Header Ads

আশ্ৰয়

শিখামণি শৰ্মা
আকাশৰ নীলাৰে জেঠৰ জোন উঠি আহে
এটা সাধুকথা হৈ
ক্রমশঃ মাটিলৈ নামি আহে
এটা ৰূপালী মাছ
মলয়া বতাহ এছাটিয়ে জুৰ পেলায়
ৰৌদ্ৰস্নাত পৃথিৱী
মাটিৰ বুকুত বাজি উঠে
পোহৰৰ পানীসিয়া বাঁহী
ক্রমান্বয়ে :
দুপৰীয়াৰ সূৰ্য হাউলি পৰে আতুৰতাৰে
ৰাতিৰ বুকুত ছাঁ বিচাৰি
মাতৃৰ গৰ্ভত বাঢ়ি অহা সন্তানৰ দৰে...

ফোনঃ ৯৯৫৪৭৯৪৪২৫

No comments

Powered by Blogger.