Header Ads

খবৰ

  • দিগন্ত কুমাৰ ভট্টাচাৰ্য


(১)
আচলতে বিয়াখনলৈ আহিবলৈ যতীনৰ একেবাৰেই মন নাছিল৷ ঘৰৰ পৰা তিনি ঘণ্টাৰ বাট বাছেৰে, তাৰ পাছত প্ৰায় আধাঘণ্টাৰ টেম্পোত উঠি থেকেচা খাই খাই আৰু শেষৰ আধামাইল বাট খোজকাঢ়ি বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ মন নথকাটো সি দুদিনমান আগতেই কৈছিল মাকক৷ অৱশ্যে সি জানে আজিকালি তাৰ মনে বিচৰা বা নিবিচৰাৰ ওপৰত বহু কথাই নিৰ্ভৰ নকৰে৷ কেতিয়াবা ডাৱৰীয়া বতৰত ৰাতিপুৱা সাৰ পোৱাৰ পাছত কম্বলখন গায়ে-মূৰে ঢাকি তাৰ আকৌ এঘণ্টামান শুবলৈ মন যায়৷ তেতিয়াই মাক নহ’লে বৌৱেক এগৰাকীয়ে চিঞৰি মাতিব তাক ‘যতীন, পটকৈ তিনিআলিৰ পৰা চাউল অকণমান লৈ আহাগৈচোন৷ দাদাহঁতৰ ভাতলৈ দেৰিয়েই হ’ল৷ অফিচ যাবৰ সময় হৈছে৷’ সি না বুলি ক’বলৈ মন গ’লেও নোৱাৰে৷ কেতিয়াবা দুপৰীয়া ভাতমুঠি খাই বিচনাত পৰি আলোচনীৰ পাত লুটিয়াই গপ্ল এটাকে পঢ়ো বুলি গাটো টঙাই লওঁতেই ডাঙৰ বৌৱেকে আহি ক’ব ‘মাইনাহঁতৰ স্কুলৰ বাছখন আহি পাবৰ হৈছেই৷ যোৱাচোন অলপ আগুৱাই তিনিআলিলৈ৷...’ সেয়েহে সি আজিকালি তাৰ মনটোৱে কি বিচাৰে, নিবিচাৰে এইবোৰ বেছিকৈ নাভাবে, চিন্তাও নকৰে৷ সময়-পৰিস্থিতিৰ ঢৌতেই সি নিজকে এৰি দিছে, এৰি দিবলৈ বাধ্য হৈছে৷

‘খুৰীয়েৰাৰ বৌৱেকে ঘৰলৈ আহি মাতি গৈছে বিয়ালৈ৷ তেওঁলোকৰ প্ৰথম বিয়া৷ মাতিছেও ইমান জোৰকৈ৷ কোনোবা এজন নগ’লে কেনেকৈ হ’ব তয়েই ক’চোন’ মাকে বুজাইছিল তাক৷ এই যেতিয়া ‘কোনোবা এজন’ৰ কথাটো আহি পৰে, সি বুজি উঠে ‘সেইজন’ৰ দ্বাৰা আচলতে তাকেই বুজোৱা হৈছে৷ অফিচ খোলা বাৰততো কথাই নাই, দুয়োজন ককায়েকৰ অফিচ থাকে৷ দিনৰ দিনটো ব্যস্ত৷ বন্ধবাৰত আকৌ দুয়োজনকে দিনযোৰা ‘ৰেষ্ট’ লাগে৷ গতিকে এনেকুৱা কাম-কথাবোৰ তেওঁলোকৰ কাণৰ ওচৰলৈ যাবলৈ দিয়া নহয়৷

