Header Ads

বেজবৰুৱাৰ ৰচনাৱলীত অসমীয়া নাৰী


  • ৰাজেন্দ্ৰ ভাগৱতী

বেজবৰুৱাৰ কৃপাবৰী ৰচনাত অসমীয়া নাৰী :
বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহতো নাৰী চৰিত্ৰৰ ৰূপায়ণ নঘটাকৈ থকা নাই৷ অৱশ্যে কৃপাবৰী ৰচনাত নাৰী চৰিত্ৰৰ অৱতাৰণা কিছু কম৷

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা :কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ অন্তৰ্গত সমাজিক নামৰ ৰচনাখনিত নাৰী চৰিত্ৰ হিচাবে এগৰাকী ৰ্ষোল্ল বছৰীয়া দীপলিপ ছোৱালীক লগ পাওঁ৷ কৃপাবৰৰ কথাত-নগৰ সোমাই অলপমান গৈয়েই এটা অপূবৰ্ব বস্তু মোৰ চকুত পৰিল৷ ফলে ফুলে সুশোভিত, নানা প্ৰকাৰ চৰাই-চিৰিকতিৰে ভৰা এখন উপবনৰ মাজত এজনী ৰ্ষোল বছৰীয়া দীপলিপ ছোৱালীয়ে এটা বান্দৰৰ ভৰিত ধৰি কান্দি-কাতি কাকুতি-মিনতি কৰি ক’ত কি কৈ হুৰিছে; বান্দৰটোৱে কিন্তু তাইৰ ফালে পিঠি দি আৰু তাইৰ কথালৈ কাণ নকৰি আন কিবা কথা ভাবি আছে৷ এই হেন ৰূপৱতী ছোৱালীজনীৰ এনে দুৰৱস্থা দেখি মোৰ নথৈ বেজাৰ লাগিল৷ দূতক এইটো কথাৰ অৰ্থ সুধিলত সি ক’লে, এই ছোৱালীজনীক এটা মানুহে সি জন্মত বৰ ভাল পাইছিল৷ সি এইৰ নিমিত্তে বলিয়া হোৱাৰ নিচিনা হৈছিল৷ দিনে ৰাতিয়ে এইক কেনেকৈ দেখা পাই থাকোঁ, কেনেকৈ দেখা পাই থাকোঁ, এইহে তাত চিন্তা আছিল৷ এইৰ কৃপাদৃষ্টি পাবলৈ সি যত কাবৌ-কোকালি কৰিছিল, তত এই তাৰ প্ৰতি ঘৃণা প্ৰকাশ কৰিছিল৷ এই পাপৰ ফলত এই মৰি এতিয়া জ্ঞানশূন্য এই বান্দৰটোৰ মৰমৰ পাত্ৰ হ’বলৈ দিনে ৰাতিয়ে কান্দি-কাতি বিয়াকুল হৈছে৷২৩

সম্ভৱতঃ সেই সময়ৰ সমাজত এক শ্ৰেণীৰ নাৰীয়ে নিজৰ ৰূপ-যৌৱনক লৈ ব্যস্ত হৈ আছিল৷ এনে চাম নাৰীৰ কিছুমানে তাইৰ ৰূপত ভোল যোৱা প্ৰেমিকসকলক অৱজ্ঞা কৰিছিল৷ সেই প্ৰেমিকসকলে নানা চেষ্টা কৰিও এওঁলোকৰ ভালপোৱা আদায় কৰিব পৰা নাছিল৷ আনহাতে আকৌ কিছুমান নাৰীয়ে অপাত্ৰত প্ৰেম নিবেদন কৰি ব্যৰ্থ হৈ পৰিছিল৷ সমাজত এনে ঘটনা প্ৰায়ে ঘটি থাকে৷ বহুতৰে এতিয়াও ব্যৰ্থ প্ৰেমে জীৱন ধ্বংস কৰি আছে৷ সমাজৰ এনে ঘটনাকে কৃপাবৰে হাস্যৰসৰ মাজেদি দাঙি ধৰিব বিচৰা যেন লাগে৷

কৃপাবৰ বৰুৱাৰ ওভতনি :কৃপাবৰ বৰুৱাৰ ওভতনিৰ অন্তৰ্গত টকৰুৰ দৌৰাত্ম্য নামৰ ৰচনাখনিত নাৰী চৰিত্ৰ হিচাবে টকৰুৰ পত্নী থুপৰীক লগ পাওঁ৷ থুপৰী টকৰুৰ লগত কলিকতালৈ ফুৰিবলৈ আহি কৃপাবৰৰ ঘৰ পায়৷ কৃপাবৰে লোটা-কাঁহী-কলহৰ থৈলা এটা আৰু শোৱাপাটিৰ নুৰা এটা লৈ তেওঁৰ ঘৰ সোমোৱা এই পৰিয়ালটিক দেখি বিৰক্তি অনুভৱ কৰি বুদ্ধি কৰি পুলিচৰ ভয় দেখুৱাই কৈছে- পুলিচে তেওঁলোকক বিচাৰি ফুৰিছে, গতিকে গধূলিৰ ৰেলগাড়ী উভতিযোৱাই মঙ্গল৷ থুপৰীয়ে কৃপাবৰ পৰা যোৱা ভাড়া আৰু তাৰ উপৰিও একুৰি টকা আদায় কৰি গিৰিয়েকৰ সৈতে উভতি গৈছে৷ থুপৰীৰ কথা-বাৰ্ত্তাত অসমীয়া গাঁৱলীয়া নাৰীৰ বৈশিষ্ট্য সুন্দৰ ৰূপত প্ৰকাশ পাইছে৷ভাদৈৰ বিলাপ নামৰ ব্যঙ্গ কবিতাটিত ভদাই নামৰ কানিয়া এজনৰ পত্নী ভাদৈ নামৰ নাৰী চৰিত্ৰ এটি পোৱা যায়৷ তাইৰ বিলাপৰ জৰিয়তে কানি আদি খাই অকালতে জীৱন পাত কৰা বা ইয়াৰ জৰিয়তে সৰ্বশ্ৰান্ত হোৱা অৱস্থাত নাৰীসকলে ভোগ কৰা দুখ কষ্টৰ কথাকে হাস্যৰসৰ মাজেদি ডাঙি ধৰিব বিচাৰিছে৷

