধা৷ অসমী আইৰ বিনন্দীয়া ৰূপত মোহিত হোৱা তেওঁ নিজ জন্মভূমিৰ সৌন্দৰ্য সুষমা অৱগত কৰিছে এনেদৰে-

‘অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’

প্ৰকৃততে ভূপেন হাজৰিকা আধুনিক অসমীয়া সংগীতৰ সৰ্বশ্ৰেষ্ঠ সংগীতকাৰ, কণ্ঠশিপ্লী আৰু সময়ৰ সৈতে সমানে খোজ মিলাই যোৱা এক অসাধাৰণ প্ৰতিভাসম্পন্ন গীতিকাৰ৷ সমগ্ৰ জীৱন যাযাৱৰী হৈ পাৰ কৰা হাজৰিকাদেৱে ৰূপহী অসমী আইক কিন্তু বুকুৰ উম দি এক ৰূপত জগাই তুলিছিল৷ তেওঁৰ দৃষ্টিত অসম দেশ বৰ্তমানৰ ৰাজনৈতিক অসম নহয়, বিশাল ভাৰতবৰ্ষৰ উত্তৰ-পূব দিশত অৱস্থিত তেওঁৰ প্ৰাণৰো প্ৰাণৰ সেইখন দেশ, য’ত মাউৰা সন্তানেও পাই মাতৃৰ কোলাৰ উম৷ অসমী ধৰিত্ৰীৰ প্ৰত্যেক সন্তানৰ বাবে অপৰিসীম ভালপোৱাৰ মাতৃ৷ যি মাউৰা হৈয়ো সোমাই থাকে মাতৃৰ প্ৰেমত ডুব যোৱা এক অন্তহীন সত্তা-

‘মই হ’লো মাউৰা ল’ৰা

মোৰ আই নাই;

কাবৌ কৰোঁ ধৰিত্ৰী মোৰ

তুমি হ’বা আই’

দেশৰ অন্যায়, হিংসা, শোষণ আদি দেখি তেওঁ যেন জ্বলি উঠিছিল৷ জনতাৰ কোলাহল দেখি এই অত্যাচাৰী দমনকাৰীসকলৰ বিৰুদ্ধে থিয় হৈ আশাবাদাৰ পোষকতা কৰি নতুন এখন দেশ গঢ়াৰ চেষ্টাৰ ছবি ফুটি উঠিছে-

‘অগ্নিযুগৰ ফিৰিঙতি মই

নতুন ভাৰত গঢ়িম

সৰ্বহাৰা সৰ্বস্ব

পুনৰ ফিৰাই আনিম

নতুন অসম গঢ়িম৷’

আকৌ কেতিয়াবা দেশমাতৃক জীয়াই ৰাখিবলৈ হাজাৰ বিভীষিকা আঁতৰ কৰি নতুন প্ৰজন্মৰ চকুৰে নতুন দেশ গঢ়াৰ সপোন তেওঁৰ গীতত দীপ্তমান-

‘মই বিচাৰিছো হেজাৰ চকুত

দীপ্ত সূৰ্য শিখা

এই ভয়াবহ যুগসন্ধিৰ

নাশিবলৈ বিভীষিকা৷’

কেৱল দেশৰ বাবেই অহৰ্নিশে চিন্তা কৰোঁতা ভূপেন হাজৰিকাৰ গীতত আশা আৰু হতাশাৰ দুয়োখন ছবিয়েই ফুটি উঠা দেখা যায়৷ জন্মভূমি অসমক মাতৃস্বৰূপ জ্ঞান কৰি অসমী আইৰ প্ৰতি থকা প্ৰেম তেওঁ বিভিন্ন গীতত দেখা পোৱা যায়, য’ত প্ৰতিফলিত আশাবাদৰ প্ৰতিছবি৷ প্ৰকৃতিৰ অনাবিল ৰূপ সিঁচৰতি হৈ পৰে জোনাকীৰ পোহৰে বাট পোহৰাই-