উপায়ন্তৰ হৈ সি বাধ্য হ’ল৷

পুৱাৰ ভাগতে সি বিয়াঘৰ আহি পালেহি৷ কিছুপৰথাকি দুপৰীয়াৰ সাজ খাই উভতি যোৱাৰ মন কৰি আহিছে৷ বিয়া-সবাহলৈ আহিলে ৰভাতলীত সোমায়েই চিনাকি কাকো নেদেখিলে সি অলপ অসহজবোধ কৰে৷ আজি একেই হ’ল৷ অলপ আঁতৰত যোগেন মামাক দেখিলে সি৷ খুৰীৰ ককায়েক৷ বহুবছৰৰ পাছত দেখিলে তেওঁক৷ অইন ঠাইত দেখিলে হয়তো চিনি নাপালেহেঁতেন৷ বিয়াৰ শ্ৰাদ্ধত বহাৰ যো-জা কৰিছে৷ যতীনক দেখি হাঁহিলে, শাৰী শাৰীকৈ পাৰি থোৱা ৰঙা প্লাষ্টিকৰ চকী এখনত ইংগিতেৰে বহিবলৈ দেখুৱাই দিলে৷

‘যতীন তই আহিলি? আৰু কোনো নাহিল?’ দূৰৈৰ পৰা খুৰীয়েকে তাক দেখি আগুৱাই আহিলে৷ সি মূৰ দুপিয়াই ‘আৰু বাকী আন কোনো কিয় নাহিল’ বৰ্ণনা কৰিবলৈ আৰম্ভ কৰোঁতেই খুৰীয়েকে ককায়েকলৈ চাই সুধিলে ‘আমাৰ বিদ্যাপুৰৰ দাদাহঁতৰ যতীনক চিনি পাইছতো তই?’

‘কিয় নাপাম হে? বহা, বহা, যতীন৷ ভাল লাগিল দেই অহা বাবে৷ নিজৰ ঘৰৰ বিয়া বুলি ভাবি অলপ চোৱা-চিতা কৰি দিবা দেই’ খুৰীৰ ককায়েকৰ এইবাৰৰ সম্ভাষণটোৰ জোৰ দেখি-শুনি তাক যে প্ৰথমতে তেওঁ চিনি পোৱা নাছিল, সেইটো সি নিশ্চিত হ’ল৷

যতীনে চকী এখনত বহি আলেখ-লেখ চাই থাকিল৷ ইলেক্ট্রিচিয়ান এজনে ভিন্নৰঙী লাইট কিছুমান লগাই আছে ওচৰতে৷ দুই-এটা লাইট ভালকৈ জ্বলা নাই৷ অলপপৰ জ্বলি আকৌ নুমাই যায়৷ যতীনে উঠি গৈ অলপ সহায় কৰি দিলে৷ মাজতে ছোৱালী এগৰাকীয়ে চাহ আৰু নাৰিকলৰ লাৰু দি থৈ গ’ল৷ চাহ একাপৰ প্ৰয়োজনীয়তা বৰ অনুভৱ কৰি আছিল সি৷ ঘৰৰ পৰা আহোঁতেও ভালকৈ একো খাই অহা নহ’ল৷

খুৰাকৰ ল’ৰা দুয়োজন ব্যস্ত৷ এবাৰ আহি তাক মাত লগাই গ’ল৷ খা-খবৰ সুধিলে৷ খুৰাক আহি কিছু দেৰি তাৰ ওচৰত বহিলে৷ তেওঁ পুনৰ মাটিৰ কথাটোও উলিয়ালে৷ আচলতে যতীনৰ ককাকৰ দুকঠা মাটিৰ ভাগ-বটোৱাৰা হোৱা নাছিল৷ সেই মাটিতেই তাৰ ডাঙৰ ককায়েকে ৱাল এখন দিলে কিছুদিনৰ আগতে৷ তাকে শুনি খুৰাকৰ খং৷ যতীনে এইবোৰ কথাত মূৰ ঘমাবলৈ টান পায়৷ সি একো নামাতি মনে মনে থাকিল৷ ‘অকলে ইয়াত বহি থকাতকৈ তই নহ’লে ৰান্ধনিঘৰলৈকে যাগৈ৷ অলপ কামবোৰ চাই দিব পাৰিব৷’ খুৰাকৰ কথামতে সি পিছফাললৈ গ’ল৷

