Header Ads

কৰ্প’ৰেট ৰাজনীতিৰ মিতিৰালিৰ আইনীকৰণ : নিৰ্বাচনী বণ্ড আৰু নিৰ্বাচনী সংস্কাৰ


  • ৰুবুল শৰ্মা

আমাৰ দেশত সংবিধান গৃহীত হোৱাৰ সময়ত বি আৰ অম্বেদাকাৰে সংবিধান সভাত কৈছিল ‘ৰাজনীতিত আমি সমান আৰু সামাজিক তথা অৰ্থনৈতিক ক্ষেত্ৰত আমি অসমান৷ ৰাজনীতিত এজন মানুহৰ এটা ভোটৰ নীতিক আৰু এটা ভোটৰ একেই মূল্যক স্বীকৃতি দিয়া হয়৷ আমাৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত, সামাজিক-অৰ্থনৈতিক গাঁথনিৰ বাবে আমি এজন মানুহৰ একেই মূল্যক স্বীকৃতি নিদিও৷ কিমান দিনলৈ এই বিৰোধমূলক জীৱন আমি কঢ়িয়াই নিম?’ আম্বেদকাৰে ১৯৪৯ চনৰ ২৫ নৱেম্বৰত কোৱা কথাৰ ৰূঢ় বাস্তৱতা আজিও বিদ্যমান৷ আমাৰ সংসদীয় গণতন্ত্ৰ আৰু সমাজ বা দেশত প্ৰকৃত গণতন্ত্ৰৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে৷ এতিয়াও সমাজত দলিত, সংখ্যালঘু, নাৰী সমাজৰ সমঅধিকাৰ, সমমৰ্যাদা প্ৰতিষ্ঠা হোৱা নাই৷ যিটো এখন দেশৰ গণতন্ত্ৰৰ বুনিয়াদী বিষয়৷

সংসদীয় ব্যৱস্থাত ধনী-দুখীয়া সকলোৰে এটা ভোট যেনেকৈ আছে, সেইদৰে নিৰ্বাচনত সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে৷ এনে অধিকাৰ প্ৰত্যেকৰে আছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত নিৰ্বাচনত ইচ্ছা থাকিলেও সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে৷ আপোনাৰ যদি ধন, বল নাই, শক্তিশালী ধনবল মহলৰ সমৰ্থন নাই তেন্তে আপুনি নিৰ্বাচনত উঠিব নোৱাৰে৷ আনকি ‘পৰিচয়’ (Identity) ৰাজনীতিৰ ক্ষেত্ৰতো শক্তিশালী শ্ৰেণীৰ সমৰ্থন লাগিব৷ বৰ্তমান দেশৰ নিৰ্বাচন ব্যৱস্থা প্ৰচুৰ ব্যয়বহুল পৰিছে৷ সেয়ে বৃহৎ বনিয়া তথা কৰ্প’ৰেট গোষ্ঠীৰ সহায়-সমৰ্থন অবিহনে নিৰ্বাচন যুঁজৰে ক্ষমতা দখল কৰিব পৰা নাযায়৷ আনহাতে নিৰ্বাচনৰ পিছত ক্ষমতাত বহা দলে সেয়েহে বৃহৎ ব্যৱসায়ী তথা কৰ্প’ৰেটৰ স্বাৰ্থত কাম কৰিব লাগিব৷

ক’ৰ্পৰেট পুঁজি স্বাভাৱিকভাৱেই বৃহৎ দললৈ যায়৷ বিশেষকৈ ক্ষমতাত থকা দলক প্ৰধানতঃ বৃহৎ ব্যৱসায়ীয়ে ধন দিয়ে৷ এনে পুঁজিৰ কোনো স্বছতা নাথাকে৷ আগৰ কংগ্ৰেছৰ দিনত জন প্ৰতিনিধিত্ব আইন (Representation of Peoples' Act.) আৰু কোম্পানী আইনত ২০ হাজাৰ টকাৰ ওপৰত ৰাজনৈতিক দলক বৰঙণি দিলে তাৰ তালিকা জমা দিব লাগিছিল, লগতে যিকোনো কোম্পানীয়ে নিজৰ লাভৰ ৭.৫ শতাংশ বৰঙণি দিব পাৰিছিল৷ কিন্তু কোন দলক কিমান দিছে তাৰ এটা হিচাপ আছিল আৰু নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগিছিল৷

