Header Ads

প্ৰাচীন ভাৰতৰ চিন্তা-দৰ্শন এক সমালোচনাত্মক অধ্যয়ন


  • বিবেক দাস

আগৰ আলোচনাৰ পৰা এটা কথাই স্পষ্ট হয় যে পুৰোহিত শ্ৰেণীক উপলুঙা কৰা আৰু যাগ-যজ্ঞ আৰু কৰ্মফলৰ বিৰোধিতা কৰা এটা সমালোচনাৰ ধাৰা বেদৰ পাততে আৰম্ভ হৈছিল আৰু উত্তৰ বৈদিক সাহিত্য তথা ব্ৰাহ্মণ, উপনিষদ আদিতো এই ধাৰা প্ৰবাহিত হৈ আছিল৷ প্ৰাক বৌদ্ধ যুগ আৰু বুদ্ধৰ সময়ছোৱাত এই সমালোচনাই তীব্ৰতা পাইছিল আৰু এই সমলোচনা দাৰ্শনিক তত্ত্বলৈ বিকশিত হৈছিল৷

১৮ খন উপনিষদৰ ভিতৰত শ্বাসনবেদ উপনিষদ হৈছে অন্যতম৷ এই উপনিষদখন বস্তুবাদী উপনিষদ বুলি ক’লে বঢ়াই কোৱা নহ’ব৷ এই উপনিষদখন মূলতঃ বস্তুবাদী আৰু স্বভাৱবাদী চিন্তাধাৰাৰে পৰিপূৰ্ণ এখন শাস্ত্ৰ৷ এই উপনিষদৰ মতে ‘‘বস্তুৰ বাহিৰে কাৰোৱেই অস্তিত্ব নাই আৰু এইখন জগতৰ বাহিৰে অন্য এখন জগতৰ অস্তিত্ব নাই৷’’ যাগ-যজ্ঞ আৰু কৰ্মফল আদি ধাৰণাৰ পৰা সম্পূৰ্ণ মুক্ত এই উপনিষদে ঘোষণা কৰিছিল যে ‘‘ইয়াত কোনো অৱতাৰ নাই, কোনো ভগৱান নাই, স্বৰ্গও নাই নৰকো নাই৷ সকলোবিলাক পৰম্পৰাগত ধৰ্মশাস্ত্ৰ অহংকাৰী মূৰ্খৰ ৰচনা৷ প্ৰকৃতিয়েই হৈছে সকলো বস্তুৰ জন্ম দিওঁতা আৰু সময় হৈছে বিনাশক৷ প্ৰকৃতি আৰু সময় হৈছে জগতৰ পৰিচালক আৰু মানুহৰ সাধুতা আৰু তাৰ বিপৰীত স্বভাৱৰ বাবে মানুহৰ জীৱনলৈ সুখ আৰু দুখ নামি নাহে৷ মনোমোহা কথা শুনি মানুহ ভগৱানৰ মন্দিৰ আৰু পুৰোহিতৰ কাষলৈ যায়৷ কিন্তু বাস্তৱত বিষু আৰু এটা কুকুৰৰ মাজত একো পাৰ্থক্য নাই৷’’ (উৎস : ndian Thaught, পৃঃ ৮৬)

