Header Ads

কৃষক বিদ্ৰোহ : আত্মহত্যাৰ পৰা প্ৰতিবাদলৈ


  • পংকজ কুমাৰ দাস

আৰ্থিক উদাৰীকৰণ নীতি ১৯৯১ চনত ৰূপায়ণ কৰাৰ পিছৰে পৰা দেশত কৃষি সংকট গভীৰ হৈ পৰিছে৷ ফলত লাখ লাখ কৃষকে আত্মহত্যাৰ পথ বাচি ল’বলৈ বাধ্য হৈছে৷ সম্প্ৰতি কৃষকসকলে আত্মহত্যাৰ পৰিবৰ্তে প্ৰতিবাদৰ পথত নামিছে৷ মধ্যপ্ৰদেশৰ মান্দাছৌত অলপতে সংঘটিত কৃষক বিদ্ৰোহে দেশৰ ৰাজনীতি কঁপাই তুলিছে৷ যোৱা ৬ জুনত প্ৰতিবাদী কৃষকৰ ওপৰত মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰে গুলিচালনা কৰে৷ গুলিচালনাত ৯ জন কৃষকৰ মৃত্যু হৈছে আৰু বহুতে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দিছে৷ উল্লেখযোগ্য যে কৃষকসকলে শস্যৰ উচিত মূল্য আৰু কৃষি ঋণ ৰেহাই দাবীত ১ জুনৰ পৰা আন্দোলন আৰম্ভ কৰে৷ কিন্তু আন্দোলনৰ এই দীঘলীয়া সময়ছোৱাত চৰকাৰে আন্দোলনকাৰী কৃষকৰ দাবীসমূহৰ প্ৰতি কোনো গুৰুত্ব নিদিলে৷ আনহাতে প্ৰতিবাদী কৃষকসকলক ‘সমাজ বিৰোধী’ হিচাপে চিহ্নিত কৰি প্ৰচাৰ চলালে৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আন্দোলনকাৰী কৃষকসকলৰ সমস্যা সমাধান কৰাৰ পৰিবৰ্তে ‘শান্তি’ৰ হকে অনশন কাৰ্যসূচী পালন কৰি নাটক ৰচনা কৰিছে৷ তেনেদৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধামোহন সিঙে আন্দোলনকাৰী কৃষকসকলক যোগাভ্যাস কৰিবলৈ পৰামৰ্শ দিছে৷ কৃষি মন্ত্ৰী গৰাকীৰ এনে উদ্ভত আচৰণৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সংগঠিত হৈছে৷ দৰাচলতে এনে আচৰণে কৃষকসকলৰ সমস্যাৰ প্ৰতি ‘শূণ্য’ সহানুভূতি নথকাটোকে স্পষ্ট কৰিছে আৰু এনে মন্তব্যই নিশ্চিতভাৱে বিদ্ৰোহী কৃষকসকলক অধিক জংগী হ’বলৈ বাধ্য কৰাব৷ মান্দাছৌৰ আন্দোলনতো সেয়ে ঘটিছে, ইয়াত অস্বাভাৱিকতা একো নাই৷ গ্ৰামীণ বিষয়ক মেগাচেচে বিজয়ী প্ৰখ্যাত সাংবাদিক পালাগুমী চাইনাথে এটা সাক্ষাৎকাৰত কৈছে যে, চৰকাৰে জানে কি কৰিব লাগে, কিন্তু চৰকাৰৰ এইক্ষেত্ৰত কোনো সদ্দিছা নাই৷ তেওঁলোকে মিছা কথা কয় যেতিয়া জনগণক ক্ষমতাত আহিলে সকলো দিয়াৰ কথা কোৱা হয়৷ তেওঁ আনকি কৈছে যে স্বামীনাথন আয়োগৰ প্ৰতিবেদনৰ ওপৰত সংসদত আলোচনা কৰিবলৈও চৰকাৰৰ এক মিনিটো সময় নাই৷ আনহাতে মহাৰাষ্ট্ৰ চৰকাৰে যেতিয়া কৃষক সকলৰ কৃষি ঋণ মকুব কৰা সিদ্ধান্ত ঘোষণা কৰিছে, তেতিয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে কৈছে যে কৃষি ঋণ ৰেহাইৰ ধন কেন্দ্ৰীয় চৰকাৰে বহন নকৰে৷ কি অদ্ভত এখন নাটক৷