বৰবৰুৱাৰ বুলনি :বৰবৰুৱাৰ বুলনিৰ অন্তৰ্গত সন্তৰাম নামৰ ৰচনাখনিত বিজুলী নামৰ নাৰী চৰিত্ৰ এটি উপস্থাপিত হৈছে৷ বিজুলীক দহ বছৰ বয়সত কন্যাকাল হোৱাৰ আগতে বিশ বছৰ বয়সীয়া সন্তৰাম বৰুৱা নামৰ লোক এজনৰ সৈতে বিয়া দিয়া হৈছিল৷ কন্যাকাল হোৱাৰ পিছত শান্তি বিয়া কৰাই বিজুলীক সন্তৰামৰ ঘৰলৈ ৰীতিমতে অনা হয়৷ তাৰ পিছত শাহুৱেকৰ বোৱাৰীয়েকৰ ওপৰত অত্যাচাৰ চলিল৷ বেচেৰীয়ে মাক-বাপেকৰ ঘৰলৈ যোৱাৰ সুবিধাৰ পৰাও বঞ্চিত হ’ল৷ আনকি বিহুতো মাক-বাপেকৰ ঘৰলৈ নিবলৈ অনুমতি নাপালে৷ অত্যাচাৰৰ মাত্ৰা বৃদ্ধি পোৱাত তিনি বছৰৰ পিছতে বেচেৰীয়ে জীৱন ত্যাগ কৰিবলগীয়াত পৰিল৷ গিৰিয়েকে তাইৰ হৈ একোকে কৰিবলৈ সাহস গোটাব নোৱাৰিলে৷ অসমীয়া সমাজত প্ৰায়ে এনে ঘটনা ঘটিয়েই আছিল৷ নাৰী নিৰ্যাতনৰ উদাহৰণস্বৰূপে দাঙি ধৰা বিজুলী চৰিত্ৰ এটি সাৰ্থক নাৰী চৰিত্ৰ বুলিব পাৰি৷ বৰবৰুৱাৰ মালাশ্ৰম নামৰ ৰচনাখনিত পৰিমল নামৰ নাৰী চৰিত্ৰ এটি পোৱা যায়৷ পৰিমল টি প্লেণ্টাৰ টি বৰুৱাৰ কন্যা৷ মীনাৰাম নামৰ আই এ পাচ যুৱক এজনে তাইক দেখি প্ৰেমত পৰিল আৰু সন্যাসীৰ বেশ ধৰি পৰিমলক হৰণ কৰি নাৱত উঠাই ভটিয়াই আহে৷ ভোকত মিৰি গাঁও এখনত উঠাত গাঁৱৰ মানুহে চোৰ বুলি পুলিচক গতাই দিয়ে৷ পিছদিনা গুৱাহাটীৰ কাছাৰীত মীনাৰামক বেত দি এৰি দিয়ে আৰু পৰিমলক বাপেকৰ হাতত চমজাই দিয়ে৷ লগে লগে প্ৰেমৰো পতন ঘটে৷ ক্ষন্তেকীয়া প্ৰেমক লৈ ব্যস্ত থাকিব বিচৰা শিক্ষিত চাম যুৱক-যুৱতীৰ প্ৰেমৰ প্ৰতি বিদ্ৰূপ কৰিবলৈ দাঙি ধৰা নাৰী চৰিত্ৰ হিচাবে পৰিমলক সাৰ্থক নাৰী চৰিত্ৰ বুলিয়েই ক’ব পাৰি৷ জাৱৰৰ পাচি বৰবৰুৱা নামৰ ৰচনাখনিত বিহু নাচ নচা নাচনী ছোৱালীৰ চৰিত্ৰ উপস্থাপিত হৈছে৷ সম্ভৱতঃ নাচনী কেইগৰাকী কোনো জনজাতীয় সম্প্ৰদায়ৰ৷ ৰাতি এজোপা বৰগছৰ তলত এই নাচনী কেইগৰাকীয়ে ডেকা ল’ৰাৰ লগত বিহু নাচিছিল৷ পুৰণি আমোদ-প্ৰমোদক উদ্ধাৰ কৰিবলৈ অহা এজন শিক্ষিত ডেকাই বিহু নাচ চাবলৈ অহাত নাচনী কেইগৰাকীয়ে মদেৰে আপ্যায়িত কৰিলে৷ মদৰ নিচাত ডেকাৰো গা উঠিল৷ বিহু ভঙাৰ পিছত মদৰ নিচাত থৰক-বৰক ডেকাই আমৈয়েকৰ ঘৰ বিচাৰি নাপাই এটা খালত পৰিল৷ কোনোবা এজনে ধৰি নি এঘৰ মানুহৰ বাটত থৈ আহিল৷ ডেকাই সেই ঘৰ মানুহৰ ঘৰত সোমাল৷ ঘৰখন নাচনী এজনীৰে ঘৰ৷ পিচদিনা গাঁৱৰ ৰাইজে গোট খাই পঞ্চায়ত বহে আৰু ডেকাজনক ছোৱালীজনী বিয়া কৰাবলৈ ৰায় দিয়ে৷ বৰবৰুৱাৰ শিষ্যৰ সাহিত্যিক প্ৰতিভা নামৰ ৰচনাখনিত ছজনী ধান দোৱা দাৱনী গাভৰুৰ চৰিত্ৰ দাঙি ধৰা হৈছে৷ এজনী দাৱনীৰ নাম গোলাপী৷ গাভৰুহঁতে দুদিন ধৰি ধান দাই থকা দৃশ্য এজোপা গছৰ তলত বহি থকা ৰঙাই নামৰ কেৰা চকুৱা ডেকা এজনে উপভোগ কৰি আছিল৷ তৃতীয় দিনা ধান দাই ঘৰ মুৱা হোৱা দাৱনীহঁতৰ এগৰাকী (গোলাপী) পাচ পৰাত ৰঙাই তাইৰ কাষ পায়গৈ৷ গাভৰুৱে চৰমাৰি ৰঙাইক বগৰাই দিয়ে৷ দুবাৰকৈ চৰ খাইও পুনৰ কাষলৈ যোৱা ৰঙাইক মিঠা কথাৰে ভুলাই আগে আগে যাবলৈ দি পিছফালৰ পৰা কঁকালৰ জোৰাত এক গোৰ মাৰি গোলাপী বিজুলী সঞ্চাৰে আঁতৰি গ’ল৷ নাৰী চৰিত্ৰ হিচাবে গোলাপীক কাৰ্য্য পটু, চতুৰ আৰু নাৰী লুলুপ সকলৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ দিব পৰা গাভৰু ৰূপে দাঙি ধৰিছে৷ বৰবৰুৱাৰ ডিনাৰ টেবুল নামৰ ৰচনাখনিৰ অন্তৰ্গত ফুকনৰ সাধুত এগৰাকী ফুলতে বাৰী হোৱা সম্বলপুৰৰ গাভৰুৰ কথা উপস্থাপিত হৈছে৷ গাভৰু গৰাকীৰ প্ৰকৃতিৰ বুকুত থকা গছ-গছনি, চৰাই-চিৰিকতি, জান-জুৰিৰ মাজতে দিন কটাই আনন্দ উপভোগত মগ্ন হৈ থাকে৷ জীৱনৰ সুখৰ পৰা বঞ্চিতা গাভৰু গৰাকীয়ে প্ৰকৃতিৰ মাজতে প্ৰকৃত সুখৰ সন্ধান পাইছে৷ ইয়াত বাল্য বিবাহে সৃষ্টি কৰা নাৰী জীৱনৰ সমস্যা সম্পৰ্কত সমাজৰ দৃষ্টি আকৰ্ষণৰ প্ৰচেষ্টা চলোৱা বুলি ধাৰণা হয়৷ এইখিনি ৰচনাৰ অন্তৰ্গত শইকীয়াৰসাধুত এগৰাকী অত্যাধুনিকা মহিলাৰ চৰিত্ৰ উপস্থাপন কৰা হৈছে৷ শইকীয়া উপাধিধাৰী এজন লোকৰ পত্নী এই মহিলাগৰাকীয়ে গিৰিয়েকৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰে৷ আনকি গিৰিয়েকৰ কাণতো ধৰিবলৈ কুণ্ঠিত নহয়৷ মহিলাৰ শাসনৰ মুঠিত পৰি শইকীয়া কাবু হৈ পৰে৷ কাশ্মীৰ ভ্ৰমণলৈ যোৱা অৱস্থাতো ঘৈণীয়েকে নিজৰ প্ৰভুত্ব দেখুৱাবলৈ পাহৰ নাই৷ আলসুৱা স্বভাৱৰ এই মহিলা গৰাকীয়ে যাত্ৰাকালত দেখা এটা ঘটনালৈ আঙুলিয়াই দিয়া হয়৷ ঘটনাটো হ’ল এগৰাকী বনুৱা তিৰুতাই কাম কৰি থকা অৱস্থাতে স্বাভাৱিকভাৱে প্ৰসৱ কৰে আৰু প্ৰসৱৰ পিচতে আকৌ কামত ব্যস্ত হৈ পৰে৷ ইয়াৰ পিচত মহিলা গৰাকীয়ে মৌনতা অৱলম্বন কৰে৷ ঘৰলৈ আহি মালিটোক ঘৰৰ গোলাপ আদি ফুলৰ প্ৰতি যত্ন নলবলৈ আদেশ দিয়ে৷ ফুলগছৰ অৱস্থা বেয়া হৈ অহাত শইকীয়াই মালিটোক কামৰ পৰা খেদি দিব বিচৰাত মালিয়ে প্ৰকৃত কথা কোৱাত শইকীয়ানীক ইয়াৰ কাৰণ সোধে৷ শইকীয়ানীয়ে ইয়াৰ জৰিয়তে নিজৰ অসাধাৰণত্ব প্ৰমাণ কৰি দেখুৱাই নিজৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখিলে৷ সমাজত পুৰুষৰ ওপৰত আধিপত্য বিস্তাৰ কৰি নিজৰ শাসনৰ মুঠিত ৰখা মহিলাও নোহোৱা নহয়৷ তেনে এগৰাকী নাৰী চৰিত্ৰৰ প্ৰতিনিধি হিচাবে অঙ্কন কৰা শইকীয়ানীৰ চৰিত্ৰটি সাৰ্থক সৃষ্টি বুলিয়েই কব পাৰি৷ বৰাৰ সাধুতো এগৰাকী অত্যাধুনিকা একেধৰণৰ মহিলাৰ কথা পাওঁ৷ এই গৰাকী মহিলাৰ আচৰণত বৰা উপাধিধাৰী পুৰুষজনৰ সংসাৰ যাত্ৰা কষ্টকৰ হৈ উঠে৷ অৱশেষত বিবাহ-বিছেদ ঘটাইহে শান্তি প্ৰতিষ্ঠা কৰিবলগীয়া হয়৷ বৰবৰুৱাৰ বেতাল ষষ্ঠ বিংশতি (দুই)ত বাঘাম্বৰ শৰ্মা নামৰ এজন উকীলৰ পত্নীৰ চৰিত্ৰ উপস্থাপন কৰা হৈছে৷ উকীলৰ প্ৰথমা পত্নী বৰঠাকুৰৰ কন্যাৰ তিনি বছৰেও ল’ৰা-ছোৱালী নোহোৱাত শাহুৱেক-ননন্দেকৰ অত্যাচাৰত জৰ্জৰিত হৈ পৰে৷ আনকি বাটৰ বাটৰুৱাইও উকীল পত্নীক জগৰীয়া কৰে৷ অৱশেষত উকীল পত্নীয়ে উপাই নাপাই নিজৰ ভনীয়েকৰ লগত উকীলৰ বিয়া পাতি দিলে৷ কালক্রমত উকীলৰ প্ৰথমা পত্নীৰহে পুত্ৰ এটি জন্ম হয় আৰু দ্বিতীয়া পত্নী বাঁজী প্ৰমাণিত হয়৷ প্ৰথমা পত্নীয়ে হেৰুৱা সন্মান লাভ কৰিবলৈ সক্ষম হ’ল৷ উকীলৰ ঘৰুৱা শান্তি নোহোৱা হ’ল৷ বাই-ভনীৰ সম্বন্ধ সতিনীৰ সম্বন্ধলৈ ৰূপান্তৰিত হোৱাত মৰম চেনেহৰ বান্ধ এৰাই গ’ল৷ সমাজৰ বহু বিবাহ প্ৰথাই কেনেকৈ ঘৰুৱা শান্তি ব্যাহত কৰিব পাৰে তাকে দেখুৱাবলৈ উকীল পত্নী দুগৰাকীৰ চৰিত্ৰ উপস্থাপন কৰিছে বুলিব পাৰি৷ বেতাল ষষ্ঠ বিংশতি (তিনি)ত ৰুদাই নামৰ কানীয়াৰ পত্নী গেদগেদী আৰু কন্যা জুনুকী এই দুই নাৰী চৰিত্ৰ উপস্থাপিত হৈছে৷ কানীয়া ৰুদাইয়ে সৎৰাম নামৰ কানীয়া যুবকক কানি যোগান পাই থকাৰ আশা ৰাখি জুনুকীক বিয়া দিবলৈ মনস্থ কৰে৷ ৰুদাইৰ পত্নী গেদগেদীয়ে কেৰকণ নামৰ এজন ডেকাৰ পৰা কানি-কাপোৰ, জা-জলপানৰ ভেঁটি খাই জীয়েকক বিয়া দিবলৈ কথা দিয়ে৷ জুনুকীয়ে বেমাৰৰ ভাও জুৰি আঁতৰি থাকে৷ জীয়েকৰ বিয়াৰ বিষয়ে দুয়োৰে মাজত কাজিয়া হয়৷ গিৰিয়েকে সৎৰামলৈ আৰু ঘৈণীয়েকে কেৰকণলৈ জুনুকীয় বিয়া দিবলৈ অৰিয়া অৰি কৰে৷ জুনুকীয়ে ভোগাই নামৰ ডেকা এজনক বিয়া সোমাব খোজে৷ এদিন আবেলি ভোগায়ে আম গছত উঠি চোতাল সাৰি থকা জুনুকীক চাই আছিল৷ এনে অৱস্থাত ৰুদায়ে দেখি বাৰীৰ পিছফালৰ পৰা বাঁহ আনিবলৈ যায়৷ তেতিয়াই ল’ৰালৰিকৈ নামিব বিচৰা ভোগাই গছৰ পৰা পিছলি পৰে আৰু ফলত ভৰি ভাগে৷ ভোগাই শয্যাশায়ী হ’ল৷ জুনুকী নিৰুদ্দেশ হ’ল৷ কেৰকণ আৰু সৎৰামৰ পৰা উপহাৰ নাপাই গেদগেদী আৰু ৰুদাইৰ অৱস্থা কাহিল হৈ পৰিল৷ সমাজত গেদগেদী আৰু জুনুকীৰ দৰে নাৰী চৰিত্ৰও নোহোৱা নহয়৷ বৰবৰুৱাৰ ষষ্ঠ বিংশতি (ছয়)ত মানৰ অত্যাচাৰত লাঞ্ছিত হৈ কাৰো পৰা আশ্ৰয় নোপোৱা এগৰাকী অসমীয়া মহিলা আৰু এগৰকী অনাথিনি ছোৱালীৰ চৰিত্ৰ দাঙি ধৰা হৈছে৷ মানৰ অত্যাচাৰত লাঞ্ছিত হৈ আনকি গিৰিয়েকৰ পৰাও আশ্ৰয় নোপোৱা মহিলা গৰাকীয়ে অনাই বনাই ঘূৰি ফুৰি থাকোঁতে এজন ভৈৰৱক লগ পায় আৰু দীক্ষা গ্ৰহণ কৰে৷ তাৰ পিছত আইথান এখনত আশ্ৰয় গ্ৰহণ কৰে৷ আইথানৰ ওচৰৰ গাওঁ এখনৰ মাউৰা আশ্ৰয়হীনা ছোৱালী এজনীক লগতে ৰাখে৷ ন বছৰ ধৰি তুলি তালি ডাঙৰ দীঘল কৰা লৱঙ্গলতা নামৰ এই ছোৱালীজনী আইথানলৈ অহা দ্বাৰকানাথৰ ঘৈণীয়েকে এই কাৰ্য্যত প্ৰতিবাদ কৰি আশ্ৰয় দিব নিবিচাৰে৷ পিছদিনা ভৈৰৱী তেওঁৰ ঘৰলৈ যোৱাত দ্বাৰকানাথে সকলো কথাকৈ ক্ষমা বিচাৰে৷ লৱঙ্গলতা সেই সময়ত আঁতৰি থাকে৷ এদিন থাকি ভৈৰৱী কৰবালৈ গুছি গ’ল৷ যোৱাৰ আগতে এখন চিঠি লিখি নিজৰ ধৰ্মৰ পৰা পদস্খলন ঘটাৰ পৰা জ্ঞান চকু মুকলি হয় বুলি জানিব দি থৈ যায়৷ লৱঙ্গলতা ইয়াৰ পিছত দুদিনমান দ্বাৰকানাথৰ ঘৰতে থাকে৷ কিন্তু দ্বাৰকানাথৰ ঘৈণীয়েকৰ বেয়া ব্যৱহাৰত আঁতৰি যাবলৈ বাধ্য হয়৷ নাৰীৰ ওপৰত চলা সমাজৰ অবিচাৰৰ সাক্ষী হিচাবে ডাঙি ধৰা এই নাৰী চৰিত্ৰ দুটিয়ে সাৰ্থকতা লাভ কৰিছে বুলি কলেও ভুল নহয়৷ এইদৰে বেজবৰুৱাৰ কৃপাবৰী ৰচনাতো নাৰী চৰিত্ৰ প্ৰকাশ পাইছে৷ অৱশ্যে অন্যান্য ৰচনাৰ তুলনাত কৃপাৱৰী ৰচনাত নাৰী চৰিত্ৰ যথেষ্ট কম৷ ইয়াৰ কাৰণ হ’ল কৃপাৱৰী ৰচনাৰে সাধাৰণতে সমাজৰ দোষ-ত্ৰুটিসমূহৰ ব্যঙ্গাত্মক সমালোচনাহে দাঙি ধৰা হয়৷ নাৰীৰ প্ৰতি সহানুভূতিশীল বেজবৰুৱাই সমাজত অৱহেলিত হৈ থকা নাৰীৰ প্ৰতি সেইবাবে ব্যঙ্গবাণ নিক্ষেপ কমকৈ কৰা দেখা যায়৷