সেইদৰে আমি জানো যে ৰামায়ণ আৰু মহাভাৰত যি দুখন মহাকাব্য খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগতে লিখিত ৰূপ দিয়া হৈছিল, মহাকাব্য দুখনতো বস্তুবাদী চিন্তাৰ অনেক স্পষ্ট মত দেখিবলৈ পোৱা যায়৷ উদাহৰণস্বৰূপে ৰজা দশৰথৰ এজন মন্ত্ৰী জাবালীৰ কথা উল্লেখ কৰিব পাৰি৷ ৰামচন্দ্ৰ যেতিয়া পিতৃ দশৰথৰ কৈকেয়ীক দিয়া বচন ৰক্ষা কৰিবলৈ বনবাসলৈ যাবলৈ প্ৰস্তুত হৈছিল তেতিয়া জাবালীয়ে ৰামক বনবাসলৈ যাব নালাগে বুলি বুজনি দিছিল৷ জাবালীয়ে কৈছিল ‘‘হে ৰাজকোঁৱৰ, তোমাৰ পিতৃ ৰজা দশৰথৰ মৃত্যু হৈছে৷ তোমাক মই কওঁ যে জীৱন থকা সকলোৱেই এই পৰম সত্যৰ সন্মুখীন হ’ব লাগিব৷ ৰাজক্ষমতা ভোগ কৰাৰ সুযোগ এতিয়া তোমালৈ আহিছে৷ ইয়াক তুমি গ্ৰহণ নকৰা কিয়? আত্মঘাতী পথ অনুসৰণ নকৰিবা৷ ইয়াৰ কোনো অৰ্থ নাই৷ তোমাৰ প্ৰতি মোৰ দয়া উপজিছে যদি এইবিলাকৰ কিবা অৰ্থ আছে বুলি ভাবিছা৷ সাংসাৰিক লাভালাভৰ বাহিৰে আন কিবা আছে বুলি আমি নাজানো৷ এইবোৰক বাস্তৱ উপায়েৰে আহৰণ কৰিব পাৰি৷ যিসকলে কঠোৰ ধাৰ্মিক পথ অনুসৰণ কৰে তেওঁলোকে আচলতে আত্মপ্ৰৱঞ্চনাহে কৰিছে৷ তেওঁলোকে অপ্ৰয়োজনীয়ভাৱে আৰু অকাৰণতে নিজৰ জীৱন কালত স্ব-আৰোপিত দুখৰ জীৱন অতিবাহিত কৰিছে৷ যেতিয়া সময় আহে অৰ্থাৎ শেষ সময়, তেতিয়া সকলোৱেই সকলো সম্পদ এৰি থৈ পৃথিৱীখন ত্যাগ কৰে৷ তুমি এইটো কথা বিশ্বাস নকৰিবা যে এই পৃথিৱীৰ কিবা বস্তু মৃতকজনৰ ওচৰলৈ যায়৷ মৃতকৰ উদ্দেশ্যে আগবঢ়োৱা তিলাঞ্জলি বা অন্যান্য সামগ্ৰী মৃতকজনে গ্ৰহণ কৰে বুলি কৰা দাবী ভণ্ডামিৰ বাহিৰে আন একো নহয়৷ যেতিয়া মানুহে শ্ৰাদ্ধত এইবোৰ অৰ্পণ কৰে তেতিয়া আচলতে মূল্যবান বহু বস্তু নষ্টহে কৰে৷ এজন মৃত মানুহে খাব পাৰেনে? মৃত মানুহৰ জনপ্ৰতিনিধিয়ে মৃতকজনৰ উদ্দেশ্যে আগবঢ়োৱা ভোজন গ্ৰহণ কৰিব পাৰে বুলি ভবাটোও ভণ্ডামি৷ যদি এজন মানুহে গ্ৰহণ কৰা আহাৰ আন এজনলৈ যাব পাৰে তেন্তে অনুপস্থিত থকা বন্ধু বা আত্মীয়-স্বজনৰ বাবেও এনে অনুষ্ঠান পাতিব পৰা গ’ল হয়৷ বাস্তৱত এনে অনুষ্ঠান পতা হয়নে? নহয়৷ কিয়নো এই বিশ্বাস সত্যনিষ্ঠ নহয়৷ প্ৰকৃত সত্যটো হ’ল যে এই ধৰ্মীয় নীতি-নিয়মবোৰ ৰচনা কৰা হৈছে এচাম বুধিয়ক লোকৰ দ্বাৰা যিসকলে ধৰ্মীয় আৱৰণৰ আঁৰত নিজৰ অনুদান বৃদ্ধি কৰিব আৰু বৈষম্যক স্বীকৃতি দিব বিচাৰে৷ সকলোবোৰ ধৰ্মীয় কৰ্তব্য, মন্ত্ৰ আৰু উপাখ্যানবোৰ মন কৰাচোন৷ প্ৰত্যেক স্তৰতে মৃতকৰ সুখৰ বাবে পুৰোহিতক দান কৰা আৰু তেওঁলোকৰ সম্পত্তি বৃদ্ধি কৰা৷ কিন্তু এইটো কথা খাটাঙকৈ জানি থোৱা যে মৃত্যুৰ পিছত আৰু এই পৃথিৱীৰ সিপাৰে মানুহ জীয়াই নাথাকে৷ তোমাৰ প্ৰত্যক্ষ জ্ঞানে যিটো কৈছে তাকেহে বিশ্বাস কৰা আৰু সেইমতে কাম কৰা পৰোক্ষ জ্ঞান অনুমানৰ ওপৰত ভিত্তি কৰি বিবেচনা কৰা সকলোবোৰ কথাকে মূল্যহীন বুলি নাকচ কৰা৷ তাত সত্য নাথাকে৷ সেয়ে মই তোমাক ক’ব বিচাৰোঁ যে তোমাৰ পিতৃয়ে তোমালোক সকলোকে একেবাৰেএৰি থৈ গ’ল৷ তোমাৰ সুযোগ আহিছে আৰু এই সুযোগৰ সম্পূৰ্ণ সদৱ্যবহাৰ কৰা৷

এয়া হয়তো ৰামচন্দ্ৰক ৰাজসিংহাসনত আৰোহণ কৰাৰ বাবে জাবালীৰ বুজনি৷ কিন্তু এই বুজনিৰ মাজেদি সেই সময়ৰ বস্তুবাদী চিন্তাৰ বিষয়ে স্পষ্ট আভাস পাব পাৰি৷ পুৰোহিততন্ত্ৰ আৰু কৰ্মকাণ্ড যে ভুৱা সেই কথা ভগৱান ৰামচন্দ্ৰক এজন মন্ত্ৰীয়ে ইমান স্পষ্ট কৰি বুজাই দিয়া কথাটো আচৰিত হ’বলগীয়া৷

কিন্তু ৰামায়ণত জাবালীৰ বিৰুদ্ধে ৰামচন্দ্ৰই খং উঠাৰ কাহিনীও বৰ্ণিত হৈছে৷ ইয়াত বৰ্ণনা কৰা হৈছে যে জাবালীৰ কথাত ৰামৰ ইমানেই খং উঠিছিল যে জাবালীৰ নিচিনা এজন নাস্তিক লোকক পিতৃ দশৰথে মন্ত্ৰীত্ব দিয়াৰ বাবেও অসন্তুষ্ট হৈছে৷ পিছত জাবালীয়ে ৰামচন্দ্ৰক স্পষ্টীকৰণ দিছে যে তেওঁ নাস্তিক নহয়, কেৱল ৰামক বনবাসলৈ নোযোৱাৰ বাবেহে এনেদৰে কৈছিল৷ বশিষ্ঠ মুনিয়েও জাবালীৰ কথা সমৰ্থন কৰি ৰামচন্দ্ৰৰ ভালৰ বাবেই কোৱা বুলি জাবালীক দোষমুক্ত কৰিবলৈ চেষ্টা কৰিছিল৷