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে কৃষকৰ ঋণ মকুব কৰা, উৎপাদিত শস্য উচিত মূল্য ধায্য, পৰ্যাপ্ত কৃষি সাহায্য, জলসিঞ্চনকে ধৰি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰি ক্ষমতাত আহিছিল৷ কৃষকৰ আত্মহত্যাৰ ঘটনা নিবৰ্াচনত দলটোৰ অন্যতম প্ৰধান বিষয় আছিল৷ বিজেপি দলে ঘোষণা কৰিছিল যে কেন্দ্ৰত বিজেপি দল শাসনত আহিলে দেশৰ কৃষকসকলৰ বাবে আছা দিন আহিব৷ আছা দিনৰ আশাত দেশৰ লাখ লাখ কৃষক ‘মোদী ঢৌ’ত উটি গ’ল৷ কিন্তু আজি পৰিস্থিতিৰ পৰিবৰ্তন নহ’ল৷ ইউ পি এ চৰকাৰৰ পথ অনুসৰি কৰি এন ডি এ চৰকাৰে এটাৰ পিছত আনটোকৈ কৃষক বিৰোধী নীতি গ্ৰহণ কৰিছে৷ ক’ৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত পূৰ্বতকৈ অধিক কৃষক বিৰোধী স্থিতি গ্ৰহণ কৰিলে৷ মোদী চৰকাৰে শাসনত বহিয়েই ২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইনৰ পৰিবৰ্তন ঘটনাই অধ্যাদেশ জাৰি কৰিলে৷ যি অধ্যাদেশৰ জৰিয়তে কৃষকৰ ভূমি চৰকাৰে ইছামতে অধিগ্ৰহণ কৰাৰ অধিকাৰ অৰ্জন কৰাৰ চেষ্টা চলালে৷ দেশজোৰা প্ৰবল প্ৰতিবাদৰ মুখত চৰকাৰে অধ্যাদেশখন বাতিল কৰিবলৈ বাধ্য হয়৷ দেশৰ বিভিন্ন প্ৰান্তত ক’ৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত কৃষকৰ ভূমি অধিগ্ৰহণ কৰাৰ পদক্ষেপ চৰকাৰে লৈ আহিছে৷ সেয়া কেতিয়াবা পাৱাৰ গ্ৰীডৰ নামত, কেতিয়াবা খনন কাৰ্যৰ নামত, কেতিয়াবা উদ্যোগ প্ৰতিষ্ঠা কৰাৰ নামত৷ আনহাতে অতি পৰিতাপৰ কথা যে কৃষকৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে প্ৰেমজনিত ঘটনা বুলি অভিহিত কৰি কৃষকসকলৰ প্ৰতি উপলুঙা মন্তব্য প্ৰকাশ কৰিছিল৷ কিন্তু সাম্প্ৰতিক তামিলনাডু, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়াণা আদি ৰাজ্যৰ কৃষকৰ প্ৰবল প্ৰতিবাদে চৰকাৰৰ এই মিথ্যাচাৰ উদঙাই দিছে৷ তামিলনাডুৰ কৃষকে দীৰ্ঘদিন ধৰি দিল্লী ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আনকি উলংগ হৈও প্ৰতিবাদ কৰিছে৷ কিন্তু এবাৰো প্ৰধানমন্ত্ৰীয়ে সমস্যা সমূহৰ ওপৰত আলোচনা কৰিবলৈ আন্দোলনকাৰী সংগঠনসমূহক নিমন্ত্ৰণ নজনালে৷