বিয়াঘৰৰ পিছফালে টিনপাত কেইখনমান ওপৰে-কাষে লগাই অস্থায়ীকৈ এটি ৰান্ধনিঘৰ সজা হৈছিল৷ নৰেশ্বৰ নামৰ এজনে আলু-পিয়াঁজবোৰ কাটি আছিল৷ সেইখিনি কাটি হোৱাৰ পাছত পটা এখনত জিৰা-জালুক পিহিলে৷ যন্ত্ৰৰ দৰে চলিছে তাৰ দুহাত৷ মাংসখিনি ভালকৈ ধুই নিমখ-হালধি সানিলে৷ ডাঙৰ কেৰাহীটোত তেল ঢালিলে৷ কেৰাহীৰ পৰা ধোঁৱা বায়ুবেগত গৈ ওপৰৰ টিনপাতত খুন্দা মাৰিছে৷ কিছুপৰ পাছত শৰ্মা ৰান্ধনিয়ে বিড়িটো আধাখোৱাকৈ দলিয়াই খণ্টিখন নৰেশ্বৰৰ হাতৰ পৰা ল’লে৷ নৰেশ্বৰ গৈ এইবাৰ আনটো কেৰাহীত মাছৰ টুকুৰাবোৰ ভজাত লাগিল৷

‘শৰ্মা ৰান্ধনিয়ে ৰন্ধা মাংসৰ সোৱাদৰ তুলনা নহয় দেই৷ কি যে সাংঘাটিক গোন্ধ বিয়পিছে’ কোনোবা দুজনমানে ওচৰতে কোৱা-কুই কৰিছে৷

যতীনৰ নিজকে নৰেশ্বৰৰ দৰে লাগিল৷ চাইকেলৰ পাছৰ কেৰিয়াৰৰ চিলিণ্ডাৰটো বান্ধি সি যায় পাঁচ কিলোমিটাৰ, দুঘণ্টা লাইনত শাৰী পাতি লাইটৰ বিলখন দিয়ে, ওচৰ-চুবুৰীয়াৰ অসুখ হ’লে ৰাতিটো হাস্পাতালত ৰখিবলৈ সিয়েই যায়, আছাম ট্ৰিবিউনত দৈনিক দুঘণ্টা চাকৰিৰ বাতৰি পঢ়ে, আজিৰ দৰে খুৰীৰ দাদাকৰ ছোৱালীৰ বিয়ালৈ আহি সম্পৰ্ক ৰক্ষা কৰিবলগীয়াও হয় সিয়েই... অথচ কোনোবাই ‘তুমি এতিয়া কি কৰি আছা’ বুলি সুধিলে কিছুপৰ নীৰৱে থাকি ‘আজি বৰ গৰম ন?’ বা ‘ফাগুণৰ মাহ যে, বতাহটো বেছি, ধূলি উৰিছে’ বুলি দৌৰাদৌৰিকৈ আনফালে আঁতৰি যাবলৈ চেষ্টাও কৰিবলগীয়া হয় সিয়েই৷

‘যতীন দা ভালে আছে? চিনি পাইছে মোক?’ প্ৰায় ত্ৰিশৰ ঊৰ্ধৰ তিৰোতা এগৰাকীয়ে আহি যতীনক মাত লগালে৷ নাই, সি চিনি পোৱা নাছিল৷

‘নাই, মানে আপোনাক... কিজানিবা আগতে ক’ৰবাত দেখিছো৷ মনত পেলাব পৰা নাই৷’
‘হয়, কিমান বছৰ আগতেই দেখা৷ মই ৰুমী৷’

সি তথাপিও মনত পেলাব নোৱাৰিলে৷

‘সেই যে মেট্ৰিক পৰীক্ষাৰ পাছত আহিছিল ইয়ালৈ৷ আমাৰ ঘৰটো ওচৰতে৷ আপুনি গৈছিল৷ আপোনাৰ খুৰী মোৰ সম্পৰ্কীয় জেঠাই৷’