কিন্তু বহুতো লোকেই ৰামচন্দ্ৰৰ খং উঠা বৰ্ণনাটো বাল্মীকিৰ মূল ৰামায়ণৰ পাঠৰ কোনোবা এটা সংস্কৰণত মুক্ত কৰা হৈছে বুলি ক’ব বিচাৰে৷ কিয়নো জাবালী আৰু ৰামচন্দ্ৰৰ কথোপকথন থকা মূল শ্লোকটোৰ লগত ৰামৰ খং উঠা বৰ্ণনা কৰা শ্লোককেইটাৰ কোনো মিল দেখা পোৱা নাযায়৷ সেইদৰে আনখন মহাকাব্য মহাভাৰতত আৰু অধিক তাত্ত্বিক ৰূপত বস্তুবাদী চিন্তাৰ বিশ্লেষণ কৰা দেখা পোৱা যায়৷ মহাভাৰতৰ শান্তিপৰ্বত ভীষ্ম আৰু যুধিষ্ঠিৰৰ কথোপকথনৰ মাজেদি বিভিন্নজন চিন্তকৰ চিন্তাধাৰা প্ৰতিফলিত হৈছে৷ উদাহৰণস্বৰূপে ভৰদ্বাজে যুক্তি প্ৰদৰ্শন কৰিছে যে জীৱন প্ৰক্রিয়াক ভৌতিক আৰু বাস্তৱ কাৰকৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি আৰু ইয়াক ব্যাখ্যা কৰাৰ বাবে আত্মাৰ ধাৰণা প্ৰয়োজনীয় নহয়৷ এই শান্তি পৰ্বত Haitukas (হেইটোকাছ) বুলি কিছুমান মানুহৰ উল্লেখ পোৱা যায় যিসকলক অতি পঢ়াশুনা কৰা লোক হিচাপে বৰ্ণনা কৰা হৈছে আৰু যিসকলে এইখন জগতৰ বাহিৰে আন এখন জগত আছে বুলি বিশ্বাস নকৰিছিল৷

মহাভাৰতত উল্লেখ কৰা বস্তুবাদী চিন্তাৰ আন এটা উদাহৰণ হৈছে ইয়াত ব্যাখ্যা কৰা স্বভাৱবাদ (naturalism) আকস্মিকতাবাদ বা য়েদৃশ্যবাদ (accidentalism)ৰ ধাৰণা৷

স্বভাৱবাদৰ মতে বস্তুক তাৰ স্বভাৱেই (প্ৰকৃতি) গঢ়ি তোলে৷ স্বভাৱ হৈছে প্ৰকৃতি৷ জীৱ থকা বা নথকা প্ৰতিটো বস্তুৱেই অস্তিত্বমান হয় আৰু বিকাশমান হয় সেই বস্তুটোত অন্তনিৰ্হিত স্বভাৱ বা প্ৰকৃতিৰ বাবে৷ এইবাবেই প্ৰত্যেকটো বস্তুৱেই বৈশিষ্ট্যপূৰ্ণ৷ পৃথিৱীখন স্ব-নিয়ন্ত্ৰিত আৰু কোনো অতিপ্ৰাকৃতিক বস্তুৱেই ইয়াক সৃষ্টি কৰা নাই৷ ই বাস্তৱ উপাদানৰ দ্বাৰা গঠিত হৈছে৷ বিশ্ব-ব্ৰহ্মাণ্ড হৈছে অগণন গাইগুটীয়া পৰিঘটনাৰ সমষ্টি৷ ইয়াৰ অৰ্থ এইটো নহয় যে বিশ্ব-ব্ৰহ্মাণ্ডখন বিশৃংখল আৰু কোনো নিয়মৰ দ্বাৰা পৰিচালিত নহয়৷ বিপৰীতে ই স্ব-নিয়ন্ত্ৰিত আৰু বাহ্যিক (extarnal) কোনো নিয়মৰ দ্বাৰা ই পৰিচালিত নহয়৷ স্বভাৱবাদে আত্মাৰ নতুন দেহ ধাৰণৰ তত্ত্বও খণ্ডন কৰি কৈছে, ‘‘যেতিয়া বাস্তৱ অভিজ্ঞতাই স্পষ্ট কৰি দেখুৱাই দিয়ে যে জীৱন্ত শৰীৰ গঠন কৰা সকলোবোৰ উপাদানেই ধ্বংস হৈ যায়, তেতিয়া কেৱল মাথোঁ পৰম্পৰাগত শিক্ষাৰ ভিত্তিতেই মৃত্যুৰ পাছত কিবা থাকি যায় বুলি বিশ্বাস কৰাটো টান হৈ পৰে৷’’