উল্লেখযোগ্য যে চৰকাৰৰ ৰাষ্ট্ৰীয় ক্রাইম ৰেকৰ্ড ব্যু’ৰৰ প্ৰতিবেদন মতেই ২০১৪ চন আৰু ২০১৫ চনৰ ভিতৰত কৃষকৰ আত্মহত্যাৰ ঘটনা ৪২ শতাংশলৈ বৃদ্ধি পায়৷ সেই অনুসৰি মহাৰাষ্ট্ৰত ৩,০৩০ আৰু ৩৭.৮ শতাংশ, তেলেংগানাত ১,৩৫৮ আৰু ১৭ শতাংশ, কৰ্ণাটকত ১,১৯৭ আৰু ১৪.৯ শতাংশ, ছত্তিশগড়ত ৮৫৪ আৰু ১০.৭ শতাংশ, মধ্যপ্ৰদেশত ৫৮১ আৰু ৭.৩ শতাংশ, অন্ধ্ৰপ্ৰদেশত ৫১৬ আৰু ৬.৪ শতাংশ৷ ইয়াৰ উপৰিও অসমৰ দৰে আন বহু ৰাজ্য আছে য’ত কৃষকৰ আত্মহত্যাৰ ঘটনা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে৷
পৰিস্থিতিৰ ইতিবাচক দিশ হৈছে যে কৃষকসকলে আত্মহত্যাৰ পথৰ পৰা ৰাজপথৰ আন্দোলনলৈ ওলাই আহিছে৷ চৰকাৰৰ দীৰ্ঘকালৰ অৱহেলা, প্ৰতাৰণা, বিশ্বাসঘাটকতাৰ পিছত সম্প্ৰতি কৃষক আন্দোলনে বিদ্ৰোহৰ ৰূপ পৰিগ্ৰহ কৰাৰ দিশত গতি কৰিছে৷ মহাৰাষ্ট্ৰত কৃষক সকলে উৎপাদিত হাজাৰ হাজাৰ লিটাৰ গাখীৰ ৰাস্তাত পেলাই দি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে কৃষি ঋণ ৰেহাই দিয়াৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছত দেশৰ সকলো ৰাজ্যতে কৃষি ঋণ ৰেহাইৰ দাবীত কৃষকসকল ৰাজপথত নামিছে৷ এক কথাত সাম্প্ৰতিক ভাৰতবৰ্ষত কৃষক বিদ্ৰোহে নতুন মাত্ৰা অৰ্জন কৰিছে৷