ৰুমী ! যতীন ঘূৰি গ’ল প্ৰায় বিশ বছৰ আগলৈ৷ মেট্ৰিক পৰীক্ষাৰ ৰিজা ওলোৱাৰ পাছতেই সি খুৰাৰ ল’ৰাটোৰ লগত ইয়ালৈ ফুৰিবলৈ আহিছিল৷ দুদিনমান থাকি গৈছিল ইয়াতে৷ ‘চাৰিটা বিষয়ত লেটাৰ মাৰ্কছ পোৱা চোকা ল’ৰা’ যতীনক তেতিয়া সকলোৱে কমখন আদৰ কৰিছিল নে ! এদিন সন্ধিয়া ৰুমীহঁতৰ ঘৰলৈ গৈছিল সিহঁত৷ ৰুমীৰ দেউতাকে ‘এইজনী অংকত বৰ বেয়া হে, অকণমান বুজাই দি যোৱাচোন কেনেকৈ পঢ়িব লাগে’ বুলি তাক তাইৰ পঢ়া কোঠাটোলৈ লৈ গৈছিল৷ লাজ লাগিছিল তাৰ৷ তায়ো ৰঙা-চিঙা পৰিছিল লাজত৷ সি তাইৰ চকুত চকু থ’ব পৰা নাছিল৷ মাজে মাজে আঁৰ চকুৰে চাইছিল তাইক৷ আধাঘণ্টামান তাইক এলজেব্ৰা শিকাই সি ওলাই আহিছিল৷ বহুদেৰিলৈ তাৰ টোপনি অহা নাছিল সিদিনা ৰাতি৷ তাইৰ ৰঙচুৱা দুগালে আমনি কৰিছিল তাক৷ তাইক আকৌ এবাৰ চাবলৈ এক অদ্ভুত হেঁপাহ জাগিছিল মনত৷ পাছদিনা তাই স্কুললৈ গৈ থাকোঁতে ৰাস্তাতে সি তাইক লগ কৰি কৈছিল ‘তুমি অংকত ইমানো বেয়া নহয়৷ ভয়টো আঁতৰাবা, দেখিবা সকলো আঙুলিৰ মূৰতে আহি গৈছে৷ ভাল হ’ব তোমাৰ, চিন্তা নকৰিবা৷’

তাই একো ক’ব পৰা নাছিল সেই মুহূৰ্তত৷ ওঁঠ দুটি কঁপিছিল তাইৰ৷ সেই কঁপি উঠা ওঁঠজুৰিয়ে বহুদিনলৈ আমনি কৰিছিল তাক৷ অৱশ্যে হায়াৰ-চেকেণ্ডাৰীত এডমিশ্যন লোৱাৰ পাছত কেমেষ্ট্ৰি-ফিজিক্সৰ নতুন সমীকৰণ-সূত্ৰবোৰ ধূসৰ কৰি পেলালে সেই ছবি ক্রমাৎ৷

‘মনত পৰিছে তোমাৰ কথা৷ আচলতে আগৰ কথাবোৰ মনলৈ আহিলে তুমিও আহা কেতিয়াবা... পাহৰি যোৱা নাই’ যতীনে ক’লে ৰুমীক৷ তাই হাঁহিলে৷

‘আপুনি একেই আছে কিন্তু৷ দাড়িখিনিৰ বাহিৰে প্ৰায় সকলো একেই৷ কথাবোৰো আগতে এনেকৈ লাহে-ধীৰেই কৈছিল৷ দেখাৰ লগে লগে চিনাকি চিনাকি লাগিল৷ আজি, জেঠাইক মানে আপোনাৰ খুৰীক সুধি কনফাৰ্মড হৈ ল’লোঁ৷’

‘তুমিও একেই আছা৷ অলপ শকত হৈছা চাগে’ যতীনে এইবাৰ আঁৰ চকুৰে চাইলৈ চালে৷ ছোৱালী-তিৰোতাৰ লগত কিয় জানো সি চকুত চকু থৈ কথা পাতিব নোৱাৰে, সি বুজিকে নাপায়৷

