Header Ads

সাংস্কৃতিক দৰ্শন আৰু ইয়াৰ গতি...

  • মনোজ কুমাৰ শইকীয়া
সংস্কৃতি দৰ্শন নহয়; সংতিৰ থাকে অন্য ধাৰাবাহিকতা৷ কিন্তু সাংস্কৃতিক দৰ্শন (Cultural Philosophy)ৰ প্ৰসংগসমূহে সংস্কৃতিক বহু সময়ত দৰ্শনত পৰিণত কৰে আৰু এই আপাহতে সংস্কৃতি আৰু ইয়াৰ নিৰ্দিষ্ট উপাদানসমূহে এক বহল পৰিসৰ আৰু গভীৰতা লাভ কৰে৷ আমাৰ সমাজ সময়, ৰাষ্ট্ৰ ব্যৱস্থা আৰু স্বৰূপতে উপলব্ধ হৈ উঠা ৰাজনৈতিক সমাজ (Political Society)সমূহে কেতিয়াবা প্ৰচণ্ডভাৱে সাংস্কৃতিক দৰ্শনক অনিবাৰ্য কৰি তোলে৷ সাম্প্ৰতিক সমাজৰ অৰ্থনীতি, প্ৰয়োজনীয় সাংস্কৃতিক উৎসাহ (Essential Cultural Anthusiasm) আৰু ইবোৰে গঢ় দিব পৰা আভিধানিক আৰু ব্যৱহাৰিক বাস্তৱতাই সাংস্কৃতিক এক জটিল ৰূপ দিবলৈ সক্ষম হৈছে৷ আনকি তথাকথিত ৰাজনৈতিক দৰ্শনসমূহ এতিয়া সাংতিক জটিলতা (Cultural Complexity)ৰ অন্তৰ্ভুক্ত হৈ উঠিছে৷

একোজন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা, স্মৰণ আৰু তেওঁৰ অৱদান তথা চিন্তনক আজিৰ সময়ত প্ৰাসংগিক কৰি তোলাটো সম্প্ৰতি এক সাংস্কৃতিক দৰ্শনৰ অন্যতম প্ৰযুক্তি হিচাবে স্বীকৃত হৈ উঠিছে৷ বিশ্বৰ ভিন্ন পৰ্যায়ৰ মানৱ গোষ্ঠীসমূহে ইয়াক এতিয়া পুৰাতন স্বভাৱত পৰিণত কৰিছে৷ প্ৰকৃততে জাতি বা গোষ্ঠীসমূহে বিশ্বৰ অন্য গোষ্ঠীসমূহৰে সৰ্ম্পকিত হোৱাৰ স্বাৰ্থত একোটা ভাবমূৰ্তি বা ইমেইজ (Image) প্ৰতিপালন কৰিব বিচাৰে আৰু এনে এক স্বাৰ্থতে কেতিয়াবা কাৰোবাৰ বাবে ছেইক্সপীয়েৰ অন্য উত্তৰণৰ ‘ইমেইজ’ত পৰিণত হৈ উঠিছে৷ অৱশ্যে ইয়াৰ আঁৰত এক জাতীয় চিন্তনতকৈ এক অভিজাত কৌশলেহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ইউৰোপীয় জাতিসমূহৰ মাজত ছেইক্সপীয়েৰ যথাৰ্থতে কিমান আদৰৰ ব্যক্তি হৈ উঠিছিল তাৰ এক সুচিন্তিত বিশ্লেষণে এই অভিজাত কৌশলৰ ধাৰণাৰ বাস্তৱিকতাক অধিক স্পষ্ট কৰি তুলিব৷ এসময়ত লণ্ডনৰ অভিজাত মানুহবোৰক ছেইক্সপীয়েৰৰ নাট্যশৈলী, উপস্থাপন, বচন-বাক্যই মুগ্ধ কৰি ৰাখিছিল আৰু মানুহৰ মনত ছেইক্সপীয়েৰ এজন ব্যক্তি নহৈ এক অন্যতম ভাবমূৰ্তিত পৰিণত হৈছিল৷ ভাবমূৰ্ত্তিৰ এই স্বৰূপ পৰৱৰ্তী সময়ত পৃথিৱীৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিছিল৷ কেতিয়াবা এই ‘ইমেইজ’ ইতিহাসতকৈ গুৰুত্বপূৰ্ণ হৈ উঠে৷

