Header Ads

কৃষি সংকট, কৃষক আন্দোলন আৰু চৰকাৰৰ ভূমিকা


  • নৰেন বৰা

২০১৭ বৰ্ষটো কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ এই বৰ্ষটোতে বিভিন্ন দেশৰ প্ৰগতিশীল শক্তিসমূহে বিশ্বৰ প্ৰথম সমাজতান্ত্ৰিক বিপ্লৱৰ শতবৰ্ষ উদ্‌যাপন কৰিছে৷ আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে ২০১৭ বৰ্ষই বিশেষ গুৰুত্ব লাভ কৰা কাৰণ হৈছে এই বছৰটো মহান চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকী আৰু নক্সালবাৰী কৃষক উত্থানৰ ৫০-তম বাৰ্ষিকী৷

ঐতিহাসিক চম্পাৰণ সত্যাগ্ৰহ আছিল ভাৰতৰ স্বাধীনতা আন্দোলন আৰু গান্ধীৰ ৰাজনৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ; চম্পাৰণ সত্যাগ্ৰহে গান্ধীক ভাৰতীয় কৃষকৰ আৰু স্বাধীনতা আন্দোলনৰ এজন বৰেণ্য নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল৷ আনপিনে যিসকলে সমাজৰ বিপ্লৱীয়ে ৰূপান্তৰৰ লক্ষ্যৰে কাম কৰি গৈছে, তেওঁলোকৰ বাবে ২০১৭ বৰ্ষ হ’ল চিৰপ্ৰেৰণাৰ উৎস৷ এই ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ বছৰটোতে বিজেপি শাসিত মধ্যপ্ৰদেশৰ মান্দছৌৰত প্ৰতিবাদকাৰী কৃষকক গুলীয়াই হত্যা কৰা হৈছে৷

দুৰ্দশাগ্ৰস্ত-ঋণগ্ৰস্ত, উপান্ত প্ৰতিবাদী কৃষকৰ এই প্ৰতিবাদক কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে উপেক্ষা কৰি বিৰোধীৰ উচটনিৰ ফল হিচাপে প্ৰচাৰ চলাইছে৷  শিৱৰাজসিং চৌহান চৰকাৰে প্ৰথমে প্ৰতিবাদী কৃষকৰ ওপৰত পুলিচে গুলী কৰিছে বুলি মানি নলৈ বিবাদ সৃষ্টি কৰাৰ চেষ্টা চলাইছিল৷ তাৰ পিচত ক’লে যে, যিসকলক হত্যা কৰিলে, সেইকেইজন ‘সমাজ বিৰোধী’, তেওঁলোক প্ৰকৃত কৃষক নাছিল৷ তাৰ পিচত দুয়োটা কথা যেতিয়া সংবাদ মাধ্যম আৰু ব্যাপক ৰাইজৰ ওচৰত ফটফটীয় হ’ল, তেতিয়া বিজেপিয়ে নিজ চৰকাৰৰ ভুল ঢাকিবলৈ গৈ বিৰোধী দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বিৰোধী দলসমূহে ৰাজ্য চৰকাৰক ‘বদনামী আৰু অস্থিৰ কৰি তুলিবলৈ ষড়যন্ত্ৰ’ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি নেতা এম ভেংকায়া নাইডুৱে সংবাদ মাধ্যমত কৈছে যে, কংগ্ৰেছক আক্রমণৰ লক্ষ্য কৰি কংগ্ৰেছে মান্দছৌৰৰ কৃষক হত্যাক কেন্দ্ৰ কৰি বিজেপি চৰকাৰৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে আৰু তাৰ সুযোগ লৈ ৰাজনৈতিক মুনাফা অৰ্জনৰ চেষ্টা চলাইছে৷ এই ৰাজনীতিয়ে কৃষকৰ ক্ষতি কৰিব বুলি তেওঁ সতৰ্ক কৰি দিছে; কিন্তু বিজেপি চৰকাৰে কৃষকৰ আত্মহত্যা ৰোধ কৰাৰ বাবে কি পদক্ষেপ হাতত লৈছে তাৰ কোনো সম্ভেদ দিব পৰা নাই৷ তেনেদৰে যিজন প্ৰধান মন্ত্ৰীয়ে বিদেশৰ মাটিত সংঘটিত হত্যা হোৱা প্ৰতিটো ঘটনাত টুইট যোগে গৰিহণা দিয়ে, সেইজন ভৱিষ্যতদ্ৰষ্টাই মান্দছৌৰত পুলিচৰ গুলীবৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাত মুখ খুলিবলৈ সময় পোৱা দেখা নগ’ল৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নিজৰ সমষ্টিত বাবা ৰামদেৱৰ সৈতে যোগ দিৱস উদ্‌যাপনত ব্যস্ত থকা দেখা গ’ল মান্দছৌৰৰ কৃষক হত্যাই তেওঁৰ যোগধ্যানত ব্যাঘাত জন্মাব নোৱাৰে৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে অনশন কৰিছে আৰু প্ৰকাশ্যে ‘শান্তিৰ বাবে প্ৰাৰ্থনা’ কৰিছে৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তেওঁৰ সতীৰ্থ কৈলাশ বিজয় ভাৰ্গিয়ে ৰাইজৰ ওচৰত আচল কথা দাঙি ধৰিছে৷ মান্দছৌৰ মধ্যপ্ৰদেশৰ দৰে এখন ডাঙৰ প্ৰদেশৰ এখন জিলাহে আৰু পাঁচ বা ছজন কৃষকৰ মৃত্যুত বিশাল ৰাজ্যই কোনো ডাঙৰ বুজাপৰালৈ আহিব নোৱাৰে৷ একেই ভাষ্য প্ৰতিফলিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী এম ভেংকায়া নাইডুৰ বক্তব্যত পাঁচজন কৃষকৰ মৃত্যুৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে পদত্যাগ কৰিব লাগে বুলি দাবী জনোৱা কাৰ্যই কংগ্ৰেছৰ ৰাজনৈতিক দীনতাকহে প্ৰতিপন্ন কৰে৷ বিজেপি চৰকাৰে কৃষকৰ সমস্যাক কোন দৃষ্টিভংগীৰে চায়, ইয়াৰ পৰাই স্পষ্ট হৈ নপৰেনে?