নাৰী সম্পৰ্কত কৃপাবৰৰ দৃষ্টি :
নাৰী সম্পৰ্কত কৃপাৱৰ বৰুৱাই কিছুমান বিষয়ৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা দেখা যায়৷ নাৰীৰ শিক্ষা-দীক্ষী, সমাজৰ নাৰীৰ প্ৰতি ব্যৱহাৰ, অৱহেলা, নাৰীৰ বিভিন্ন সমস্যাক লৈ কৃপাৱৰী দৃষ্টি প্ৰখৰ হোৱা দেখা যায়৷ কৃপাৱৰী দৃষ্টিয়ে ধৰা পেলোৱা নাৰী সম্পৰ্কীয় বিভিন্ন বিষয় কৃপাৱৰী ৰচনাৰ মাজেদি প্ৰকাশ পাইছে৷ কৃপাৱৰী দৃষ্টিৰে ধৰা পেলোৱা কিছুমান কথা কৃপাৱৰ বৰুৱাৰ কাকতৰ টোপোলাৰ অন্তৰ্গত বৰবৰুৱাৰ বিয়া নামৰ ৰচনাখনিত বিয়াৰ চৰ্ত্ত হিচাবে দাঙি ধৰিছে৷ এই চৰ্ত্তসমূহ এনেধৰণৰ-তলত লিখা বন্দবস্তত কণ্ডিছন মতে বৰবৰুৱাই বিয়া কৰাব৷ তাৰ ভিতৰত এটা এডোখৰ লৰচৰ হ’লেও টেণ্ডাৰ নামঞ্জুৰ৷-