আন এক কথোপকথনত দানৱ মুখীয়াল বালীয়ে ইন্দ্ৰক কৈছে ‘‘জীৱৰ সঞ্চাৰ আৰু শৰীৰ তেওঁলোকৰ নিজা প্ৰকৃতি বা স্বভাৱৰ বাবে একে সময়তেই সৃষ্টি হৈছে৷ জীৱন আৰু শৰীৰ একেলগেই বৃদ্ধি হয় আৰু একেলগেই মৃত্যুৰ মুখামুখী হয়৷ যেনেদৰে সকলো নদীৰে শেষ ঠাই হৈছে মহানগৰ, তেনেদৰে সকলো জীৱ থকা বস্তুৰ শেষ ঠাই হৈছে মৃত্যু৷ যিবোৰ মানুহে এই কথাটো ভালকৈ জানে তেওঁলোকক কেতিয়াও মূৰ্খ সজাব নোৱাৰে৷’’ অৰ্থাৎ দেহ বা শৰীৰৰ পৰা আত্মা বা জীৱক পৃথক কৰিব খোজা তত্ত্বক ইয়াত নাকচ কৰা হৈছে৷

গতিকে আমি ক’ব পাৰোঁ যে স্বভাৱবাদৰ মতে সকলো বস্তুৱেই তাৰ স্বভাৱ অনুসৰি অস্তিত্বমান হয় আৰু আৰু সেই স্বভাৱৰ বাবে ইটো বস্তুৰ পৰা সিটো বস্তু পৃথক হয় আৰু নিজ নিজ ধৰণেৰে বিকাশ হয়৷ কাজেই স্বভাৱবাদে বস্তুৰ অস্তিত্ব আৰু বিকাশৰ বাবে ‘স্বভাৱ’ক কাৰণ হিচাপে চিহ্নিত কৰে৷ প্ৰহ্লাদে এই কথা স্পষ্ট কৰি দিছে যে ‘‘পৰিচিত বা অপৰিচিত সকলো ধৰণৰ বস্তুৱেই অস্তিত্বমান হয় সিহঁতৰ নিজা স্বভাৱৰ বাবে আৰু ইয়াৰ সৃষ্টিৰ বাবে কোনোধৰণৰ ব্যক্তিগত প্ৰচেষ্টা বা হেঁচা প্ৰয়োজনীয় নহয়৷ পৃথিৱীৰ আৰু ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ সৃষ্টিৰাজিৰ বাবে প্ৰথম কাৰণটো প্ৰকৃতি বা স্বভাৱৰ মাজতেই বিচাৰিব লাগিব, কোনো অতিপ্ৰাকৃতিক শক্তিৰ মাজত নহয়৷’’

গতিকে স্বভাৱবাদে ভাৰতীয় প্ৰাথমিক দ্বন্দ্ববাদক প্ৰতিনিধিত্ব কৰে বুলি নিঃসন্দেহে ক’ব পাৰি৷ দ্বন্দ্ববাদেও বস্তৰ গতিৰ উৎস তাৰ আভ্যন্তৰীণ সংঘাত বা বিৰোধৰ মাজত দেখাৰ দৰে স্বভাৱবাদেও বস্তুৰ অস্তিত্ব আৰু তাৰ বিকাশৰ উৎস বস্তুৰ আন্তৰ্নিহিত স্বভাৱ বা প্ৰকৃতিৰ মাজত দেখা পাইছে৷

মহাভাৰতত উল্লেখ কৰা আন এটা মতবাদ হৈছে আকস্মিকতাবাদ৷ ই পৃথিৱীৰ অসৃজন তত্ত্ব (World uncreated theory)ৰ সমৰ্থন কৰে৷ পৃথিৱীৰ অসৃজন ধাৰণা হৈছে ‘পৃথিৱীখন কোনেও সৃষ্টি কৰা নাই’ বুলি কৰা ধাৰণা বা তত্ত্ব৷ অৰ্থাৎ জগত বহিৰ্ভূত কোনো ঐশ্বৰিক শক্তিয়ে এই জগতখন সৃষ্টি কৰিছে বুলি এই মতবাদে সমৰ্থন নকৰে৷ অতি স্বাভাৱিকভাৱেই এই মতবাদে অতিপ্ৰাকৃতিক শক্তি বা ব্ৰহ্মাৰ ধাৰণা অস্বীকাৰ কৰে৷ ‘‘কাঁইটৰ তীক্ষতা, পক্ষী আৰু পতংগৰ বৈচিত্ৰ্যময় প্ৰবৃত্তি, কুঁহিয়াৰৰ মিঠা আৰু নিম গছৰ তিতা সোৱাদ এই সকলোবোৰেই আকস্মিক (accident) আৰু কোনো বাহ্যিক সংস্থাৰ দ্বাৰা সৃষ্ট নহয়৷ পৃথিৱীৰ বস্তুগত অৱস্থিতিক ঊৰ্ধত তুলি ধৰি ই ঘোষণা কৰে যে পদাৰ্থৰ মৌলিক কথাবোৰৰ স্বতঃস্ফূৰ্ত সংমিশ্ৰণৰ ফলতেই বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে৷’’ অৰ্থাৎ আধুনিক বস্তুবাদৰ দৰে তাহানিৰ এই দাৰ্শনিক চিন্তাধাৰাই বস্তুজগতখন যে প্ৰাথমিক (primary) সেই কথা স্পষ্টভাৱেই দাঙি ধৰিছিল৷ গতিকে স্বভাৱবাদৰ দৰেই আকস্মিকতাবাদেও এই বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আঁৰত কোনো স্বৰ্গীয় শক্তিৰ হাত থকাৰ কথা অস্বীকাৰ কৰে৷ এই দুয়োটা মতবাদেই তেওঁলোকৰ চিন্তাধাৰা ব্যাখ্যা কৰাৰ বাবে কোনো অতিপ্ৰাকৃতিক শক্তি সম্পৰ্কীয় ধাৰণাৰ সহায় লোৱাৰ প্ৰয়োজনবোধ নকৰে৷