‘ক’ব লাগে বাবেই কৈ দিলে ন? ক’তনো একেই আছো? কিমান যে শকত হ’লোঁ ! বয়সৰ চাপবোৰ চকুৰ তলত, গালৰ ওচৰৰ পৰা নোহোৱা কৰিবলৈ কিমান যে ক্রীম ঘঁহিব লাগে ! ৰুমীয়ে হো-হোৱাই হাঁহিলে৷ তাইৰ কথাত সি অলপ অপ্ৰস্তুত হ’ল৷ সি মনে মনে ৰ’ল৷ আকৌ এবাৰ সি তাইৰ দুচকুৰ তল, দুগালৰ ওপৰৰে চকু ফুৰালে৷
‘আচ্ছা, আপুনি মোক ইয়াতে লগ পাই যাম বুলি ভাবিছিল জানো? নে পাহৰিয়েই গৈছিল আমাৰ কথা?’ সুধিলে তাই৷

‘সঁচা কথা ক’বলৈ গ’লে ভবা নাছিলোঁ৷ অহা নাছিল মনলৈ৷ কেতিয়াবা সেই লগ পোৱাৰ কথাবোৰ মনলৈ আহিলে ভাবিছিলোঁ, ক’ত বা কেনেকৈ আছা! ...বাৰু, তোমাৰ ঘৰ-সংসাৰ?’

‘মোৰ বিয়া হোৱা নাই নহয়৷ ঠিক হৈছিল এজনৰ লগত সাতবছৰমান আগতে৷ বিয়া ঠিক হোৱাৰ পিছত ল’ৰাজনৰ মাক-দেউতাক ঢুকাল এমাহৰ ভিতৰতে৷ কিছুদিনৰ পাছত বায়েকগৰাকী ঢুকাল৷ ভয় খালে তেওঁলোকে৷ বিয়াখন ভাগিল৷ সেইবোৰ কথা প্ৰচাৰ হৈ গ’ল চিনাকি মানুহৰ মাজত৷ তেতিয়াৰ পৰা কোনো এজন দৰা অহা নাই বিয়া কৰাবলৈ’ খুউব সহজভাৱে কৈ গ’ল কথাবোৰ ৰুমীয়ে৷

‘ওহ, মই এইবোৰ কথা জনা নাছিলোঁ৷ আচলতে খুৰীহঁতকো কেতিয়াও সোধা হোৱা নাছিল তোমাৰ কথা৷’

‘ইছ, আপুনি আকৌ দুখ কৰিছে? মইতো সুখতেই আছোঁ’ হাঁহিলে তাই৷

‘আপোনাৰ খবৰ মই লওঁ প্ৰায়েই৷ আপুনি কি কৰে, কেনে আছে এইচব খবৰ পাই থাকোঁ৷’

‘কিমানটা ইণ্টাৰভিউ দিলোঁ এতিয়ালৈ, কেইটা ‘ফাইল’ৰ জীৱন হাতৰ মুঠিত শেষ কৰিলোঁ, এই কথাবোৰো জানাই চাগে?’

‘হতাশ নহ’বচোন৷ চাকৰি এটি পোৱাই জানো জীৱনৰ চূড়ান্ত সফলতা?’

যতীনে তাইৰ দুচকুলৈ চাই ৰ’ল কিছুপৰ৷ সেই ক্লাছ এইটত থাকোঁতে এলজেব্ৰাৰ সূত্ৰ এটি মনত পেলাবলৈ ওপৰৰ চিলিঙখনলৈ চাই ৰৈ থকা ৰুমীজনী একেই নাই নিশ্চয়৷ তাই মেচিউৰড্‌ হ’ল, দৃঢ় হ’ল৷ তাই যেন এতিয়া আপোনমনে জীৱনৰ জটিল সমীকৰণবোৰৰ সমাধানত ব্যস্ত৷