(১) জোৰণ পিন্ধাবৰ দিনাৰে পৰা চন্দ্ৰ দিবাকৰ থাকে মানে শহুৰৰ ঘৰেৰে সৈতে মোৰ অশ্ব-মহিষ হ’ব লাগিব৷ কাৰণ বিয়াৰ উদ্দেশ্যই সংসাৰ বঢ়োৱা৷ এধামৰা মৰচেলেকা মানুহৰ পৰা কোনো কালেও সংসাৰ নাবাঢ়ে৷ তালৈ তেঁজী জঁকাল ধৰফৰ-ধাৰফৰ কৰি ফুৰা টিঙত খিৰোৱা তীখা-মোখৰা মানুহ লাগে৷ বন্ধ-কুটুম্বৰ কামেই হৈছে পৰস্পৰ সাহায্য কৰা৷ শহুৰ-জোঁৱাইৰ বন্ধত্ব সকলো বন্ধত্বৰ শিৰোমণি৷ তেওঁ বিলাক পৰস্পৰৰ ঠকাঠকীয়া সাহায্যত যে তেজী, সজীৱ গতিকে সংসাৰ বঢ়োৱা উন্নতিশীল মানুহ হ’ব লাগে, তাক ভেৰা আঁকৰা পৰ্য্যন্ত সকলোৱে স্বীকাৰ কৰিব৷ সেইদেখি শহুৰ-জোঁৱাইৰ কন্দল অত্যাৱশ্যকীয়৷ এই কাৰণতহে দূৰদৰ্শী আমাৰ পূৰ্বপুৰুষসকলে এই সনাতন প্ৰথা অসমত চলাই থৈ গৈছে৷