এতিয়া মোদী চৰকাৰে গোটেই ব্যৱস্থাটো সলনি কৰি কৰ্প’ৰেট ধন ৰাজনৈতিক দলে খুচিমতে গ্ৰহণ কৰাটো আইনী ৰূপ দিব৷ যোৱা কেন্দ্ৰীয় বাজেটত বিত্তীয় বিধেয়ক (Money Bill) গৃহীত হয়৷ ফলত জন প্ৰতিনিধি আইনৰ ২৯ ‘খ’ উপধাৰা আৰু কোম্পানী আইনৰ ১৮২ উপধাৰা সংশোধন কৰিলে৷ সেয়ে এতিয়া কৰ্প’ৰেটে নিজৰ খুচিমতে ৰাজনৈতিক দলক ধন দিব পাৰিব আৰু কোন দলক কিমান দিছে সেইটো গোপন থাকিব৷ ই দৰাচলতে অন্ধকাৰ ৰাজনৈতিক পুঁজি গঠনৰ এক প্ৰক্রিয়াত সোমাই পৰিল৷ অৱশ্যে আগৰ ২০ হাজাৰ টকাৰ ওপৰত ধন দিলে সবিশেষ প্ৰকাশ কৰাৰ সিদ্ধান্ত সলনি কৰি ২০০০ টকা কৰিছে৷ কোন দলক কৰ্প’ৰেটে ধন দিছে সেইটো মুকলি হ’ব লাগে বুলি দাবী উঠাত অৰুণ জেটলীয়ে সংসদত কয় যে, সেইটো প্ৰকাশ হ’লে বৰঙণি দিয়া কোম্পানীটোৰ ওপৰত আন দলে অপ্ৰয়োজনীয় হেঁচা দিব৷ মুঠতে গোটেই কাৰবাৰটো গোপন আৰু দুৰ্বোধ্য হৈ পৰিছে৷ লগতে কৰ্প’ৰেট-ৰাজনীতিৰ মাজত গঢ়ি উঠা শঠামিতিৰালি অধিক মজবুত হ’ব৷

কৰ্প’ৰেটে নিজৰ মুনাফাৰ ৭.৫ শতাংশ ধন দিব পৰা সিদ্ধান্তও বাতিল কৰিলে৷ ফলত খুচিমতে দিয়াৰ সিদ্ধান্ত চৰকাৰে লৈছে৷ কৰ্প’ৰেটে কেনেদৰে ৰাজনৈতিক দলক ধন দিব? সেইক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লৈছে যে ‘নিৰ্বাচনী বণ্ড’ গঢ়ি তুলিব৷ এই বণ্ড নিৰ্দিষ্ট বেংকত থ’ব আৰু যিকোনো দাতাই সেই বণ্ড কিনিব পাৰিব৷ কিন্তু কোন দলৰহৈ কিনিলে সেইটো গোপন থাকিব৷ আনকি আগৰ জনপ্ৰতিনিধি আইনৰ ২৯ ‘খ’ উপধাৰাই চৰকাৰী কোম্পানী আৰু বিদেশী উৎসৰ পৰা ৰাজনৈতিক দলে বৰঙণি লোৱাত বাধা আৰোপ কৰিছিল৷ এতিয়া সেই বাধা আঁতৰিল৷

আগৰ ইউ পি এ চৰকাৰৰ দিনৰ পৰাই কৰ্প’ৰেট-ৰাজনীতিৰ গোপন মিতিৰালিৰ গোটেই প্ৰক্রিয়াটো আইনী ৰূপ দিয়া হ’ল৷ আনহাতে, এইটো স্বাভাৱিক হৈ পৰিল যে শাসনৰ গাদীত থকা দলকেই ক’ৰ্পৰেট তথা বৃহৎ ব্যৱসায়ীয়ে ধন দিব৷ সকলো ব্যৱসায়ীয়ে নিশ্চয়কৈ শাসনাধিষ্ঠ দলক সন্তুষ্ট কৰিবলৈ স্বাভাৱিকভাৱেই আগ্ৰহ প্ৰকাশ কৰিব৷ ইয়াৰ বিনিময়ত চৰকাৰে সেই কৰ্প’ৰেট মহলক সন্তুষ্ট কৰিবলৈ নীতি গ্ৰহণ কৰিব৷ আনকি অতি বদনামী তথা দুৰ্নীতিগ্ৰস্ত কোম্পানীয়েও শাসকীয় দলক ধন যোগান ধৰি নিকা  হ’ব বিচাৰিব৷ সবাতোকৈ ডাঙৰ কথা হৈছে সৰু সৰু দলবোৰ ভিকহু হ’ব৷ কৰ্প’ৰেটে ক্ষমতা দখল কৰিব নোৱাৰা তথা সৰু দলক বৰঙণি দিবলৈ আগ্ৰহ প্ৰকাশ নকৰিব৷

ভাৰতৰ নিৰ্বাচন আয়োগে পলমকৈ হ’লেও কেন্দ্ৰীয় চৰকাৰৰ এনে নীতিৰ বিৰোধিতা কৰিছে৷ লগতে জনপ্ৰতিনিধি আইন আৰু কোম্পানী আইনৰ সংশোধন বাতিল কৰিবলৈ কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিছে৷ সেই চিঠিৰ কোনো সঁহাৰি এতিয়ালৈকে চৰকাৰে দিয়া নাই৷ কেন্দ্ৰৰ বিজেপি চৰকাৰে লুক-ঢাক নোহোৱাকৈ কৰ্প’ৰেট -ৰাজনীতিৰ মিতিৰালিক সুদৃঢ় কৰিলে৷ এই গোটেই সিদ্ধান্তই নিৰ্বাচনী সংস্কাৰৰ দাবী কৰে৷ কিছুৱে কৈছে, নিৰ্বাচনী খৰছৰ বাবে ৰাষ্ট্ৰৰ পুঁজি গঠন হ’ব লাগে, যি দলে যিমান ভোট পাইছে সেই হিচাপত ৰাষ্ট্ৰৰ পুঁজিৰ পৰা ধন দিব৷ কিন্তু এনে প্ৰস্তাৱক  নিৰ্বাচন আয়োগকে ধৰি বহু দলে সমৰ্থন কৰা নাই৷

