Header Ads

স্বাধীন বন্দীত্ব

উপমন্যু
মই মুকলিকৈ চলা-ফুৰা কৰিব পাৰোঁ
মোৰ মতে নহয়
সীমা বান্ধি দিয়া আছে
মই মুকলিকৈ কথা ক’ব পাৰোঁ
মই মুকলিকৈ লিখিব পাৰোঁ পঢ়িব পাৰোঁ
মই মুকলিকৈ অধিকাৰ বিচাৰিব পাৰোঁ
মই মুকলিকৈ ‘পলিটিক্স’ কৰিব পাৰোঁ
নিৰ্বাচন খেলিব পাৰোঁ ভেট দিব পাৰোঁ
ভোগ কৰিব পাৰোঁ সকলো অধিকাৰ
মোৰ মতে নহয়
এই সকলোবোৰ নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত
ৰাইজৰ ঘামবোৰ সোণগুটি হৈ গজিলেই
ৰাইজক কচাইখানাত থৈ
পাণশালাত থকাসকল উন্মাদ হৈ পৰে
সঁচাৰ কাথি যে সিহঁতৰ হাতত
স্বাধীনতা
স্বাধীনতা মাত্ৰ হিটলাৰৰ গেছ চেম্বাৰত সোমোৱাৰ
নহয় তাতোকৈ ভয়ংকৰ
ইয়াত মানুহ মৰি মৰি জীয়াই থাকে
সীমা ৰেখা চেৰাই লাগিব
ভাঙিবই লাগিব অদৃশ্য ৰাগাৰৰ দেৱাল
নহ’লে
অনাগত প্ৰজন্মই ভূমিস্থ হৈ
উশাহ ল’ব ক’ত?

No comments

Powered by Blogger.