(২) জোঁৱাই-শহুৰৰ মাজত কেতিয়াও কোনো কালে ভাত বা আন সিদ্ধান্ত পকান্নৰ চলাচল নহ’ব কিয়নো সিদ্ধান্ন-পকান্নৰ তাপত ভাপত জাতটি ঘিউ উতলাদি উতলি গৈ বৈ নাইকিয়া হ’বৰ সম্ভৱ৷ অধিক কি কোমল চাউল আৰু ভোট মনোহৰ কলো আমাৰ ভিতৰত লাহে ধীৰে আগ-পিছ চাইহে চলিব কিয়নো আহুদি বুলি যি এটা ভীষণ পদাৰ্থ আছে, তাৰ আগত দ্বাৰকাৰ কৃষ আৰু কৈলাশৰ শিৱও থৰহৰি কম্পমান৷

(৩) শহুৰৰ টিকনি থাকিব লাগিব কাৰণ, বৰ্তমান কালৰ জাতটি আৰু বামুণৰ ব্ৰাহ্মণ্যটি তলফালৰ পৰা উজাই গৈ টিকনিতহে ৰৈছে৷ টিকনিৰ আগৰ গাঁঠিটিয়ে অনুগ্ৰহকৈ ধৰণী ধৰি আছে দেখিহে নতুবা জাতি আৰু ব্ৰাহ্মণ্যৰ ফালে সাঙেই৷ বিশেষতঃ জোৱাই-শহুৰৰ চুলিয়াচুলিৰ সময়ত টিকনিয়ে বৰগুণ দিব৷

(৪) ঘৈনীৰ বাপেক-মাক সাতো পুৰুষক ধৰি নিতৌ দুপৰীয়া গধূলি পুৱা তিনিও প্ৰসঙ্গত মই গালি পাৰি উদ্ধাৰ কৰিবলৈ পাব লাগিব৷ কাৰণ ছোৱালী দিলেই শহুৰৰ ঘৰ মোৰ গোলামৰ দৰে হ’ল৷ নহ’লে ছোৱালী দিবলৈ মোৰ ভৰিৰ তলুৱাৰ ছাল সিহঁতে কেতিয়াও নেকামুৰিলেহেতেঁন৷ গোলামৰ সাতো পুৰুষক গালিৰ তপত পিড়েঁৰে উদ্ধাৰ দিয়া শাস্ত্ৰ সন্মত৷ হোলগোজ বৰবৰুৱাইতো মোটামুটি ইয়াকে বুজে৷ আনে কি বুজে তেওঁ নাজানে আৰু জানিবও নোখোজে৷

(৫) জীয়ৰীৰ সতি-সন্ততি নোহোৱালৈকে শাহু-শহুৰে মোৰ ঘৰত জলগ্ৰহণ কৰিব নোৱাৰে, কাৰণ তেতিয়ালৈকে কিহৰ ভয় ৰ্ষোলকণা৷ মানুহৰ চঞ্চলমন কেতিয়া কি হয় কোনে জানে?

(৬) ছোৱালী শান্তি বিয়া হোৱাত পলম হলে বা হৈও কিছুদিন যদি বাপেকৰ ঘৰত থাকে অথচ বাপেকে শান্তি দি উলিয়াই নিদিয়ে বা মই কৰি দিয়া দিনৰো আজি দিম, কালি দিমকৈ মাকৰ নৰিয়াহে ছোৱালীৰ গা ভাল নহয়হে ইত্যাদি নানা ৰকমৰ ওজৰ আপত্তি উলিয়াই হোঁহকা-পিছলা কৰে তেন্তে মই হ’লে কিন্তু মিঠাকৈ এই শহুৰলৈ চিঠি লিখিম- আপোনাৰ জীয়েককনো আপোনাৰ ঘৰৰ কোনটো ল’ৰালৈ ৰাখিব খুজিছে? মোক অনুগ্ৰহ কৈ জানিবলৈ দিব৷’’ তেতিয়া কিন্তু মোৰ এই স্পষ্ট ভদ্ৰ ব্যৱহাৰত কোনেও মোক দুষিব নোৱাৰিব৷ এইদেখি মই এই কথা আগেয়েই কৈ থৈছোঁ৷

(৭) বিয়া কৰাই মোৰ ঘৰলৈ মোৰ ঘৈনীক আনিলে আৰু পৰাপক্ষত, চন্দ্ৰ-সূৰ্য্যত গ্ৰহণ লাগিলেও, আনকি মাক-বাপেক মৰিলেও, মাক-বাপেকৰ ঘৰলৈ নপঠিয়াওঁ৷ তেওঁ যদি কেতিয়াবা কিবা স্বৰূপে যায়ও, এৰাতিতকৈ তাত বেছিকৈ থাকিব নোৱাৰে৷ আৰু চৰু খুঁটি মাৰি বেলেগে ভাত খাব লাগিব এই কথাত ফাঁকি-ফুকা চলাব নোৱাৰাকৈ ঘৈণীৰ লগত মোৰ সঁজাতি যাব৷ যদি সিমানতো প্ৰৱঞ্চনা আদি চলে অৰ্থাৎ মিছাকৈয়ে বেলেগে চৰু জুৰি দেখুৱাই মাকৰ হাতে ভাত খায়, তেনেহলে সেই কথা যদি মোৰ কাণত পৰে, তেন্তে তাইৰ পিঠিত চোৰাত মেলি পানী ঢালিম আৰু ৰাইডাঙেৰে তাইৰ পিঠিৰ ছাল নাইকিয়া কৰিম৷ এই মোৰ খাটাং কথা৷