কাৰ্যক্ষেত্ৰত বিজেপি চৰকাৰে ৰাজনৈতিক মুনাফা লুটাৰ আঁচনিৰে প্ৰতিজন মহান ব্যক্তিৰ বা ভাৰতীয় ইতিহাসৰ ঘটনাসমূহৰ অপব্যাখ্যা কৰি সেইবোৰক আত্মসাৎ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ প্ৰচাৰসৰ্বস্ব ‘স্বচ্ছ ভাৰত’ অভিযানত গান্ধীৰ পৰিচয়ক মাথোঁ তেওঁ চচমাৰ মাজত আবদ্ধ ৰাখি বিজেপিয়ে চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকীক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে৷

চম্পাৰণ সত্যাগ্ৰহে কৃষক ৰাইজক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মূল শক্তি হিচাপে সন্মুখলৈ লৈ আহিছিল৷ চম্পাৰণৰ নীল খেতিয়কসকলক দাস-সদৃশ অৱস্থা আৰু শ্ৰমৰ দুৰ্দশাৰ সৈতে তেতিয়াই গান্ধীৰ প্ৰত্যক্ষ পৰিচয় ঘটিছিল, যি পৰৱৰ্তী দশকবোৰত তেওঁৰ জাতীয়তাবাদী আলোচনাৰ ধাৰা আৰু ৰাজনৈতিক পৰিভাষাৰ ৰূপৰেখা বহুখিনি নিৰ্ণয় কৰিছিল৷ আজি সকলো চৰকাৰী কথা-বাৰ্তাই হৈছেই বিদেশী বিনিয়োগ আৰু কৰ্প’ৰেটৰ ভূমি অধিগ্ৰহণক কেন্দ্ৰ কৰি, যাৰ বাবে আজিৰ চৰকাৰে সংকটজৰ্জৰ কৃষকলৈ কোনো সাহায্য আগবঢ়োৱা নাই; বিপৰীতে অতিষ্ঠ কৃষকে জীয়াই থকাৰ বাবে কৰা আন্দোলনৰ ওপৰত পুলিচী দমন নমাইছে, গুলীয়াই কৃষকক হত্যা কৰিছে, যাৰ জ্বলন্ত উদাহৰণ হৈছে মান্দছৌৰৰ কৃষক হত্যা৷ তামিলনাডুৰ খৰাংপীড়িত আৰু ঋণগ্ৰস্ত কৃষকসকলে তেওঁলোকৰ ক্ষোভৰ কাৰণবোৰ চৰকাৰে শুনিব বুলি বহু আশা বুকুত বান্ধি সুদূৰ তামিলনাডুৰ পৰা দিল্লীলৈ আহি সংসদৰ বাহিৰত অনিৰ্দিষ্টকালৰ বাবে ধৰ্ণাত বহিছিল, কিন্তু মোদী চৰকাৰে কৃষকৰ কৰুণ আবেদনলৈও কোনো কৰ্ণপাত নকৰিলে৷