গতিকে এই কথা কোৱাত অকণো অসুবিধা নাই যে ঋকবেদৰ পৰা উপনিষদ, ৰামায়ণ-মহাভাৰতলৈকে সকলোতে বস্তুবাদী চিন্তাধাৰাই বিভিন্ন আলোচনাত বিভিন্নভাৱে প্ৰতিফলিত হৈছে৷ অৱশ্যে এই সময়ছোৱাত উক্ত গ্ৰন্থসমূহত বস্তুবাদী চিন্তাধাৰাই মুখ্যস্থান পোৱা নাই যদিও বস্তুবাদী চিন্তাধাৰাৰ উন্মেষ যে এই গ্ৰন্থসমূহৰ পাততেই ঘটিছিল সেয়া আমি জানিব পাৰিলোঁ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ প্ৰাক বৌদ্ধ সময়ছোৱাত এই বস্তুবাদী চিন্তাধাৰাৰ পৰিপূৰ্ণ বিকাশ হৈছিল৷ চাৰ্বাক বা লোকায়ত দৰ্শনৰ মাজেদিয়েই ভাৰতত বস্তুবাদী চিন্তাধাৰা যথেষ্ট স্পষ্টতাৰে আৰু আপোচবিহীনভাৱে প্ৰকাশিত হৈছিল৷ লোকায়ত দৰ্শন বা বৌদ্ধ মতবাদৰ ওপৰত আলোচনা আগবঢ়োৱাৰ আগতে সেই সময়ছোৱাত উদ্ভৱ হোৱা বস্তুবাদী চিন্তা তথা চিন্তাবিদৰ লগত পৰিচয় হওঁ আহক৷

বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহত তেওঁলোকৰ সমসাময়িক আৰু তাৰ আগৰ কেইবাগৰাকী বস্তুবাদী চিন্তাবিদৰ নাম উল্লেখ আছে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে বৌদ্ধ মতবাদ উদ্ভৱৰ সময়ছোৱা চহকী বৌদ্ধিক আলোচনাৰ সময় আছিল আৰু এই সময়ছোৱাক ইয়াৰ আগৰ সময়ছোৱাৰ বৌদ্ধিক আলোচনাৰ ধাৰাবাহিকতা বুলিব পাৰি৷ ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে প্ৰাক বৌদ্ধকালীন আৰু বুদ্ধৰ সময়ছোৱাত যি তীব্ৰ মতাদৰ্শগত আৰু বৌদ্ধিক সংগ্ৰাম আৰম্ভ হৈছিল সেই সংগ্ৰামৰ ফচল আছিল গৌতম বুদ্ধ৷ বুদ্ধৰ উত্থানৰ এই পটভূমি আয়ত্ত কৰিব নোৱাৰিলে ভাৰতৰ ব্ৰাহ্মণ্যবাদ বিৰোধী সংগ্ৰামৰ ইতিহাস আয়ত্ত কৰাটো সম্ভৱ নহ’ব৷ কিয়নো পিছৰ কালত বুদ্ধক ভগৱানৰ অৱতাৰ হিচাপে চিহ্নিত কৰা হ’ল৷ অৱশ্যে বুদ্ধক ভগৱান সজোৱাৰ আঁৰত বুদ্ধৰ মতবাদক নিজৰ ঠাইতেই কবৰ দিয়াৰ চতুৰ কৌশল নিহিত আছিল৷ যিদিনাই বুদ্ধক দেশৰ মাটি, পানী আৰু জনগণৰ পৰা বিচ্ছিন্ন কৰি দেশৰ মাটিৰ লগত শিপাহীন কৰি বেলেগ এখন জগত অৰ্থাৎ স্বৰ্গৰ লগত সম্পৰ্ক স্থাপন কৰা হ’ল তেতিয়াই বৌদ্ধ মতবাদ দেশত দুৰ্বল হৈ পৰিল৷

যি কি নহওক আমি মূল কথালৈ উভতি আহোঁ৷ বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহত উল্লেখ কৰা ৬২ গৰাকী বস্তুবাদী চিন্তাবিদৰ ভিতৰত পুৰাণ কাজল, মাখালী গোসালা, অজিত কেশ কাম্বানী, পাকিডা কাচ্ছায়ন, নিৰ্গন্ধ নটশুও আৰু সঞ্জয় ৱেলাথি গুত্তৰ নাম উল্লেখযোগ্য৷

