Header Ads

নীলাবোৰৰ কথা

পুৰন্দ গগৈ
আকাশখন সাগৰৰ দৰে
সেয়েহে সাগৰখনো আকাশ

নীলাবোৰ আকাশখনৰ দুখ
সাগৰখনৰ মাজত ৰিণিকি ৰিণিকি
ভাঁহি আহে নীলাবোৰৰ গভীৰতা
ঢৌ বোৰৰ মাজত জলকুঁৱৰীৰ
অবুজ বিননি
একোকে নুবুজে সাগৰখনে
কাৰণ সাগৰে নিজেই নামানে
নিজৰ প্ৰতিশ্ৰুতি
মানুহবোৰ যে নীলাৰেই সন্তান
সেয়ে পৃথিৱীত নীলা হোৱাৰ প্ৰতিযোগিতা
আনকি চন্দ্ৰটো
তথাপিও মানুহবোৰে  নুবুজে
 নীলাবোৰৰ সঠিক পৰিচয়
সেয়েহে  চাগৈ  মানুহে
নীলা হ’ব খুজিও নীলাক বেয়া পায়৷
ফোনঃ ৯৮৫৯৪৪৬১২২

No comments

Powered by Blogger.