স্বাধীনতাৰ সাতটা দশকত ভাৰতীয় কৃষিৰ বিকাশৰ বাবে কোনো লেখত ল’বলগীয়া পদক্ষেপ স্বাধীন চৰকাৰে গ্ৰহণ নকৰিলে৷ যাৰ পৰিণতিত আজি দুৰ্দশাগ্ৰস্ত হাজাৰ বিজাৰ কৃষকে আত্মহত্যাৰ আশ্ৰয় লোৱা দেখা গৈছে৷ আনহে নালাগে ঐতিহাসিক চম্পাৰণ সত্যাগ্ৰহৰ এশ বছৰৰ পিচতো সেই অঞ্চল আজিও তীব্ৰ কৃষি সংকটত জৰ্জৰিত, গ্ৰামীণ দৰিদ্ৰতা আৰু অবিচাৰৰ কবলত৷ নীল খেতিৰ ঠাইত এতিয়া চেনিকল (চম্পাৰণৰ সাধাৰণ কৃষকসকলৰ ভাষাত ‘নীল গৈ আহিছে মিল’), কিন্তু জনগণৰ দুৰ্দশা অকণো কমা নাই৷ বিশাল ভূমিত চেনিকলবোৰ গঢ়ি উঠিছে, তথাপিও বহু চেনিকল বন্ধ আৰু কুঁহিয়াৰৰ দাম তথা কৃষক শ্ৰমিকৰ মজুৰি বহুতো বকেয়া হৈ থাকি গৈছে৷ আগৰ চম্পাৰণ জিলাৰ সদৰ মতিহাৰীত যাৰ সাংসদ হ’ল মোদীৰ মন্ত্ৰীসভাৰ কৃষি মন্ত্ৰী ৰাধামোহন সিং- এটা চেনিকল ২০০৫ চনৰ পৰা বন্ধ হৈ আছে৷ মোদীয়ে ২০১৪ চনত ভোটাৰসকলক প্ৰতিশ্ৰুতি দিছিল যে তাত চেনিকলটো পুনৰ খুলিব আৰু পিচত মতিহাৰীত আহি চেনিৰ মিঠা কিমান উপভোগ কৰিব৷ কিন্তু চেনিকলটো এতিয়াও বন্ধ হৈ আছে আৰু আদালতৰ নিৰ্দেশ থকা সত্বেও কুঁহিয়াৰ খেতিয়ক আৰু শ্ৰমিকসকলে তেওঁলোকে পাবলগীয়া বকেয়া পোৱা নাই৷

চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকীত শ্ৰমিক আৰু কৃষকসকল একগোট হয় আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিশ্বাসঘাতকতা আৰু নিৰ্লিপ্ততাত অতিপাত বিৰক্ত হৈ পৰে আৰু নৰেশ শ্ৰীবাস্তৱ আৰু সুৰজ বৈথা নামেৰে দুই শ্ৰমিকে আত্মহত্যাৰ চৰম পথ লয়৷ কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ গা নলৰিল আৰু দিল্লী আৰু পাটনাৰ চৰকাৰে গান্ধী সদৃশ ব্যক্তিসকলক প্ৰদৰ্শন কৰোৱাৰ মাজেদি ইতিহাসৰ ‘পুনৰাবৃত্তি’ ঘটোৱাৰ প্ৰদৰ্শনী পাতিলে৷ কিন্তু এইবোৰ ভাওৱে চম্পাৰণৰ সংগ্ৰামী কৃষক-শ্ৰমিকক অলপো আশ্বস্ত কৰিব নোৱাৰিলে৷ যোৱা ২২ এপ্ৰিলত ‘মোদীৰ গান্ধী’ক লৈ বিজেপিৰ মটৰ গাড়ীৰ শোভাযাত্ৰা যেতিয়া চিপিআই(এম-এল)য়ে অনুষ্ঠিত কৰা ‘ভূমি অধিকাৰ সত্যাগ্ৰহ’ৰ ওচৰেদি গৈছিল, তেতিয়া হাজাৰ হাজাৰ সত্যাগ্ৰহকাৰীয়ে শ্ল’গান দিছিল ‘নকল গান্ধী ওভটি যোৱা’, ‘ইতিহাসক উপসাহ নকৰিবা’, ‘বাপু আমি লজ্জিত, যিসকলে তোমাক হত্যা কৰিছিল, তেওঁলোকেই আজি শাসনত’৷