সময়বোৰ পাৰ হ’ল৷ আবেলিতে ঘৰলৈ উভতিবলগীয়া যতীন সেইদিনা বিয়াঘৰতে ৰৈ গ’ল৷ বহুদিনৰ মূৰত সি নিজৰমতে কিছু সময় অতিবাহিত কৰিবলৈ পালে৷ মনটো তাৰ ফৰকাল আৰু সতেজ যেন অনুভৱ হ’ল৷ পাছদিনা পুৱাতে সি ঘৰলৈ অহা বাছত উঠিল৷ ৰুমীয়েই ওচৰৰ এজনক কৈ তাক বাইকেৰে বাছষ্টেণ্ডত থৈ যোৱাৰ ব্যৱস্থাটো কৰিলে৷

(২)

যতীনৰ খবৰটো প্ৰথমে পুৱা নমান বজাত বৌৱেক দুজনীয়ে পালে৷ যতীনৰ লগৰ এজন আহি দৌৰাদৌৰিকৈ খবৰটো কৈ গৈছিল৷ তেতিয়াৰে পৰা দুয়োগৰাকীৰ মন মৰা৷ ককায়েক দুজন ইতিমধ্যে অফিচলৈ বুলি ওলাই গৈছিল৷ বৌৱেকহঁতে ফোন কৰি খবৰটো যতীনৰ ককায়েকহঁতক জনালে৷

‘ঘৰত চিলিণ্ডাৰ শেষ হ’ল, নিমখ-চাউল নোহোৱা হ’ল যতীনক ক’লেই হ’ল, দৌৰি যায় চাইকেলখন লৈ৷ মাইনাহঁতক স্কুললৈ অনা-নিয়া কামটোওতো সিয়েই কৰিছিল৷ কি যে হ’ব এতিয়া’ ডাঙৰ বৌৱেকৰ চকুপানী ওলাও ওলাও হ’ল৷

‘হয় দেই, মোৰ ভাবিয়েই ভয় লাগিছে৷ মাজৰাতি শাহুৰ কিবা হ’লেওতো সিয়েই যায় ডাক্তৰৰ ওচৰলৈ, ফাৰ্মাচীলৈ৷ গোটেই ৰাতি সিয়েইতো ৰখি থাকিব লাগে৷ আমাৰ এওঁলোকে দিনটো অফিচ কৰি আহি ভাগৰি-জুগৰি শুই গ’লে একোতো গমেই নাপায়৷ ... উসঃ কমখন কষ্ট কৰিব পাৰিছিল নে সি’ সেয়া যতীনৰ সৰু বৌৱেক৷

লাহে লাহে খবৰটো গোটেই চুবুৰীটোতে বিয়পি পৰিল৷ এজন-দুজনকৈ ওচৰ চুবুৰীয়া বহুকেইজন যতীনহঁতৰ পদূলিত গোট খালে৷

‘এহঃ মোৰ পেঞ্চনৰ কামটোত যতীনেই গুৱাহাটীলৈ অহা-যোৱা কৰি আছিল হে৷ হওঁ হওঁ অৱস্থা এটি হৈছিলহে৷ পিছে এতিয়া কি কৰিম, চিন্তাই লাগিল’ সেয়া ৰজনী মাষ্টৰ৷ মাষ্টৰৰ কপালত ‘টেনছন’ৰ ৰেখা স্পষ্ট৷

‘আমাৰ চুবুৰীত কোনোবা অসুখ আদি দেখুৱাবলৈ অসমৰ বাহিৰলৈ যাব লগা হ’লে, যতীন থাকিবই লগত৷ সি সকলো জানিছিল৷ ট্ৰেইনৰ টিকট কটা, তাত গৈ হোটেল বিচৰা, ডাক্তৰক দেখুওৱা, হাস্পাতালত ৰোগীক ৰখা সকলো কৰে সি৷ যোৱাবছৰ ধৰ্ম ঠিকাদাৰৰ পুতেকৰ লগততো এমাহ আছিল চেন্নাইৰ এপ’লত গৈ৷ কম সহায় আছিল নে সি?’ যতীনহঁতৰ কাষৰ ঘৰৰ ৰমেন দত্তৰ কথা শুনি বৰুণৰ মাকে নখ কামুৰিবলৈ আৰম্ভ কৰিলে চিন্তাতে৷