‘জোনাকৰে ৰাতি অসমীৰে মাটি

জিলিকি জিলিকি পৰে

মলয়াৰে ছাটি দুহাতে সাৱটি

ধুনীয়া মালতী সৰে’

পূৰ্ণিমাৰ ৰাতি ভৰা জোনাকত বিশ্ব সংসাৰ যেতিয়া সুখ নিদ্ৰাত মগ্ন হৈ থাকে তেতিয়াই যেন তেওঁ কটায় বিনিদ্ৰ ৰজনী জোনাকত জিলিকি উঠা দুৰ্ভগা অসমৰ ৰূপে হৰি নিয়ে সুখ আৰু শান্তি৷ তেওঁ অনুভৱ কৰে অসমবাসীৰ অজ্ঞতাৰ কথা৷ দেশৰ দুৰ্দশা, কোলাহল দেখি তেওঁ অস্থিৰ হৈ পৰিছে৷ নিজ দেশৰ মান মৰ্যাদা হেয় হৈ যোৱাত দেশমাতৃৰ পুত্ৰ হৈ এই কাল আন্ধাৰ তেওঁৰ বাবে অসহ্যকৰ হৈ পৰিছে আৰু দেশৰ দুৰ্দশা দেখি তেওঁৰ যেন অন্তৰ আত্মা কঁপি উঠিছে৷ তাৰে ছাঁ দেখা যায় এনে গীতত-

‘দেশৰে চন্দ্ৰমা কাল আন্ধাৰে আৱৰে

অগণি কালিকা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে

বুকু হম হম কৰে মোৰ আই

কোনে নিদ্ৰা হৰে মোৰ আই

পুত্ৰ হৈ মই কি মতে তৰো

আই তোৰে হৈ মই মৰো৷’

কেৱল নিজৰ প্ৰাপ্য বিচাৰি নিজৰ স্বাৰ্থত দৌৰি ফুৰা জনগণে নিজকেই যেন নিচিনা হৈছে৷ ৰসাতলে যাব ধৰা অসমৰ জনগণৰ স্বাৰ্থপৰতাত তেওঁ ক্ষুব্ধ হৈ পৰিছে৷ নিজৰ দেশৰ প্ৰতি, নিজৰ জাতিটোৰ প্ৰতি সজাগ কৰি তুলিবলৈ কৰা তেওঁৰ যেন এয়া এক অনন্য চেষ্টা-

‘আমি অসমীয়া নহওঁ দুখীয়া

বুলি সানা লভিলে নহ’ব

আজিৰ অসমীয়াই নিজক নিচিনিলে

অসম ৰসাতলে যাব৷’

সমাজৰ অৱক্ষয়ৰ অনুভূতি তেওঁৰ গীতত দেখা পোৱা যায়৷ দিনে দিনে বাঢ়ি অহা মানুহৰ পশুত্বই জনজীৱন বিষাক্ত কৰি তুলিছে৷ সেই বিষে সহজেই হাজৰিকাদেৱক স্পৰ্শ কৰিছিল৷ স্পৰ্শকাতৰ হাজৰিকাদেৱে স্বদেশ আৰু স্ব-জাতিৰ তিল তিলকৈ ঘটা অপমৃত্যু গভীৰ ক্ষোভেৰে অনুভৱ কৰে৷ দেশৰ জনগণৰ এচামে দেখিও নেদেখা ভাওঁ ধৰা স্বভাৱে গীতিকাৰক কাতৰ কৰে জীৱন দুখৰ হ’লেও সংগ্ৰামী হ’ব লাগে তাৰেই যেন প্ৰতিধ্বনি শুনা যায় কিছুসংখ্যক গীতত৷ য’ত দানৱৰূপী মানুহৰ অহংকাৰ ধ্বংস কৰাৰ আৰ্তনাদ-

‘(শুন) বুভুক্ষ শিশুৰে আৰ্তনাদ

সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ

সেই সংবাদ শুনিও বধিৰ কিয়?

তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ?