অজিত কাম্বলীয়েই চতুৰ্ভুজৰ ধাৰণা উদ্ভাৱন কৰি তেওঁ কৈছিল ‘‘বলি আৰু উচৰ্গাৰ কোনো অৰ্থ নাই আৰু পাছৰ জীৱন (after life) বুলি একো নাই৷ মানুহ চাৰিটা উপাদানেৰে গঠিত হৈছে; যেতিয়া এজন মানুহৰ মৃত্যু হয় তেতিয়া তেওঁৰ দেহত থকা মাটিভাগ পৃথিৱীলৈ, তৰলভাগ পানীলৈ, গৰমভাগ জুইলৈ আৰু কাঠখিনি বায়ুলৈ উভটি যায়৷ আনহাতে তেওঁৰ বুদ্ধিমত্তা আকাশত বিলীন হৈ যায়৷’’ কাম্বালীয়ে বুদ্ধিমত্তাক দেহজ এক সত্তা বুলিহে বিবেচনা কৰিছে, দেহৰ ঊৰ্ধত বা দেহৰ পৰা বিচ্ছিন্ন বুলি নহয়৷ তেওঁ আৰু কৈছে ‘‘ছালৰ আৱৰণে ঢাকি ৰখা ভৰিৰ পৰা ওপৰলৈকে, মূৰৰ চুলি গজা ঠাইৰ পৰা ওপৰলৈকে এই গোটেই শৰীৰটোৰ মাজত জীৱ থাকে যাক আত্মা বুলিও কোৱা হয়৷ যেতিয়া শৰীৰটোৰ মৃত্যু হয় তেতিয়া আত্মা জীয়াই নাথাকে৷ এই আত্মা দেহটো জীয়াই থকালৈকেহে জীয়াই থাকে৷ দেহটো ধ্বংস হৈ যোৱাৰ পিছত এই আত্মা জীয়াই নাথাকে৷ যিসকল লোকে আত্মাটো দেহৰ পৰা পৃথক বুলি বিবেচনা কৰে, তেওঁলোকে দেহৰ পৰা পৃথকীকৃত আত্মাটো দীঘল নে চুটি; বৰ্গাগাৰ নে আয়তাকাৰ, চক্রকাৰ নে গোলাকাৰ; একোণীয়া নে বহুকোণীয়া, সুগন্ধী নে দুৰ্গন্ধী; মিঠা, তিতা নে টেঙা; টান নে ঢিলা; গধুৰ নে পাতল; গৰম নে ঠাণ্ডা; খহটা নে মসৃণ সেই বিষয়ে একো ব্যাখ্যা কৰিব নোৱাৰে৷ সেই কাৰণে যিসকলে কয় যে আত্মাটো দেহৰ পৰা পৃথক, তেওঁলোক আচলতে ভুল৷’’ আনহাতে পাকিডা কাচ্ছায়নৰ মতে চাৰিটা উপাদান মাটি, পানী, বায়ু, অগ্নিৰ লগত আৰু তিনিটা উপাদান যোগ হৈ মানুহৰ সৃষ্টি হৈছে৷ সেইকেইটা হৈছে সুখ, দুখ আৰু আত্মা৷ কাচ্ছায়নে এই উপাদানকেইটাক ‘কায়া’ হিচাপে অভিহিত কৰিছে আৰু কৈছে যে এই কায়াকেইটা শ্বাসত, অপৰিৱৰ্তনীয় আৰু পৰস্পৰে পৰস্পৰৰ পৰা স্বাধীন৷ অৰ্থাৎ এই কায়াকেইটা আগৰে পৰাই আছে আৰু ইয়াক কোনেও সৃষ্টি কৰা নাই, ইহঁতক পৰিৱৰ্তন কৰিব নোৱাৰি আৰু ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল নহয়৷ অৰ্থাৎ কাচ্ছায়ানৰ মতে এই কায়াকেইটা মৌলিক৷ তেওঁৰ মতে মানুহৰ দেহটো এই কায়াকেইটাৰ যোগফলহে, উৎপাদন নহয়৷ তেওঁ স্পষ্ট কৰি দিছে যে মানুহৰ দেহটো এই কায়াকেইটাৰ পৰা উৎপাদিত সামগ্ৰীৰ দৰে সৃষ্টি হোৱা নাই৷

কাচ্ছায়ানৰ এই চিন্তাধাৰাৰ মাজেদি ‘মৌলিক উপাদান’ৰ এটা ধাৰণা অংকুৰিত হৈছে৷ মৌলিক উপাদান, মৌলিক কণাৰ ধাৰণা মানুহে বিজ্ঞানৰ এক অপৰিহাৰ্য অংগত পৰিণত হৈছে৷ গতিকে দুহেজাৰ পাঁচশ বছৰ আগতে মৌলিক উপাদানৰ ধাৰণা অনুমান কৰাৰ বাবে কাচ্ছায়ানৰ প্ৰজ্ঞাৰ আমি শলাগ ল’বই লাগিব৷ অৱশ্যে এইটো কথা সত্য যে ভাৰতীয় বহুকেইজন দাৰ্শনিকে মৌলিকতাৰ ধাৰণা আগবঢ়াইছে আৰু পৃথিৱীখন বা মানুহৰ দেহাটো যে পঞ্চভূত বা চৰ্তুভূত (অৰ্থাৎ কেইটামান মৌলিক পদাৰ্থৰে গঠিত)ৰ দ্বাৰা গঠিত এই ধাৰণাও মৌলিকতাৰ ওচৰাউচৰি ধাৰণাই৷ কিন্তু কাচ্ছায়ানে স্পষ্ট ৰূপত এই ধাৰণা সূত্ৰায়ন কৰি কৈছে মৌলিক উপাদান যেনেদৰে সৃষ্টি কৰিব নোৱাৰি তেনেদৰে ধ্বংসও কৰিব নোৱাৰি৷

এইখিনিতে এটা কথা উল্লেখ কৰোঁ যে কাচ্ছায়ানৰ আত্মাৰ ধাৰণা মাটি, পানী, বায়ু আৰু অগ্নিৰ লগত সমপৰ্যায়ৰ আৰু আমাৰ মাজত আত্মা সম্পৰ্কে থকা সচৰাচৰ ধাৰণাৰ পৰা মৌলিকভাৱেই পৃথক৷