কৃষকৰ বিক্ষোভ আজি মধ্যপ্ৰদেশ বা চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰ অথবা তামিলনাডুতে সীমাবদ্ধ থকা নাই৷ দেশৰ কৃষি সংকট কিমান গভীৰ তাক বুজিবলৈ কৃষকৰ জংগী বিক্ষোভ আৰু কৃষকৰ আত্মহত্যাতকৈ ডাঙৰ প্ৰমাণৰ কিবা প্ৰয়োজন আছে নে? তাৰ পিচতো কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে কৃষিৰ বিকাশৰ ফটাঢোল কোবাবলৈ এৰা নাই৷ ভাবি চাওক, কৃষকৰ ক্ষেত্ৰত এই চৰকাৰবোৰ কিমান সংবেদনহীন! চৰকাৰে একেই সংবেদনহীনতা ক’ৰ্পৰেটৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰিব পাৰিব নে?

প্ৰকৃততে সাম্প্ৰতিক কৃষক আন্দোলনে গ্ৰাম্য কৃষি ভাৰতত সুপ্ত হৈ থকা প্ৰচণ্ড ক্ষোভৰ জাগৰণকহে প্ৰতিফলিত কৰিছে৷ কৃষি ঋণে সংকট সৃষ্টি কৰাৰ পিচত এইবাৰ নোট বাতিলে কৃষি ক্ষেত্ৰখনৰ সংকট ঘনীভূত হোৱাত ইন্ধন যোগায়৷ কৃষকে বিক্রী কৰা শস্যৰ মূল্যৰে উৎপাদনৰ খৰছখিনিও নোলায়৷ লগতে শস্যহানি, নকল বীজৰ প্ৰচলন, ধান পতান হোৱা, শুৰ পোকৰ আক্রমণ, খৰাং-বানপানী ইত্যাদি একুৰি এটা কাৰণত কৃষকৰ খেতি নষ্ট হয় বা উপযুক্ত ফচল নাপায়৷ ফলত সংকটগ্ৰস্ত কৃষকে হয় ধৰ্মঘট কৰে, নহয় আত্মহত্যাৰ পথ লয়৷ খৰাং-বানপানীৰ উপৰিও শুৰপোকৰ আক্রমণ আৰু বীজ ব্যৱসায়ীৰ প্ৰতাৰণাই শোচনীয় অৱস্থালৈ ঠেলি পঠোৱা অসমতো কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে৷

সাম্প্ৰতি স্বাভাৱিকভাৱেই কৃষকৰ আন্দোলনসমূহে দুটা মূল দাবী উত্থাপন কৰিছে ঋণগ্ৰস্ত কৃষকক সকাহ দিয়াৰ বাবে কৃষকৰ ঋণ মকুব কৰা আৰু উৎপাদিত শস্যৰ সমৰ্থন মূল্য নিশ্চিত কৰা৷ বিগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদেশখনৰ কৃষকৰ ঋণ মকুব কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ তামিলনাডু, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ দেশৰ বিভিন্ন ৰাজ্যৰ কৃষকে  কৃষি ঋণ মকুব কৰাৰ দাবী উঠাইছে৷ মধ্যপ্ৰদেশৰ প্ৰায় সকলো কৃষক সংগঠনে এই দাবীত সংগ্ৰাম কৰি যোৱা সময়ত ৰাজ্যৰ শিৱৰাজ সিং চৌহান চৰকাৰে আৰ এছ এছ নেতৃত্বাধীন কৃষক সংগঠন ভাৰতীয় কিষাণ সংঘৰ লগত সুকীয়াভাৱে বুজাপৰা কৰা দেখা গৈছে, য’ত মূল দাবীক বাদ দিয়া হৈছে৷ ফলত সাধাৰণ কৃষকৰ মাজত স্বাভাৱিকভাৱেই বিক্ষোভ বৃদ্ধি পাইছে আৰু ভৱিষ্যতে বিক্ষোভৰ তীব্ৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে৷ পুলিচৰ গুলীবৰ্ষণে এই বিদ্ৰোহ দমন কৰা সম্ভৱ নহয়, বিপৰীতে ই আন্দোলনটো চৌদিশে বিয়পি পৰাত সহায় কৰিব আৰু মধ্যপ্ৰদেশৰ ভিতৰে-বাহিৰে সংগ্ৰামী কৃষকক সংগ্ৰাম আগুৱাই নিয়াৰ বাবে দৃঢ় কৰি তুলিব৷