গণতান্ত্ৰিক মহলৰ পৰা দাবী উঠিছে যে মোদী চৰকাৰে ৰাজনৈতিক দলৰ পুঁজি গঠনৰ যি সিদ্ধান্ত লৈছে সেয়া বাতিল কৰিব লাগে৷ সবাতোকৈ গুৰুতৰ কথা হৈছে, বদনামী অথবা দুৰ্নীতিগ্ৰস্ত কোম্পানীয়েও দলীয় পুঁজিত ধন বৰঙণি হিচাপে দি চৰকাৰৰ প্ৰভাৱিত কৰিব পাৰিব৷ এনেদৰে ক’লা ধনৰ গৰাকীয়েও গোপন বৰঙণি দি ক’লা ধন বগা কৰাৰ সুযোগ লাভ কৰিব৷ এই গোটেই প্ৰক্রিয়াই সংসদীয় গণতন্ত্ৰৰ যিকণ গৰিমা আছিল তাতো বিকৃতি সৃষ্টি কৰিব আৰু গোটেই নিৰ্বাচনী ব্যৱস্থাটো দৰিদ্ৰ জনগণ তথা সংগ্ৰামী ৰাজনৈতিক দলৰ বিৰুদ্ধে যাব৷

এনে অৱস্থাত নিৰ্বাচনী সংস্কাৰ অতি জৰুৰী হৈ পৰিছে৷ তাৰ বাবে প্ৰথমেই জন প্ৰতিনিধি আইন আৰু কোম্পানী আইনৰ সংশোধন তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবী তুলিব লাগিব৷ দ্বিতীয়তে, নিৰ্বাচনত দলীয় ভোটৰ হাৰ অনুসৰি লোকসভা বা বিধান সভাৰ আসন পোৱাৰ ব্যৱস্থা কৰিব লাগিব৷ অৰ্থাৎ জনপ্ৰতিনিধিত্বমূলক আসন লাভ কৰা৷ উদাহৰণ স্বৰূপে হৈ যোৱা উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিয়ে ৪১ শতাংশ ভোট পাইছে, কিন্তু আসন পাইছে ৩২৫খন, অথচ মায়াৱতীৰ বি এছ পিয়ে ২২.২ শতাংশ ভোট পাইছে, কিন্তু মাত্ৰ ১৯খন আসন পাইছে৷ গতিকে ই সমানুপাতিক হোৱা নাই৷ সমানুপাতিক প্ৰতিনিধিত্বৰ দাবী আমি উঠাব লাগিব৷ তৃতীয়তে ই ভি এমত ভোটাৰ টেইলৰ পেপাৰৰ ব্যৱস্থা কৰা৷ অৱশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে এনে ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে৷ কিন্তু প্ৰতিটো ভোট আৰু প্ৰতিটো নিৰ্বাচনী কেন্দ্ৰত ইয়াক প্ৰয়োগ কৰিব লাগিব৷ চতুৰ্থতে, ৰাজনৈতিক দলৰ পুঁজিৰ স্বচ্ছতা অনা আৰু ৰাজনৈতিক দলক তথ্য জনাৰ অধিকাৰ আইনৰ আওতালৈ আনিব লাগিব৷ এতিয়াও এই আইনৰ বাহিৰত দলসমূহ থাকি গৈছে৷ ফলত ভয়ংকৰ দুৰ্নীতিক উদ্‌গণি যোগোৱা হৈছে আৰু স্বজনতোষী পুঁজিবাদক শক্তিশালী কৰিছে৷ শেষত জনপ্ৰতিনিধিক ওভতাই অনাৰ অধিকাৰ থকাৰ ব্যৱস্থা কৰিব লাগিব৷ যাতে জনবিৰোধী কাম কৰা প্ৰতিনিধিক ওভতাই অনাৰ অধিকাৰ ভোটাৰ ৰাইজে লাভ কৰে৷

মুঠতে দেশৰ নিৰ্বাচন ব্যৱস্থা বা ৰাজনৈতিক দলৰ ওপৰত ক’ৰ্পৰেট ক্রমবৰ্দ্ধমান নিয়ন্ত্ৰণক কঠোৰভাৱে বাধা দিব নোৱাৰিলে প্ৰকৃত সংস্কাৰ নহ’ব৷ নিৰ্বাচনী সংস্কাৰৰ দাবী সেয়েহে সামগ্ৰিক সাধাৰণ গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্বপূৰ্ণ বিষয় পৰিছে৷

No comments

Powered by Blogger.