অৱশ্যে ইতিহাস সদায় প্ৰয়োজনীয় নহয়৷ বহুসময়ত একোজন ব্যক্তিৰ প্ৰতি একোটা জাতিৰ শ্ৰদ্ধা বা আন্তৰিকতা এক অন্যতম ইতিহাস হিচাবে বিবেচিত হৈ উঠিলেও সেয়া কিন্তু মূলতঃ এক সাংস্কৃতিক আদৰ্শহে৷ অৱশ্যে ইয়াৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা আৰু চৰ্চাই ইয়াক এক সাংস্কৃতিক দৰ্শনত পৰিণত কৰে৷ যৌৱনত যেনেকৈ ‘বীৰপূজা’ (Hero Worship) বহুতৰ বাবে প্ৰয়োজনীয় হৈ উঠে; ঠিক একেদৰে একোটা জাতি বা গোষ্ঠীৰ যৌৱনক তুলি ধৰাৰ স্বাৰ্থতে একপ্ৰকাৰ ‘বীৰপূজা’ প্ৰয়োজনীয় হৈ উঠে৷ প্ৰসঙ্গটো সম্পূৰ্ণ মনস্তাত্ত্বিক যদিও ইয়াৰ ব্যাখ্যাত সাংস্কৃতিক দৰ্শনৰ উপাদানসমূহেই প্ৰতিভাত হৈ উঠে৷ আমাৰ অসমতে এসময়ত বেজবৰুৱাই আমাৰ ভাষিক-সাংস্কৃতিক অৱয়ৱক তুলি ধৰি এক জাতীয় চৈতন্য গঢ়ি তোলাৰ মানস কৰিয়ে শ্ৰীমন্ত শঙ্কৰদেৱক গুৰুত্ব প্ৰদান কৰিছিল৷ অন্য অৰ্থত ‘জগতগুৰু’ক জাতীয় চৈতন্যৰ আধাৰত পৰিণত কৰাৰ স্বাৰ্থতে বেজবৰুৱাই বহু সময় অতিবাহিত কৰিছিল৷ প্ৰকৃততে বেজবৰুৱাৰ আৱিষ্কাৰৰ আঁত ধৰি এই মুলুকত এক নতুন সময় আৰু সমাজৰ সৃষ্টি হৈছিল৷ তথাকথিত ৰাজনৈতিক সমাজৰ বিপৰীতে এক নতুন সমাজৰ আশু প্ৰয়োজনীয়তাত বেজবৰুৱা ব্যস্ত হৈ পৰিছিল৷ বেজবৰুৱাই শঙ্কৰদেৱক ‘বীৰ’ (Hero) কৰি তুলিব বিচৰা নাছিল৷ কাৰণ বীৰৰ ধাৰণাৰে এখন সমাজ গঢ়ি উঠাৰ সম্ভাৱনা নাথাকে৷ যথাৰ্থতে তেওঁ ‘জগতগুৰু’ক এক দৃষ্টিকোণত পৰিণত কৰিব বিচাৰিছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত ড সূৰ্য কুমাৰ ভূঞাৰ দৰে মহানুভৱ লেখক-সাহিত্যিকে অৱশ্যে এই চিন্তাধাৰাৰ এক পৰিৱৰ্তন বিচাৰিছিল৷ আমাৰ জাতীয় সমস্যাসমূহৰ এক সমাধান সূত্ৰ বিচাৰি তেওঁ ক্রমাৎ জাতীয় বীৰৰ সন্ধানত ব্যস্ত হৈ পৰিছিল৷ বেজবৰুৱাৰ আশাবাদ আছিল এক নতুন সমাজত৷ কিন্তু ড ভূঞাই বিচাৰিছিল এক সমাধান সূত্ৰ৷ তেওঁৰ বাবে নতুন সমাজতকৈ সমাধান সূত্ৰ অধিক গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় আছিল৷ সকলো অৱয়ব আৰু সাংস্কৃতিক দৰ্শনেৰে তেওঁ লাচিত বৰফুকনক এক অন্যতম জাতীয় বীৰত পৰিণত কৰিব বিচাৰিছিল আৰু ইয়াৰে তেওঁ আমাৰ জাতীয় জীৱনলৈ এক অন্যতম সমাধান সূত্ৰ কঢ়িয়াই আনিছিল৷ এই তাৎক্ষণিক চিন্তাৰ আঁত ধৰি আজি পৰ্যন্ত আমাৰ চিন্তাত প্ৰোথিত হোৱাকৈ তেওঁ কৈছিল যে লাচিত বৰফুকনৰ সন্মুখত এখন শৰাইঘাট আছিল আৰু আমাৰ সন্মুখত আজি হাজাৰখন শৰাইঘাট৷ এখন শৰাইঘাটৰ সমস্যা সমাধান কৰিবৰ বাবে বৰফুকনে ব্যৱহাৰ কৰা চিন্তন, প্ৰযুক্তি আৰু দক্ষতাৰে আমি আজি হাজাৰখন শৰাইঘাটৰ সমস্যাৰ সমাধান কৰিব পাৰোঁ৷ প্ৰ হয়- ড ভূঞাৰ এই সমাধান সূত্ৰ যথাৰ্থতে এক সাংতিক দৰ্শনৰ বাবে প্ৰয়োজন নে? প্ৰকৃততে সাংতিক দৰ্শনৰ বাবে প্ৰয়োজন হয় একোটা অবিসম্বাদী পৰম্পৰাৰ৷ যদি সূৰ্যকুমাৰ ভূঞাৰ চিন্তাই এক অবিসম্বাদী পৰম্পৰাৰ জন্ম দিবলৈ সক্ষম হৈছে তেন্তে সেয়া স্বৰূপতে সাংতিক দৰ্শন হৈ উঠিছে৷ অৱশ্যে বাস্তৱিকতে আমাৰ জাতীয় জীৱনত এই পৰম্পৰাৰ অভাৱ৷ জ্যোতিপ্ৰসাদে এই প্ৰসঙ্গ এসময়ত বুজি উঠিছিল৷ বেজবৰুৱাৰ ‘জয়মতী’ তেওঁৰ হাতত এক অৰ্থত চেলুলয়ড সাহিত্য হৈ উঠিছিল৷ কিন্তু ‘জয়মতী’ এক সাংস্কৃতিক দৰ্শন হ’ব পৰাকৈ পৰম্পৰা হৈ নুঠিল৷ আইদেউ সন্দিকৈৰ পৰৱৰ্তী সময়ৰ দুৰৱস্থাই এই কথা দ্বিধাহীনভাৱে প্ৰমাণ কৰে যে জ্যোতিপ্ৰসাদে ‘জয়মতী’ৰ মাজেৰে যি আশা কৰিছিল সেয়া কেতিয়াও পূৰণ হোৱা নাছিল৷ ভিন্সিয়ে ‘মনালিছা’ আঁকি ইউৰোপত ‘ৰেণেচাঁ’ (Renaissance)ৰ সৃষ্টি কৰিছিল৷ ‘মনালিছা’ আৰু ‘জয়মতী’ৰ মাজত মূল সত্তাৰ এনে কি পাৰ্থক্য আছিল যে জ্যোতিপ্ৰসাদে সমগ্ৰ ভাৰততে ‘জয়মতী’ৰে এক ‘ৰেণেচাঁ’ সৃষ্টি কৰাত ব্যৰ্থ হৈছিল৷ জয়মতীক লৈ বেজবৰুৱাৰ এক পৃথক অনুভূতি (Separate Feeling) আছিল; জ্যোতিপ্ৰসাদে সেই অনুভূতিক এক দৃষ্টিকোণত পৰিণত কৰিছিল৷ অন্য অৰ্থত তেওঁ এক পৰম্পৰাৰ শুভাৰম্ভ ঘটাব বিচাৰিছিল৷