সমগ্ৰ ভাৰতবৰ্ষত গঢ়ি উঠা কৃষকৰ প্ৰতিবাদৰ পৰা এই কথা নিশ্চিতভাৱে ক’ব পাৰি যে কৃষকৰ পুঞ্জীভুত ক্ষোভৰ প্ৰতি চৰকাৰে উচিত মনোযোগ নিদিলে পৰিস্থিতিয়ে বিস্ফোৰণৰ ৰূপ পৰিগ্ৰহ কৰিব৷ চৰকাৰৰ হাতত নিশ্চয় সেই তথ্যৰ অভাৱ নহ’ব৷ কিন্তু পৰিস্থিতিয়ে দাবী কৰা মতে চৰকাৰে পদক্ষেপ হাতত লোৱাৰ বিপীৰতে বিৰোধী দললৈ বোকা ছটিয়াই মূল সমস্যাক ঢাকি ৰখাৰ যি অপ-কৌশল অৱলম্বন কৰিছে, তাৰ পৰিণাম স্বাভাৱিকভাৱেই অতি ভয়াৱহ হৈ পৰিব৷

উল্লেখযোগ্য যে কৃষি সংকটৰ কাৰণসমূহ উ্‌ঘাটন কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োৱাৰ বাবে প্ৰথম ইউ পি এ চৰকাৰে প্ৰখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ নেতৃত্বত এক ৰাষ্ট্ৰীয় আয়োগ গঠন কৰিছিল আৰু স্বামীনাথন আয়োগে ডিচেম্বৰ ২০০৪ আৰু অক্টোবৰ ২০০৬-ৰ ভিতৰত পাঁচ খণ্ডৰ প্ৰতিবেদন চৰকাৰ ওচৰত দাখিল কৰিছিল৷ স্বামীনাথন আয়োগে ভূমি সংস্কাৰ, জলসিঞ্চন সংস্কাৰ, ঋণৰ সম্প্ৰসাৰণ আৰু পুনৰগঠনৰ লগতে উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্যৰ পৰামৰ্শাৱলী আগবঢ়াইছিল৷ কিন্তু অতি পৰিতাপৰ বিষয় যে সেই প্ৰতিবেদনৰ ওপৰত কি কংগ্ৰেছ, কি বিজেপি কোনো চৰকাৰে গুৰুত্ব নিদিলে৷ আনকি সংসদতো বিশেষ গুৰুত্বৰে কোনো আলোচনা অনুষ্ঠিত কৰা নহ’ল৷ আনকি আজিও মান্দছৌৰত কৃষকৰ হত্যাৰ ন্যায় বিচাৰি যেতিয়া দাবী উঠিছে, যেতিয়া কৃষকৰ ঋণ মকুবৰ দাবীয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে, তেতিয়া নীতি আয়োগৰ বিশেষজ্ঞ, অধ্যাপক ৰমেশ চান্দে ‘অযৌক্তিক আশা কৰা’ৰ বাবে কৃষকক দায়ী কৰিছে আৰু ‘জনতোষণবাদে’ৰে কৃষকক ‘নষ্ট’ কৰাৰ বাবে ৰাজনীতিবিদক জগৰীয়া কৰিছে৷ অধ্যাপক চান্দে কৃষি অৰ্থনীতিৰ উদাৰীকৰণৰ বিধান দিছে, বিস্তত ঠিকা খেতিৰ বাবে আইন প্ৰণয়ন কৰা আৰু এক কথাত, সমগ্ৰ কৃষি খণ্ডক ক’ৰ্পৰেটৰ হাতত গতাই দিয়াৰ বিধান দিছে৷

