Header Ads

নিষ্ঠা আৰু সততা

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ছোৱাত অসমৰ বহু কেইগৰাকী শিপ্লী-সাহিত্যিকে কেতবোৰ শংকা ব্যক্ত কৰিছিল৷ বিষুপ্ৰসাদ ৰাভাই মুকলিকৈয়ে আশংকা ব্যক্ত কৰিছিল ‘ইংৰাজ গ’ল, ধনৰাজ আহিল৷’ বাণীকান্ত কাকতিয়েও স্বৰাজোত্তৰ কালৰ সম্ভাৱ্য সমস্যা আৰু সম্ভাৱনাবোৰ ফঁহিয়াই দেখুৱাইছিল৷ অম্বিকাগিৰী ৰায়চৌধুৰী আদিয়েও সচেতন দৃষ্টিভংগী প্ৰকাশ কৰিছিল৷ তেওঁলোকে সমকালৰ সমাজখন প্ৰত্যক্ষ কৰিয়েই আহিব পৰা সংকটসমূহ চিহ্নিত কৰিছিল আৰু ভৱিষ্যদৰ্শী এই শিল্পী-সাহিত্যিকসকল বিষয়টোৰ প্ৰতি তৎপৰ হৈ উঠিছিল৷ সাধাৰণ জনতা আছিল একপ্ৰকাৰে নতুন মোহত বন্দী৷ স্বাধীনতাই যি স্বপ্ন দেখুৱাইছিল সেই স্বপ্নাৱেশত জনতা আৱিষ্ট আছিল৷

স্বাধীনতাৰ পিছত দেশ বহুকাল আগবাঢ়িল৷ বিষুৰাভাই কোৱা সেই ধনৰাজ্যৰ দৌৰাত্ম্যও বাঢ়ি আহিল৷ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে গণতন্ত্ৰক কোঙা কৰি তুলিলে৷ নীতি-নিয়ম আৰু গণতন্ত্ৰত বিশ্বাসী মানুহে জোলোকা-জোলোকে পানী খাবলৈ ধৰিলে৷ ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ প্ৰতি মানুহৰ আস্থা কমি আহিল৷ লেহেমীয়া আইনী ব্যৱস্থাৰ অনেক সুৰুঙাৰ মাজত সাধাৰণ মানুহ হৈ পৰিল দিশহাৰা৷ বাচি থাকিবৰ বাবেই বহু সৎ ব্যক্তিয়েও অনীতি আৰু অনিয়মৰ সৈতে আপোচ কৰিব লগা অৱস্থাৰ সৃষ্টি হ’ল৷ এবাৰ হাত মিলোৱাৰ পিছত সংকোচবোধ নোহোৱা হৈ পৰিল৷ আমি এটা সৰু উদাহৰণ দিলোঁ নিজৰ মেধাৰে এজন ব্যক্তিয়ে মহাবিদ্যালয় এখনত চাকৰি এটা যোগাৰ কৰি লোৱাৰ পিছত তেওঁ যাৱতীয় কাম-কাজৰ বাবে ঊৰ্ধতন কাৰ্যালয়ত যেতিয়া ঘোচ দিব লগা হয়, প্ৰথমবাৰ তেওঁ বিৰক্ত হয়, অস্বস্তি পায়৷ কিন্তু লাহে লাহে যেতিয়া দেখে এইটোৱে নিয়ম, সকলোৱে এই নিয়মত সমৰ্থন জনাইছে তেতিয়া ইতস্ততঃবোধ কৰিবলগীয়া একো নাথাকে৷ পৰৱৰ্তী সময়ত এয়া অভ্যাসত পৰিণত হয়৷ ফাইল পচি যোৱাতকৈ ঘোচ দি সোনকালে মোকলাই নিয়াহে কথা৷ সেয়ে সন্মিলিতভাৱে প্ৰতিবাদ কৰাতকৈ সন্মিলিতভাৱে এই উজু বাটটোকে বহুতে পছন্দ কৰে৷ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে এয়া দেখা যায়৷ ফাইল পৰি থকাতকৈ পাৰ কৰি নিয়াৰ এই সহজ উপায়৷ সেইদৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো এজন ব্যক্তিয়ে যেতিয়া ঘোচ দি চাকৰি লয় তেতিয়া সেই ব্যৱস্থাটোৱে তেওঁক সকলো সময়তে প্ৰৰোচিত কৰে৷ তাত সংকোচবোধ বা নীতিৰ প্ৰশ্ন নাথাকেই৷

আমাৰ ৰাজনীতিকসকলৰ ক্ষেত্ৰতো এই অনীতিবোৰেই এতিয়া একোটা গ্ৰাহ্য নিয়ম হৈ পৰিছে৷ ভোট কিনা-বেচা কৰাৰ পৰা কোটিটকীয়া কেলেংকাৰীৰ লগত ৰাজনীতিক জড়িত থাকে৷ মাজে মাজে একোটা কেলেংকাৰী বাতৰি কাকতত প্ৰকাশ পায়, তাৰ পিছত কি হ’ল ৰাইজে একো গম নাপায়৷ সংবাদ মাধ্যমো তাপ মাৰে৷ হাতী চোৰবিলাক যেতিয়া ধৰা নপৰে, বেঙেনা চোৰৰতো কথাই নাই৷