‘নক’ব আৰু বুইছেনে! এইবাৰ ডিচেম্বৰত মুম্বাইলৈ গৈ চেকআপ কৰোৱাৰ কথা ভাবিছিলোঁ মই৷ আমাৰ বৰুণহতঁৰতো সময়েই নাই৷ যতীনকেই কলোঁহেঁতেন৷ জানো সি না নকৰে৷ কিন্তু এতিয়া... ইছ ইছ, কি যে কৰিম নহয়৷’

যতীনহঁতৰ ঘৰখনৰ গোমা পৰিৱেশটোৰ কোনো পৰিৱৰ্তন হোৱা নাই ৰাতিপুৱাৰে পৰা৷ মাকে মাজতে পদূলিলৈ আহি মানুহবোৰক মাত লগাই গ’ল৷ দুই-এজনে যতীনৰ মোবাইল ফোনটোত কল কৰিবলৈ চেষ্টা কৰিলে৷ পুৱাৰে পৰা চুইটছ্‌ অফ৷ কিছু দেৰি ৰৈ মানুহবোৰ ঘৰাঘৰি গ’লগৈ৷

আবেলি যতীনৰ বন্ধু এজনৰ বাইকৰ শব্দ শুনি মাক উধাতু খাই ভিতৰৰ পৰা লৰি আহিল৷ বাইকৰ পিছৰ ছীটৰ পৰা যতীন নামিল৷ হাতত এটি ডাঙৰ পেকেট৷ বোধহয় মিঠাইৰ টোপোলা৷

‘ম’বাইলটো চুইটছ্‌ অফ হৈ থাকিল কালি ৰাতিয়েই৷ ময়ো বাছৰ পৰা নমাৰ পাছতহে খবৰটো পালোঁ৷ ৰত্ন খুৰাই কাম দুটামান দিছিল৷ টাউনত সেইকেইটা কৰি আজৰি হওঁতে দেৰিয়েই হ’ল৷’

মাকে যতীনৰ কান্ধত হাতখন থ’লে৷ চকুপানী বৈ আহিল বানৰ ঢলৰ দৰে৷ আজি কিমান বছৰৰ মূৰত যে তাৰ মুখখনি ইমান উজ্জ্বল দেখিছে !

‘কেতিয়ালৈ যাবগৈ লাগিব তাই চাকৰিলৈ? অসমৰ বাহিৰতেই হ’ব নেকি?’

‘ভালদৰে গম পোৱা নাই যদিও সোনকালেই যাব লাগিব চাগে ‘জইন’ কৰিবলৈ৷ প্ৰথমতেতো অসমৰ বাহিৰতেই পোষ্টিং হ’ব বুলি শুনিছোঁ৷

‘বুছিজ যতীন, তোক ইমানদিনে সকলোৱে মাৰাৰ বৃদ্ধ পেঞ্চন খাই থকা বুলি ইতিকিং কৰিছিল৷ এতিয়া বুজিছে ‘বেকাৰ’ হ’লেও তই কিমান যে কাম কৰিছিলি! কেতিয়াবা তোৰ দৰে বেকাৰ এজনৰো কিমান প্ৰয়োজন, অনুভৱ কৰিব সকলোৱে৷ তোৰ চাকৰিৰ বয়স শেষ হ’বলৈ বেছি দিন নাই৷ হওঁক এই ঘৰ, এই ঠাই এৰি বেলেগ এঠাইত থাকিব লাগিব তই, তথাপিও তোক মই হাঁহিমুখেই বিদায় দিম!’ মাকৰ মাতটো থোকথুকি হৈ ওলাল৷

যতীনে মাকক ভিতৰলৈ লৈ গ’ল৷ ছাৰ্টৰ পেকেটৰ পৰা সৰু কাগজ এটুকুৰা উলিয়ালে সি৷ অহাৰ সময়ত ৰুমীৰ ফোন নম্বৰটো তাতেই লিখি লৈ আনিছিল৷ ৰাতি মাকক ৰুমীৰ কথা ক’ব লাগিব সি মনতে ভাবিলে৷


No comments

Powered by Blogger.