দেশৰ বিভিন্ন ৰাজ্যত কৃষি ঋণ মকুবৰ দাবীয়ে যেতিয়া জনপ্ৰিয়তা লাভ কৰিছে আৰু বহু ৰাজনৈতিক নেতাই সেই দাবীৰ পক্ষত মাত মাতিছে, আনকি কেইবাখনো ৰাজ্য চৰকাৰে ঋণ মকুবৰ কথা ঘোষণা কৰিছে, সেই সময়তে ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ উৰ্জিৎ পেটেলে সংশিষ্ট ৰাজ্য চৰকাৰসমূহক ঋণ মকুব নকৰিবলৈ কঠোৰভাৱে সঁকীয়াই দি কৈছে যে, ইয়াৰ পৰিণতিত দেশৰ অৰ্থনীতিলৈ গভীৰ সংকট নামি আহিব আৰু মুদ্ৰাস্ফীতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব৷ তাৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে স্পষ্ট কৰি দিছে যে কৃষকৰ ঋণ মকুবৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো দায়িত্ব নলয়৷ সেই দায়িত্ব সংশিষ্ট ৰাজ্য চৰকাৰসমূহৰ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় ৰিজৰ্াভ বেংকে প্ৰকাশ কৰা তথ্য মতে বৰ্তমান ভাৰতত বিভিন্ন ক’ৰ্পৰেট গোষ্ঠী তথা কোম্পানীয়ে পৰিশোধ নকৰা বেংক ঋণৰ পৰিমাণ ৮ লাখ কাটি টকা ইয়াৰে সিংহভাগ, অৰ্থাৎ ৬ লাখ কোটি টকা ৰাষ্টীয়কৃত বেংকৰ পৰা লোৱা৷ তথ্যৰ পৰা জনা গৈছে যে সৰ্বমুঠ অনাদায়ী ঋণৰ (এন পি এ) ২৫ শতাংশই আছে ১২ টা বৃহৎ মালিকানা গোষ্ঠীৰ হাতত৷ যেতিয়া বেংক ঋণ আদায় কৰাৰ বাবে কৃষকৰ ওপৰত তীব্ৰ হেঁচা দিয়া হৈছে, তেতিয়া ৰিজাৰ্ভ বেংকে আনকি ঋণ অনাদায়ী কোম্পানীবোৰৰ নাম ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই৷ প্ৰ হয়, চৰকাৰৰ এই দৰদ কাৰ স্বাৰ্থত? কৃষকৰ ক্ষুদ্ৰ ঋণ মকুব কৰিলে ‘দেশৰ অৰ্থনীতি বিধস্ত হ’ব’, কিন্তু এই আঠ লাখ কোটি টকা আদায় কৰাৰ বাবে চৰকাৰে কি পদক্ষেপ হাতত লৈছে? নে বেংক ঋণ লৈ বিদেশলৈ পলায়ন কৰা সুৰা সম্ৰাট বিজয় মালিয়াৰ দৰে এইসকলকো চৰকাৰে পলায়ন কৰাৰ সুযোগ দিব? ক্ষমতাত কংগ্ৰেছ, বিজেপি যি চৰকাৰেই নাথাকক, এইবোৰ বিষয়ৰ আজি উচিত বিচাৰ হোৱা অতি জৰুৰী৷

ভাৰতৰ দীৰ্ঘ-দিনীয়া কৃষি সমস্যা থাওকতে সমাধান অসম্ভৱ হস্ৰকালীন আৰু দীৰ্ঘকালীন দুয়োধৰণৰ পৰিকপ্লনাৰ প্ৰয়োজন৷ দীৰ্ঘকালীন আঁচনিৰ অধাৰত তাৎক্ষণিকভাৱে কৃষকক সঁকাহ দিয়াকে ধৰি এলানি হস্ৰকালীন আঁচনিৰ প্ৰয়োজন৷ কিন্তু বুনিয়াদী কথা হৈছে, এই আঁচনি ক’ৰ্পৰেটৰ স্বাৰ্থত নহয়, হ’ব লাগিব কৃষকৰ স্বাৰ্থত. দেশৰ কৃষি অৰ্থনীতিৰ বিকাশৰ স্বাৰ্থত. দেশীয় বজাৰৰ স্বাৰ্থত, দেশবাসীৰ স্বাৰ্থত৷ সময় থাকোতেই পদক্ষেপ হাতত নল’লে শাসকসকল  অৱধাৰিতভাৱে সন্মুখীন হ’ব প্ৰৱল কৃষক বিদ্ৰোহৰ৷ মান্দছৌৰে তাৰেই ইংগিত বহন কৰিছে৷

No comments

Powered by Blogger.