সেইদৰে মাখালি গোসালা, গৌতম বুদ্ধ আৰু মহাবীৰ জৈনৰ সমসাময়িক এজন বস্তুবাদী দাৰ্শনিক আছিল৷ তেওঁ আজীৱক পন্থাৰ প্ৰতিষ্ঠাতা আছিল৷ আজীৱক পন্থা বুদ্ধৰ আগতেই উদ্ভৱ হৈছিল আৰু বেদৰ বিৰোধিতা কৰিছিল৷ দাস, দস্যু আদি নিম্নবৰ্গৰ লোকৰ মাজত এই পন্থাৰ সাংঘাটিক জনপ্ৰিয়তা আছিল আৰু ৰজা বিন্দুসাৰৰ ৰাজত্বৰ কালছোৱাত এই পন্থাই জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল৷ মাখালি গোসালা আৰু বুদ্ধ দুয়োজনেই যদিও বেদক নাকচ কৰিছিল কিন্তু একে সময়তে প্ৰতিদ্বন্দ্বীও আছিল৷ বুদ্ধ ধৰ্মৰ নিকাইসমূহতহে মাখালিৰ চিন্তাধাৰাৰ উল্লেখ পোৱা যায়৷ ৰজা আৰু অজাত শত্ৰুক মাখালি গোসালাই কৈছিল, ‘‘সকলো মেৰুদণ্ডী প্ৰাণী, এটা বা ততোধিক ইন্দ্ৰিয় থকা সকলো জন্তু, কণী আৰু গৰ্ভাশয়ৰ পৰা জন্ম হোৱা সকলো জীৱ, সকলো উদ্ভিদ জীৱ তেওঁলোকৰ বিভিন্ন প্ৰকৃতিৰ বাবেই বিভিন্ন ৰূপলৈ ৰপান্তৰ হয়৷’’

‘‘আজীৱকসকলে পুৰোহিত পূজানুষ্ঠানৰ বিৰোধিতা কৰিছিল আৰু আত্মাৰ পুনৰ দেহ ধাৰণৰ তত্ত্বক উপহাস কৰিছিল৷ তেওঁলোকে ঘোষণা কৰিছিল যে ব্ৰহ্মা নহয়, মাটি, পানী, বায়ু আৰু অগ্নি এই চাৰিটা বস্তুগত উপাদানেই বিশ্ব-ব্ৰহ্মণ্ডখনৰ মূল ভেটি৷ পৃথিৱীত যিবোৰ ঘটনা ঘটি আছে সেইবোৰ ‘কৰ্ম’ৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় ‘নিয়তি’ৰ দ্বাৰাহে হয়৷’’ এই ‘নিয়তি’ তত্ত্বই ব্ৰাহ্মণ্যবাদী পুৰোহিত শ্ৰেণীক সকলো ফালৰ পৰাই আঘাত কৰিছিল৷ এটা হৈছে তেওঁলোকৰ পেছাত আঘাত কৰিছিল আৰু আনটো হৈছে ‘কৰ্মফল’ৰ তত্ত্বৰ অসাৰতা প্ৰমাণিত হৈছিল, যাৰ ভয় দেখুৱাই পুৰোহিত তন্ত্ৰই মানুহৰ মানসিক জগতত ৰাজ কৰি আছিল৷

আন এজন বিখ্যাত বস্তুবাদী দাৰ্শনিক কাম্বালাচৱাধাতাই ব্যাখ্যা কৰিছিল যে ‘চেতনা’ দেহৰ পৰাই সৃষ্টি হয়৷ দেহৰ বিভিন্ন জৈৱিক প্ৰক্রিয়া প্ৰাণ আৰু অপাণা আদিৰ মাজেদি এই চেতনাৰ সৃষ্টি হয়৷ প্ৰাণ হৈছে বায়ুদেহৰ ভিতৰলৈ টানি নিয়া আৰু অপাণা হৈছে বায়ুদেহৰ পৰা নিশাহৰ যোগেদি বাহিৰলৈ উলিয়াই দিয়া পদ্ধতি৷ সেইদৰে খাদ্য গ্ৰহণ আৰু হজম, বিতৰণ, মগজু আৰু দেহত শক্তি উৎপাদন আৰু অলাগতীয়াল বস্তু বৰ্জনৰ এইকেইটা জৈৱিক প্ৰক্রিয়াই দেহৰ জীৱন প্ৰক্রিয়াক সঞ্চালন কৰে বুলি কৰা ধাৰণা৷ যি কি নহওক, তেওঁ কোনো এটা বস্তুৰ বিষয়ে জনাৰ প্ৰক্রিয়াকে চেতনা বুলি বিবেচিত কৰিছিল৷ সেয়ে তেওঁৰ মতে মানুহৰ আৰম্ভণি অৰ্থাৎ ভ্ৰূণাৱস্থাত চেতনাৰ অস্তিত্ব থকাটো সম্ভৱ নহয়৷ কিয়নো সেই সময়ত ইন্দ্ৰিয়বোৰ অবিকশিত অৱস্থাত থাকে৷ তেওঁ কৈছিল যে একে ধৰণৰে চেতনা দুটা ভিন্ন দেহত থাকিব নোৱাৰে৷ উদাহৰণস্বৰূপে এটা হাতীৰ মানসিক অৱস্থা এটা ঘোঁৰাৰ পৰা বেলেগ৷