সংগ্ৰাম আন এটি নাম জীৱনৰ

ইতিহাসে চিঞৰে জয় জনতাৰ

ত্ৰাস কৰি দানৱক বধোগৈ আহ’

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা প্ৰশান্ত মহাসাগৰৰ সুবিশাল বক্ষলৈকে বিস্তত অতুলনীয় ব্যক্তিত্বৰ বৰ্ণাঢ্য জীৱন গাঁথাৰে অনুপম ভূপেন হাজৰিকা এটি গান৷ বিস্তীৰ্ণ পাৰৰ অসংখ্য জনৰে হাহাকাৰ শুনি আৰ্তনাদ কৰা তেওঁৰ ভালে সংখ্যক গীতত দেশপ্ৰেম তথা স্বদেশ চেতনা জাগি উঠা দেখা যায়৷ গীতসমূহৰ মাজৰ পৰা তুলি লোৱা এয়া মাত্ৰ এক উদাহৰণহে৷ অসমী আইক হাড়ে-হিমজুৱে ভাল পোৱা মনে-প্ৰাণে মাতৃভূমিক আপোন কৰি লোৱা একনিষ্ঠ সেৱক তথা স্বদেশপ্ৰেমীক গৰাকীৰ ভালেসংখ্যক গীতত অসমী আইৰ ৰূপ-গুণৰ লগতে নতুন দেশ গঢ়াৰ প্ৰয়াসো তেওঁৰ গীতত দেখা পোৱা যায়৷ প্ৰকৃততে প্ৰায়সংখ্যক গীতেই সময় সম্প্ৰীতি তথা স্বদেশানুভূতিৰ সুৰেৰে চিৰদীপ্তমান৷

ভূপেন হাজিৰকাদেৱৰ গীতত দেশপ্ৰেমৰ ছবি প্ৰধানকৈ ফুটি উঠিছে প্ৰতিবাদৰ গীতবোৰত৷ এই প্ৰতিবাদ সমাজৰ প্ৰতি শোষণৰ প্ৰতি এক প্ৰত্যাহবান স্বৰূপ৷ ভালেসংখ্যক গীততে বিদ্ৰোহ, অগ্নি, বিপ্লৱ, ৰঙাসূৰ্য, তেজ আদি শব্দৰ ব্যৱহাৰৰ প্ৰাচুৰ্য লক্ষ্য কৰা যায়৷ স্বদেশ চেতনা মানে কেৱল দেশৰ আকাশ মাটিৰ বন্দনাই নহয়৷ খং, ঘৃণা, প্ৰতিবাদ আৰু আশাভৰা দৃঢ় সংকপ্লই তেওঁৰ গীতৰ মাজত স্বদেশ চেতনাৰ ইংগিত দিয়ে৷ তেওঁৰ গীতৰ মাজত সোমাই থকা এই দেশ প্ৰেম এক বিশ্লেষণৰ বিষয়, যি নতুন প্ৰজন্মৰ এক আদৰ্শময় বাহক হ’ব পাৰে৷
পাদ টীকা

০১। বৰা, ৰূপজ্যোতি৷ ড০ ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ৷ স্বৰ্ণলিপি, নৱেম্বৰ৷ ২০১৬ : ১৬-১৭৷ প্ৰকাশিত৷
সহায়ক গ্ৰন্থপঞ্জী

মুখ্য উৎস

ড০ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ (সম্পাঃ)৷ সূৰ্য্য হাজৰিকা৷ ২০০৮৷ প্ৰকাশিত৷
গৌণ উৎস

কুমাৰ দত্ত, দিলীপ৷ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ৷ বনলতা, ২০১১৷ প্ৰকাশিত৷
দত্ত, নম্ৰতা (সম্পাঃ)৷ ভূপেন দা৷ ২০১১৷ প্ৰকাশিত৷
পূজাৰী, অৰ্চনা৷ (সম্পাঃ)৷ ড০ ভূপেন হাজৰিকাৰ গীতৰ মূল্যায়ন৷ প্ৰকাশিত
ৰায়চৌধুৰী, ভূপেন্দ্ৰ৷ বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা৷ ৰেখা প্ৰকাশন, ২০১১৷ প্ৰকাশিত


No comments

Powered by Blogger.