(৮) অলংকাৰ পাতি নিদিয়াই বিয়া কৰাম, কাৰণ অলংকাৰ গৰুৰ হাড়, গতিকে সি অস্পৃশ্য আৰু আমুকা নিজেই কেঁচা সোণডোখৰ নিজেই সাতসৰী হাৰ৷ এই কথাৰ সাক্ষী মই বিয়াৰ দিনা দিম৷ আপত্তিকাৰী সকলক মই তেতিয়া শুনাই দিম যে সুন্দৰীসকলে আমাৰ দেউতা হীৰা কি মুকুতা জ্বলে কি ৰাম ৰাম বুলি মোৰ ৰূপ বৰ্ণই নাম গোৱা৷

(৯) ছোৱালী বেছি সুন্দৰী হ’ব নেলাগে; কাৰণ যিমান সুন্দৰী সিমান ভয়ৰ স্থল৷ মূৰকত মই সকলো কাম এৰি টাকোন লৈ দিনে ৰাতিয়ে পহৰীয়া হ’ব নোৱাৰো৷ সীতা-ৰাৱণৰ কথাই আমাৰ মনত যি চিতা লগাই দিছে, তাৰ প্ৰভাৱতে পেটৰ ভাত সদায় এধাফুটাকৈ থাকে৷ আৰু ফটা কথাতহে সোণ থাকে, বুঢ়ালোকৰ বচন৷

(১০) বিয়াৰ আগেয়ে ছোৱালী নেচাওঁ৷ মোৰ ওচৰ চুবুৰীয়া অমুক বৰাই বা অতি টানে মোৰ টোলৰ ভিতৰত থকা অমুক মাউতনীয়ে চাই আহি ভাল বুলিলেই সকলো হ’ল৷ আজিকালি আকৌ দৰাই নিজে ছোৱালী চোৱা নিয়ম লাহে লাহে কৰবাৰ পৰা আমাৰ দেশত ওলাইছেহি৷ মানুহ হৈনো কেনেকৈ লাজটো পুৰি পাতত দি খাই এনে কাম কৰিব পাৰে, এই কথা বৰবৰুৱাই ভাবোঁতে ভাবোঁতে তেওঁৰ হাত-ভৰিকেইটা পেটত সোমাই লুকাই ফাট মাৰিবলৈ উদ্যোগ কৰাত তেওঁ পথালি-কোমোৰাটি যেন হ’ব লগা হ’ল৷

(১১) বিয়াৰ পাছতো মোৰ ঘৰলৈ আহিলেও তিনিটামান ল’ৰা-ছোৱালীৰ মাক নোহোৱালৈকে ঘৈণীৰ মোৰে চকু একে নহয়, কাৰণ গিৰিয়েকৰ মুখলৈ চাই ঘৈণীয়েকে কথা কলে, আকৌ সেই কথাতে লাই পাই কেনেবাকৈ হাঁহিলে, সেইজনী মানুহ নিশ্চয় নিশ্চয় নিশ্চয় বেয়া হোৱাৰ লক্ষণ৷ দিনৰ পোহৰত আৰু ৰাতিৰো আদখিনিলৈকে নিজৰ শোৱনি ঘৰত বৰবৰুৱা নোসোমায়, তেনে কাম যি কৰে৷ ছিঃ! লাজ ! লাজ ! লাজ ! টোপনিৰ পাকে যেনেকৈ কুকুৰ আমাৰ ঘৰ আহি, শোৱনি ঘৰত সোমোৱা পাকেও চোৰ আমাৰ আৰ্হি৷

(১২) আৰু নিতৌ তিৰুতাক ভুকু, ঢকা, গোৰ প্ৰদান কৰা যাব, যে হেতু ই অতি পুৰণি আইনী অৰ্থাৎ পুৰণি প্ৰথা৷ তিৰুতাক বশত ৰাখিব খুজিলে এইস্যা মাফিক চললেই হোগা’’ টাঙোনে কুকুৰ সেও আৰু গোৰে তিৰুতা সেও, হাতীলৈ লাংচিং, তিৰুতালৈ বাঘ-ঢকা৷ যি এইবিলাক নকৰে তাক বুঢ়ালোকৰ বাক্যত তিৰুতা সেৰুৱা বোলে৷ এনে আশৈ নোপোৱা জাতিৰ বৰবৰুৱাই কি মুখলৈ চাব? তেওঁ টেটুৰ গুৰিলৈকে এপেটকৈ শপত খাই কৈছে যে তেওঁ তেওঁৰ তিৰুতাক ধৰি পুহমহীয়া জাৰত নিতৌ সেৰেলা কৰিব আৰু দুৱাৰ চকুত বহি বোন্দা মহৰ মাজত বহুৱাই থ’ব৷

(১৩) ছোৱালীক কেতিয়াও পঢ়িব-শুনিব নিদিওঁ, মাক বাপেকেও নিদিব৷ পঢ়িলে-শুনিলে কেৱল গুচে, কেৱল গুচে, আৰু প্ৰেম পত্ৰিকাৰ সম্পাদিকাহৈ যাবলৈকে পায় তালৈকে তলে তলে কাকত ‘ভেজে’৷ এই কথাত মইহে নেলাগে, আন সকলো খুব সতৰ্ক থকা উচিত৷

(১৪) শাহুৱে মোৰ আগত কেতিয়াও ওলাব নোৱাৰে৷ ময়ো শাহুৰ আগত তথৈবচ, কাৰণ ই যে বৰা চৰম কা বাত৷ তেওঁ যদি শাহুৱে মোক চাব খোজে, বাৰৰ জলঙা আছে চিন্তা কি? মোৰ হলে শাহুক চাবৰ কোনো সকাম নাই আৰু সেইবাবে খেদো নাই৷ শাহু-বাঘ নেচাই তেওঁৰ জীয়েক বোন্দাকে চালেই আমাৰ শাহুৰ আৰ্য্য পোৱা যাব৷২৪

সম্ভৱতঃ উপৰুক্ত চৰ্ত্তসমূহৰ জৰিয়তে কৃপাৱৰে সমাজত নাৰীৰ প্ৰতি কৰা ৰ্দুব্যৱহাৰ তথা অবিচাৰ আৰু পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ নাৰী সম্পৰ্কীয় ধাৰণাসমূহ ব্যক্ত কৰিছে৷ লগে লগে ইয়াৰ পৰিৱৰ্তনো কামনা কৰিছে৷

ঘৰুৱা শান্তি লাভ কৰিবৰ বাবে কৃপাবৰে নাৰীসকলক হাঁহিৰ ছলেৰে গিৰিয়েকেহতে কৰা অত্যাচাৰসমূহ বিনা বাক্য ব্যয়ে মানি চলিবলৈ উপদেশ দিছে কৃপাৱৰ বৰুৱাৰ ওভতনিৰ অন্তৰ্গত ঘৈণীসকলৰ প্ৰতি বৰবৰুৱাৰ উপদেশ নামৰ ৰচনাখনিৰ মাজেদি৷তোমালোকে বিয়া-বিহমনাৰ গুটি খাইও যদি সুখী হ’ব খুজিছা, তেন্তে বৰবৰুৱাৰ এই উপদেশ কেইষাৰ শুনিবা৷ শুনিলে তোমালোকৰ লাভ, নুশুনিলে লোকচান৷ তেওঁৰ লাভ-লোকচান একো নাই :-