ভাৰতীয় বস্তুবাদৰ আৰু এটা অতি বিকশিত ধাৰণাৰ উদ্ধৃতিৰে আমাৰ এই আলোচনা শেষ কৰিব বিচাৰিছোঁ৷ এই উদ্ধৃতিফাঁকি মহাভাৰতৰ শান্তিগৰ্ভত কপিল ঋষিৰ এজন শিষ্য পঞ্চশিখাই ৰজা জনকক কোৱা বুলি উল্লেখ কৰা হৈছে৷ ‘‘এডাল আঁহত গছৰ পাত গঁজা, ফুল ফুলা, শিপা গজা আৰু বাকলি ধৰা আদি সকলো ক্ষমতা তাৰ গুটিটোতেই নিহিত থাকে৷ এজনী গাইগৰুৱে ঘাঁহ আৰু পানী খাই, কিন্তু উৎপাদন কৰে গাখীৰ আৰু মাখন, যাৰ গুণাগুণ খাদ্যবস্তু অৰ্থাৎ কাৰণৰ পৰা সম্পূৰ্ণ বেলেগ৷ বিভিন্ন বস্তু যেতিয়া পানীত কিছুসময় গেলিবলৈ দিয়া হয় তেতিয়া তাত নিচাজাতীয় তৰল পদাৰ্থৰ সৃষ্টি হয়৷ যাৰ গুণাগুণ পানী আৰু গেলিবলৈ দিয়া বস্তুবোৰৰ পৰা ভালেখিনি বেলেগ৷ যেনেদৰে গুটিটোৰ পৰাই সকলো গুণৰ সৃষ্টি হয়, তেনেদৰে দেহটোৰ পৰাই চেতনাবোধ, মন আৰু অন্যান্য দিশবোৰৰ সৃষ্টি হয়৷ দুটা কাঠৰ টুকুৰাৰ মাজত ঘৰ্ষণ হ’লে জুইৰ সৃষ্টি হয়৷ সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে এক বিশেষ ধৰণৰ শিলে (যাক সূৰ্যকান্তা শিল বুলি জনা যায়) জুই উৎপন্ন কৰে৷ যিকোনো কঠিন ধাতু জুইত উত্তপ্ত কৰি পানীৰ সংস্পৰ্শত আহিবলৈ দিলে পানীখিনি শুকুৱাই দিয়ে৷ একেদৰে বাস্তৱ উপাদানেৰে গঠিত দেহাই মন আৰু ইয়াৰ বিভিন্ন গুণ যেনে ধাৰণা, স্মৃতি, কপ্লনা আদিৰ জন্ম দিয়ে৷ চুম্বকে লো-ক আকৰ্ষণ কৰাৰ দৰে ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰে মনে৷’’

দুটুকুৰা কাঠে যদি জুইৰ সৃষ্টি কৰিব পাৰে তেন্তে দেহৰ পৰা মন সৃষ্টি হ’ব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে? কাঠৰ গুণাগুণ আৰু জুইৰ গুণাগুণ সম্পূৰ্ণ বেলেগ৷ বস্তুৰ পৰাই যে চিন্তাৰ আৰু চেতনাৰ উৎপত্তি হৈছে এই সুপ্ৰাচীন বক্তব্যই বস্তুবাদী চিন্তা পদ্ধতিকে প্ৰতিষ্ঠা কৰা নাই; একেসময়তে ইয়াৰ মাজত বস্তুজগতক পৰিচালনা কৰা নিয়মবোৰকো আয়ত্ত কৰাৰ বৈজ্ঞানিক প্ৰচেষ্টা নিহিত আছে৷

আমি দেখিলোঁ যে বস্তুবাদী চিন্তাধাৰাই ভাৰতৰ সমাজখনত জ্ঞানচৰ্চাৰ বাট মুকলি কৰিছিল৷ কৰ্মফল আৰু আত্মাৰ দেহ ধাৰণৰ দৰে নীৰস, একঘেয়ামি আৰু অবাস্তৱ তত্ত্বৰ পাকচক্রত সোমাই থকা হ’লে ভাৰতবৰ্ষ অন্ধকাৰৰ অটল গহ্বৰত পৰি থাকিলেহেঁতেন৷

যি তত্ত্বই কেৱল অহাজনমৰ সুখৰ বাবে আৰু তেওঁৰ আত্মাটো এটা ভাল দেহত প্ৰব্ৰজন কৰাৰ প্ৰচেষ্টাত বৰ্তমান সময়টো কটাই দিবলৈ প্ৰেৰিত কৰে তেনে তত্ত্বই বস্তু জগতৰ প্ৰকৃতি আৰু স্বৰূপ নিৰ্ণয় কৰা, প্ৰকৃতি জগতৰ বিচিত্ৰতা আৰু প্ৰাকৃতিক তথা আকাশমণ্ডলৰ বিভিন্ন পৰিঘটনাৰ সম্ভেদ বিচৰা আদিৰ ফালে মানৱ সমাজক প্ৰেৰিত কৰাটো সম্ভৱ নহয়৷ সেয়ে ব্যৱহাৰিক কাৰ্যকলাপ (practical activity) আৰু বস্তুজগত সম্পৰ্কে লাভ কৰা বাস্তৱ জ্ঞানেই মানুহক বস্তুবাদী কৰি তোলে আৰু ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্রম নহয়৷ এই বস্তুবাদী জ্ঞানৰ জখলাতে মানৱ সভ্যতা অগ্ৰসৰ হৈছে৷

No comments

Powered by Blogger.