কিন্তু সেই পৰম্পৰাৰ আজি পৰ্যন্ত শুভাৰম্ভ নঘটিল৷ এনে প্ৰেক্ষাপটত সাংতিক দৰ্শনৰ ধাৰণাটো এই দিশটোৰ পৰা আঁতৰি থাকিল৷ লাচিত বৰফুকন, সতী ৰাধিকা, সতী সাধনী ইত্যাদি বীৰ বীৰাঙ্গনাসকলক লৈ সমাজত সম্প্ৰতি বহুধা বিভক্ত অনুভূতিৰ সৃষ্টি হৈছে৷ আনকি সাহিত্য-সংতিৰ বহুখিনি দিশ এতিয়া এই প্ৰসংগসমূহেৰে সম্পাদিত হৈ উঠিছে৷ কিন্তু এই চৰ্চাসমূহ এতিয়াও আমাৰ জীৱন যাত্ৰাৰ অংশীদাৰ হৈ উঠা নাই৷ প্ৰকৃততে এই প্ৰসঙ্গসমূহ জীৱন যাত্ৰাৰ অংশীভূত নোহোৱাকৈ সাংস্কৃতিক দৰ্শনৰ দৰে এক বৃহৎ অৱয়বৰ সৃষ্টি হ’ব নোৱাৰে৷ ধৰ্ম-সাহিত্য-সংস্কৃতিৰে এসময়ত শ্ৰীমন্ত শঙ্কৰদেৱে যি অৱদান আগবঢ়াইছিল তাৰ আপাহতে এই মুলুকত এক পৰম্পৰাৰ জন্ম হৈছিল৷ এই পৰম্পৰাত চান্দখাঁই আৰু চুফীসন্ত আজান পীৰ চাহাবৰ নামো সংযুক্ত হৈছিল৷ আজান পীৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সাংস্কৃতিক আধিপত্য (Cultural Hegemoney)ৰ পৰা আঁতৰি অন্য এক পৰম্পৰাৰ প্ৰতি আগ্ৰহী হৈ উঠা নাছিল৷ স্বাভাৱিক ইছলামীয় প্ৰসংগসমূহ তেওঁ এই মুলুকৰ সাংতিক অৱয়বৰ মাজত আপদাল কৰিব বিচাৰিছিল৷ নিঃসন্দেহে এই পৰম্পৰাৰ পৰিণতিতে ইয়াত শ্ৰীমন্ত শঙ্কৰদেৱ, আজান পীৰৰ পৰা আব্দুল মালিকলৈকে এক পৰম্পৰাৰ জন্ম হৈছিল; আৰু এই পৰম্পৰাৰ লক্ষ্যই আছিল এক সাংতিক দৰ্শনৰ মাজেৰে এক পৰম্পৰাক নিঃস্বাৰ্থ অভিনৱ সত্যত পৰিণত কৰা৷ এই সাংস্কৃতিক দৰ্শনৰ বাবেই আব্দুল মালিক এদিন ‘জগতগুৰু’জনাক তুলি ধৰাৰ বাবে প্ৰেৰিত হৈ উঠিছিল৷ নিঃসন্দেহে এখন সমাজক বিশাল আয়তন দিয়াত এই প্ৰেৰণাৰ প্ৰয়োজনীয়তা সদায় আছে৷