(১) বেকা বাটেদি তোমাৰ গিৰিয়েৰাৰ কাণত পৰাকৈ লোকৰ আগত তেওঁৰ যশ কৰা৷

(২) গিৰিয়েৰাই তোমাৰ ওপৰত বৰমতা ওলাই মিছাতে দপ্‌ দপালে, একো নামাতি শুনি থাকিবা৷ মুখে মুখে উত্তৰ নকৰিবা৷

(৩) তেওঁ উৰুলিপুঙা হৈ লোকৰ পদূলি শুঙি ফুৰিলে তুমি তাৰ ভূ-নল’বা আৰু ভাং, কানি, ফটিকা খাই ধিতিঙালি কৰি ফুৰিলে, একো নকৈ বৰং পাৰিলে সেই বোৰ কাৰ্য্যত সহায়তা কৰিবা৷

(৪) তেওঁ ধন ঘটি তোমাক আনি দিব নোৱাৰিলে আৰু পিন্ধিবলৈ কাপোৰ আৰু খাবলৈ ভাত দিব নোৱাৰিলেও তেওঁক জোকোৰা-পোকোৰ নকৰি তুমি লাগে যদি কটনা কাটি তেওঁক পুহিবা আৰু গধূলি তেওঁৰ ভৰিত তেল-টেঙা ঘঁহি দিবা৷

(৫) তেওঁ দেখিবলৈ বোৰোকামুৱা বা গোৱান্ধ হ’লেও আৰু মুখৰ সাঁফৰ মেলিলেই তাৰ পৰা ফেন্দুৱা গোন্ধ ওলালেও, তুমি তোমাৰ স্বাভাৱিক ঘিন লুকাই থৈ নিজৰ নাক নোকোচাই বৰং বাজি উঠাকৈ তোমাৰ মুখামৃত পান কৰাবা৷ অসহ্য হ’লে পিছত লুকাই তোমাৰ মুখখন ধুই পেলাবৰ ব্যৱস্থাও আছে৷
(৬) তোমাৰ মাৰা-বাপেৰাক তেওঁ উকটি গালি পাৰিলে, পেটে পেটে তুমি বৰ বিষম পালেও, মুখেৰে একো নামাতি শুনি থাকিবা৷ তেওঁক যদি তুমি কোনো প্ৰকাৰে এইটো কথা জনাব পাৰা যে তেওঁ যে তোমাৰ মানত নৰৰূপে সাক্ষ্য দেৱতা, এতেকে তেওঁ মুখে অমৃতহে ওলায় গৰল নোলায়, তেন্তে তুমি কিল্লাফটে কৰিলা জানিবা৷

(৭) তেওঁ বাহিৰত লোকৰ হাতত খকৰা-মুকুটি খাই আহিলেও যেতিয়া তোমাৰ ওচৰত ডাংকোপ মাৰি কথা ক’ব, তেতিয়া তুমি সেইটো বুজিব পাৰিলেও তেওঁৰ কথাত হয় দি যাবা কাৰণ আজিকালি বজাৰত স্বামী পোৱা বৰ মস্কিল জানিবা৷

(৮) তুমি ঘনে ঘনে বাপেৰাৰ ঘৰলৈ যাব নুখুজিবা বৰং তেওঁ পঠিয়াব খুজিলেও তুমি এঙাই দেখুৱাবা৷ তোমাৰ মাৰা-বাপেৰাৰ ওপৰত তোমাৰ খং-বিৰক্তি আৰু বেজাৰ বৰকৈ তেওঁৰ আগত প্ৰকাশ কৰিবা, কাৰণ সেই পালি দৰৱে বৰকৈ গুণ দিব জানিবা৷

(৯) দিনৌ এডাল দুডালকৈ তেওঁৰ মূৰৰ পকা চুলি তুলি দি থাকিবা আৰু ঘাম কালি তেওঁৰ পিঠিৰ ঘামচিবোৰ তোমাৰ নখেৰে পুট্‌ পুট্‌কৰে মাৰি তেওঁৰ সুত লগাই দিবলৈ নাপাহৰিবা৷

(১০) বৰবৰুৱাৰ এই পৰামৰ্শমতে চলি তোমালোকে গুণ নাপালে বৰবৰুৱাৰ ওপৰত তোমালোকে লোকচানিৰ দাবী কৰি গোচৰ তৰিব পাৰিবা৷২৫

উপৰুক্ত উপদেশসমূহৰ জৰিয়তে হাস্যৰসৰ মাজেদি নাৰীৰ ওপৰত পুৰুষে কৰা অবিচাৰ আৰু গৃহ কন্দলৰ মূল কাৰণ হিচাবে দেখা দিব পৰা কিছুমান বিষয় ডাঙি ধৰিছে৷ লগতে ঘৰুৱা সুখ-শান্তিৰ বাবে গিৰিয়েক- ঘৈণীয়েকৰ মাজত পৰস্পৰ বুজাবুজি আৰু এৰা ধৰাৰ যে প্ৰয়োজন সেই কথাকে হাঁহিৰ ছলেৰেই দাঙি ধৰিছে৷