দৰাচলতে কৃষি আৰু কৃষক সংকট এতিয়া দেশৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে৷ কোনোখন চৰকাৰেই এই সমস্যা সমাধান কৰাৰ বাবে ইতিবাচক নীতি তথা পদক্ষেপ গ্ৰহণ কৰা নাই৷ ফলত এই সমস্যা অতি গভীৰ হৈ পৰিছে৷ চৰকাৰে কৃষকৰ এই প্ৰতিবাদৰ ভাষা শুনিবলৈ মান্তি নহয়৷ বৰং বৰ্বৰভাৱে কৃষক আন্দোলনক মষিমূৰ কৰাৰ বাবে পুলিচী সন্ত্ৰাস জাপি দিছে৷ দৰাচলতে ভাৰতবৰ্ষৰ কৃষক সকলৰ এই সংকটাপন্ন অৱস্থাৰ বাবে ক’ৰ্পৰেট স্বাৰ্থবাহী কৃষক বিৰোধী চৰকাৰৰ কৃষি নীতিয়ে জগৰীয়া৷ চৰকাৰে দেশৰ জি ডি পি বৃদ্ধিৰ কথা কয়, কিন্তু কৃষকসকলৰ উৎপাদিত শস্যৰ উচিত মূল্য দিয়াৰ বাবে কোনো ব্যৱস্থা লোৱা নাই, ৰাজহুৱা খণ্ড তথা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ সেই ঋণ পৰিশোধ কৰিব নোৱাৰি কৃষকসকল সৰ্বশ্ৰান্ত হৈ পৰিছে৷ এই কৃষি ঋণ মকুব কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ বিপৰীতে ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা লক্ষ্যাধিক কোটি টকাৰ ঋণ লৈ ক’ৰ্পৰেট গোষ্ঠীয়ে পৰিশোধ কৰা নাই৷ চৰকাৰে ক’ৰ্পৰেট তথা বৃহৎ পুঁজিপতি গোষ্ঠীৰ ১.৫ লাখ কোটি টকাৰ ঋণ ৰেহাই দিছে৷ চৰকাৰৰ ভিচা লৈ ৯০০০ কোটি টকাৰ ঋণ পৰিশোধ নকৰাকৈ বিজয় মালিয়াই বিদেশলৈ পলায়ণ কৰিছে৷ ললিত মোদীও বিদেশত পলাই আছেগৈ৷ আনহাতে এইখন চৰকাৰেই বিজয় মালিয়াৰ ১২০০ কোটি টকাৰ ঋণ ৰেহাই দিছে৷ বিজয় মালিয়াই ইংলেণ্ডত মুকলিভাৱে আনন্দৰে ক্রিকেট খেল উপভোগ কৰিছে৷ ৰিজাৰ্ভ বেংকৰ হিচাপ মতে ক’ৰ্পৰেট গোষ্ঠীয়ে ৰাজহুৱা খণ্ডৰ বেংকক ৮ লাখ কোটি টকাৰ ঋণ আদায় দিবলৈ বাকী আছে৷ এই ঋণ পৰিশোধ নকৰাৰ ফলত সমগ্ৰ বিত্তীয় ব্যৱস্থা ভাগি পৰিছে৷ কিন্তু চৰকাৰে এই ঋণ আদায় কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিবৰ্তে বিমুদ্ৰাকৰণ পদক্ষেপেৰে সাধাৰণ মধ্যবিত্ত তথা দৰিদ্ৰ ৰাইজৰ সাঁচতীয়া ধন বেংকত জমা কৰিবলৈ বাধ্য কৰাইছে৷ এই নীতিৰ ফলত লাখ লাখ শ্ৰমিক কৰ্মচ্যুত হৈছে৷ কৃষি সামগ্ৰী ক্রয় কৰিব নোৱাৰি লাখ লাখ কৃষকৰ সংকট বৃদ্ধি পালে৷ শতাধিক দৰিদ্ৰ লোকে বেংক তথা এ টি এমত শাৰী পাতিবলৈ গৈ মৃত্যুক আকোৱালি ল’লে৷ এতিয়া ৰিজাৰ্ভ বেংকৰ গৰ্ৱনৰে কৈছে যে, কৃষি ঋণ ৰেহাই দিলে বিত্তীয় সংকটে দেখা দিব৷ দৰাচলতে সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাটোৱেই ক’ৰ্পৰেট গোষ্ঠীৰ বেদখলত৷

অসমতো কৃষি সংকটে ভয়াবহ ৰূপ লোৱাৰ দিশত গতি কৰিছে৷ বানপানী-গৰাখহনীয়াৰ কবলত বিধ্বস্ত অসমৰ কৃষকসকলে জীৱিকাৰ গভীৰ সংকটত পৰিছে৷ কংগ্ৰেছৰ আমোলাত দৰং জিলাৰ বেছামাৰীত মৰাপাটৰ উচিত মূুল্যৰ দাবীত আন্দোলন কৰা কৃষকসকলক গুলিয়াই হত্যা কৰিলে৷ তাৰ পাছতো উচিত মূল্যৰ অভাৱত হাজাৰ হাজাৰ কুইণ্টন বিলাহী, শাক-পাচলি ৰাস্তাত পেলাই কৃষকে প্ৰতিবাদ কৰিছে৷ সম্প্ৰতি আলু খেতিয়কসকল উচিত মূল্যৰ অভাৱত গভীৰ সংকটত পৰিছে৷ তেনেদৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাতৰ উচিত মূল্য নাপাই সৰ্বশ্ৰান্ত হৈছে৷ অসমৰ বিভিন্ন জিলাত কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ চৰকাৰে সময় থাকোতেই উচিত নীতি তথা পদক্ষেপ গ্ৰহণ নকৰিলে কৃষক বিদ্ৰোহে দেশৰ সমগ্ৰ ব্যৱস্থাটোকে জোকাৰি পেলাব৷

ম’বাইল নং : ৯৪০১৩৬৪৫৬৩

No comments

Powered by Blogger.