অনিয়ম, অনীতি, অসততা আদিয়ে দেশ ছানি ধৰাৰ পিছত ক্রমশঃ ভাৰতীয় মানুহৰ চৰিত্ৰ সলনি হৈ গৈছে৷ বক্রপথেই আচল পথ হৈ পৰিছে৷ ‘সত্যমেৱ জয়তে’ৰ সলনি ধন আৰু ক্ষমতাৰ জয়-জয়কাৰ হৈছে আৰু মূল্যবোধ, আদৰ্শগত প্ৰবোৰ লোপ পোৱাৰ উপক্রম হৈছে৷ দুৰ্ভাগ্যজনক কথাটো হৈছে এখন দেশ বা এটা জাতিৰ যেতিয়া নৈতিক স্খলন ঘটে তাৰ পৰিচিতিৰ সংকট ক্রমশঃ ঘনীভূত হৈ আহে৷ মই মোৰ অসমখনকে বুজা হোৱাৰ পৰা সন্মুখত দেখিছোঁ৷ দেউতাহঁতে জীৱনৰ যিবোৰ কথা শিকাইছিল, আদৰ্শৰ কথা কৈছিল সেয়া আমাৰ ব্যৱহাৰিক জীৱনত সম্পূৰ্ণ অচল হৈ পৰিছে৷ মধ্যবিত্ত বহু পৰিয়ালৰ ল’ৰা-ছোৱালীৰে জন্মৰ প্ৰমাণ পত্ৰ দুখন৷ এখন হস্পিতালে দিয়া আৰু আনখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ উপযোগীকৈ বনাই অনা৷ কাৰণ ব্যক্তিগত খণ্ডৰ বহু বিদ্যালয়ত নামভৰ্তিৰ নিৰ্দিষ্ট বয়সতকৈ অলপ কম বা বেছি হ’ব নোৱাৰে৷ গতিকে তেওঁলোকৰ জন্মদিনো দুটা এটা স্কুলত আৰু এটা ঘৰত৷ অথচ বিদ্যালয়ৰ এনে নিয়ম বা ব্যৱহাৰৰ বিৰুদ্ধে কোনেও মাত নামাতে৷

এক ভয়াৱহ ভৱিষ্যতৰ ফালে আমি গৈ আছোঁ৷ আজি চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, স্বাধীনতাৰ পৰৱৰ্তী সময়তো আমাৰ ৰাজ্য চৰকাৰখন খিলঞ্জীয়া লোকেই চলাই আছে৷ তেওঁলোকে যদি সুৰক্ষিত কৰিব পৰা নাই তেন্তে বাহিৰৰ পৰা কোনোবাই সুৰক্ষা দিবনে? সেইদৰে চৰকাৰী শিক্ষা ব্যৱস্থা বা ছেবাৰ পয়ালগা ব্যৱস্থাৰ কথা কোৱা শিক্ষামন্ত্ৰীজনো জানো নতুনকৈ শিক্ষামন্ত্ৰী হৈছে? আগতেও তেওঁ শিক্ষামন্ত্ৰী আছিল (দলহে বেলেগ আছিল), অতবছৰে তেওঁ ক্ষয়িষ্ণু ছেবাক দেখা নাছিল নেকি? এনে সাৰমৰ্মহীন কথাৰ ডাংকোপেৰে ৰাজ্যখন চলি আছে৷ ৰজাৰ পৰা প্ৰজালৈকে সুবিধাবাদ মধ্যবিত্তৰ শ্ৰেণী চৰিত্ৰ হৈ পৰিছে৷ নিষ্ঠা আৰু সততাৰ প্ৰবোৰ অৰ্থহীন কৰি তোলা হৈছে৷ নিষ্ঠা আৰু সততা অবিহনে ৰাজ্য এখন বা জাতি এটা প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে৷ অৰণ্য শক্তিশালী কৰে বাঘ-সিংহই, জাক জাক শিয়ালে নহয়৷

জাতিটোৰ কৰ্মদক্ষতা, প্ৰতিভাও নিষ্ঠা আৰু সততা অবিহনে লোপ পাই পাই আহিছে৷ যোগ্যজনে য’ত উপযুক্ত সন্মান নাপায়, পিছ দুৱাৰেদি সকলো সুলভ হয়, নীতিগত কথাবোৰ য’ত আঁতৰাই থোৱা হয়, ধন আৰু ক্ষমতাই য’ত সৰ্বস্ব হৈ উঠে সেই জাতিৰ ভৱিষ্যত কিহৰ ওপৰত বৰ্তি থাকিব?

No comments

Powered by Blogger.