সেই সময়ত নাৰীসকলৰ বিভিন্ন সমস্যালৈ বিভিন্নজনে বিভিন্ন বত্তৃতা দি ফুৰিছিল৷ ইয়াৰ কিছুমান বত্তৃতা আছিল অন্তসাৰশূন্য৷ এনে বত্তৃতাৰ প্ৰতি কটাক্ষপাত কৰি কৃপাৱৰে স্ত্ৰী-স্বাধীনতা সম্পৰ্কে তিনিটা বত্তৃতা দাঙি ধৰিছে বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (১ ম ভাগ)ৰ অন্তৰ্গত স্ত্ৰী-স্বাধীনতা (এক), (দুই) আৰু (তিনি)ৰ মাজেদি৷ ইয়াৰ জৰিয়তে কৃপাৱৰে নাৰীসকলক নিজৰ সভ্যতা-সংস্কৃতি- সাহিত্য আদিৰ প্ৰতি পাহৰি নাযাবলৈ আহবান জনাইছে৷ বাল্য-বিবাহ, বৃদ্ধৰ যুৱতী বিবাহ আদি সমস্যাৰ বিষয়কলৈও বুঢ়া-মেঠা সংৰক্ষণী সভা, বৃদ্ধ বিবাহ প্ৰচাৰ সমিতি, বৃদ্ধ বিবাহ প্ৰচাৰণী সভাৰ গীত, তিৰুতাৰ অধিকাৰ আদি ৰচনাত কৃপাৱৰৰ কলমেদি প্ৰকাশ পাইছে৷ স্ত্ৰী-স্বাধীনতা বিচৰা নাৰীসকলৰ প্ৰতি বৰবৰুৱাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে উপদেশো দিছে স্ত্ৰী-স্বাধীনতা নামৰ ৰচনা লানিৰ মাজেদি তাৰে স্ত্ৰী-স্বাধীনতা (তিনি)ৰ শেষৰ ফালে স্ত্ৰীসকলৰ প্ৰতি এনেধৰণৰ উপদেশ আগবঢ়াইছে- হে মহিলাবৃন্দ, আপোনা সকলে যদি সঁচাকৈয়ে স্বাধীনতা বিচাৰিছে, তেন্তে এই পুৰণি পঁচা ঘূণীয়া কেৰিমেৰিৰ পাকৰ পৰা ওলাওক৷ বিধ্বাই নেভাৱক যে স্বামীৰ অবিহনে তেওঁৰ জীৱন বৃথা৷ তেওঁ সুকীয়া মানুহ নিশ্চয় যেতিয়া নিজৰ মনুষ্যত্বৰ ওপৰত ভৰ দি থিয় হওক৷ তেওঁৰ মন যায়-মৰা স্বামীলৈ বেজাৰ কৰক, তাত হানি নাই; কিন্তু সেইজন পাৰ্টনাৰ বা অংশীদাৰ গ’ল বুলিয়েই তেওঁ যেন হাত সাৱটি বহি থাকি লোকৰ কৃপাৰ পাত্ৰ হৈ নেথাকে সকলো মানুহৰে সুকীয়া প্ৰাণ, সুকীয়া আশা-ভৰসা, ইছা অনুমতি আছে৷ গতজন অংশীদাৰৰ অভাৱত তেওঁ যেন জীৱন যাত্ৰাৰ ব্যৱসায়ৰ নাও নুবুৰায়৷ বিধৱাই অকলৈ স্বাধীনভাৱে খুটি খাবলৈ সমৰ্থ হোৱা উচিত আৰু আপোনালোকৰ সভাই মহিলাসকলক প্ৰাণপণে সেই শিক্ষাকে দিয়া উচিত৷ বিধৱাৰ পুণৰ্বাৰ বিয়া কৰোৱা-নকৰোৱাটো তেওঁৰ ইচ্ছাধীন কাৰ্য্য হওঁক৷২৬

উপৰোক্ত কথাসমূহৰ ওপৰত নিৰ্ভৰ কৰি কব পাৰি যে কৃপাৱৰে নাৰীসকলৰ প্ৰতি এক শ্ৰদ্ধা মিহলি সহানুভূতিপূৰ্ণ দৃষ্টিৰে নাৰীসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি সততে লক্ষ্য ৰাখিছিল৷ তেওঁ নাৰীসকলৰ এক সুখ-শান্তিৰে ভৰা প্ৰগতি কামনা কৰিছিল৷

সামৰণি :
বেজবৰুৱা ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আদি ভাগৰ লেখক৷ সেই সময়ত অসমীয়া সাহিত্য, সমাজ, সংস্কৃতি পুনৰ প্ৰতিষ্ঠাৰ প্ৰচেষ্টা চলিছিল৷ সমাজৰ প্ৰাচীন কিছুমান ভ্ৰান্ত ধাৰণা পৰিৱৰ্তনৰ প্ৰয়োজনো সেই সময়ত আহি পৰিছিল৷ আনহাতে বহিৰাগত নানা ধাৰণা, সংস্কৃতি, অপ-সংস্কৃতিৰ প্ৰৱেশো ঘটিছিল৷ তাৰ ফলত সমাজ-সংস্কৃতিত নানা জোকাৰণি পৰিছিল৷ ইয়াৰ মাজতে ন-পুৰণি ভাৱধাৰাৰ সংমিশ্ৰণ ঘটাই পুৰণিৰ বেয়াবোৰ ত্যাগ কৰি আৰু নতুনৰ গ্ৰহণযোগ্যবোৰ গ্ৰহণ কৰি নকৈ প্ৰতিষ্ঠাৰ প্ৰয়োজন আহি পৰিছিল৷ এইক্ষেত্ৰত আগভাগ লোৱাৰ দায়িত্ব এচাম লেখকৰ ওপৰত পৰিছিল৷ তেনে এজন লেখক হিচাবে বেজবৰুৱাই উপলব্ধি কৰিছিল যে সমাজৰ উন্নতি সাধনত মহিলাসকলৰ উন্নতি সাধনৰো প্ৰয়োজন৷ এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰি তেওঁ তেওঁৰ বিভিন্ন ৰচনাসমূহৰ মাজেদি নাৰী চৰিত্ৰৰ বিভিন্ন দিশ, সমস্যা আদি সুন্দৰৰূপে প্ৰকাশ কৰিছে৷ নাৰী উন্নতিৰ প্ৰধান অন্তৰায় স্ত্ৰী-শিক্ষাৰ অভাৱ, বাল্য-বিবাহ, বৃদ্ধ বিবাহ আদি দাঙি ধৰি সমাজৰ দৃষ্টিগোচৰ কৰিছে৷ ইয়াৰ সমাধান কৰিবলৈ সমাজৰপ্ৰতি আহ্বান জনাইছে৷ এইক্ষেত্ৰত তেওঁ যথেষ্ট সহানুভূতিশীল মনোভাবেৰে আগবঢ়া দেখা যায়৷ যিবোৰ কথা পোনপটীয়াকৈ কব নোৱাৰি সেইবোৰ কৃপাৱৰৰ হতুৱাই হাস্যৰস মিহলি কৰাই কোৱাইছে৷ সকলো ফালৰ পৰা লক্ষ্য কৰি ক’ব পাৰি যে- বেজবৰুৱাই তেওঁৰ ৰচনাৱলীৰ মাজেদি অসমীয়া নাৰী চৰিত্ৰ ৰূপায়ণত সফলতা অৰ্জন কৰিব পাৰিছে৷

টোকা :
২৩। সমাজিক- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বেজবৰুৱাৰ গ্ৰন্থাৱলী-পৃঃ ১২৪১
২৪। বৰবৰুৱাৰ বিয়া-কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা : গ্ৰন্থাৱলী-পৃঃ ১২৬০-৬১
২৫। ঘৈণীসকলৰ প্ৰতি বৰবৰুৱাৰ উপদেশ : কৃপাবৰ বৰুৱাৰ ওভতনি- বেজবৰুৱাৰ গ্ৰন্থাৱলী-পৃঃ ১৩০৪ 
২৬। স্ত্ৰী-স্বাধীনতা (তিনি) : বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি (১ম ভাগ)-গ্ৰন্থাৱলী- পৃঃ ১৪৬৮
Powered by Blogger.