এই সাংস্কৃতিক দৰ্শনৰ দৰে ধাৰণাক এতিয়া আমেৰিকাৰ দৰে ৰাষ্ট্ৰয়ো নতুন ধৰণে বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে৷ ব’ব ডিলান, পিট চিগাৰ আদি সাংস্কৃতিক কৰ্মীয়ে আমেৰিকাৰ ন-প্ৰজন্ম আৰু নতুন চিন্তাৰ মানুহবোৰৰ মাজত এসময়ত এক পৰম্পৰাৰ জন্ম দিবলৈ সক্ষম হৈছিল৷ সম্প্ৰতি সাহিত্যৰ বাবে ব’ব ডিলানলৈ আগবঢ়োৱা ন’বেল স্বীকৃতি এই পৰম্পৰাক সাংস্কৃতিক দৰ্শনত তুলি ধৰাৰ মহান ইছাৰে পৰিচালিত৷ আমাৰ সদিচ্ছাবোৰ যদি কেতিয়াবা পৰম্পৰাত পৰিণত হয় তেতিয়া সাংস্কৃতিক দৰ্শনৰ উপাদানসমূহৰ সংবৃদ্ধি ঘটিব৷ কিন্তু সেয়া যদি কেতিয়াবা এক ঐতিহাসিক যাত্ৰাত পৰিণত হয় তেতিয়া শ্ৰদ্ধেয় বুলি স্বীকৃত বীৰ-বীৰাঙ্গনাসকল সাম্প্ৰতিক প্ৰজন্মৰ পৰা বহু দূৰৈৰ ব্যক্তি হিচাপেহে স্বীকৃত হৈ থাকিব৷ এই স্বীকৃতি কিন্তু সাংস্কৃতিক দৰ্শনৰ পৰিপন্থী৷ ইংলণ্ডত ছেইক্সপীয়েৰক কেতিয়াবা দূৰ অতীতৰ তাৰকা বুলি ভবা হয়নে? সাম্প্ৰতিক ইংলণ্ডৰ প্ৰখৰ, সু-বুদ্ধিসম্পন্ন ব্যক্তিসকলে মহান নাট্যকাৰজনক এক ঐতিহাসিক চৰিত্ৰ কৰি গঢ়ি তুলিব বিচৰা নাই৷ তেওঁলোকৰ বাবে ছেইক্সপীয়েৰ সদায় সাম্প্ৰতিক৷ অৰ্থাৎ ছেইক্সপীয়েৰৰ স’তে প্ৰজন্মৰ ব্যৱধানক তেঁওলোকে মানি ল’ব নিবিচাৰে৷ স্বাভাৱিকতে এই ধাৰণাই একোটা সাংতিক ‘ৰিলিফ’ (Relief)ৰ সৃষ্টি কৰে৷

প্ৰকৃততে জ্যেতিপ্ৰসাদেও ইয়াকে বিচাৰিছিল৷ জয়মতীৰে তেওঁ ইতিহাস বিচৰা নাছিল৷ প্ৰকৃততে ইতিহাসৰ পৰা আঁতৰি জয়মতীৰে তেওঁ এক নতুন যুগ নিৰ্মাণ কৰিব বিচাৰিছিল৷ যুগৰ গতিত এই প্ৰসংগসমূহ সদায় নতুন৷ কিন্তু এই ‘নতুনে’ কোনটো প্ৰজন্মক আশ্বাসত লৈ আগবাঢ়িব সেয়া নিতান্তই এতিয়া যুগৰ নেপথ্যত এক অবিচলিত প্ৰশ্ন হিচাপে বিবেচিত হৈ উঠিছে৷
ভ্ৰাম্যভাষ : ৯৪৩৫৫-১৫৫৫৪

No comments

Powered by Blogger.