Header Ads

নৈপৰীয়া ঐনিঃতম

জলেন্দ্ৰনাথ দলে

বুকুত বাঢ়ি অহা বানে
নৈখনৰ দুয়োপাৰ বুৰায়
তাত সিঁচি দিয়ে পলস
এক সেউজীয়া প্ৰতিশ্ৰুতি৷
পাৰত বহি থাকে ঝাওবন
সেউজীয়া ঝাওবন
নৈখনৰ মৃদু বতাহজাকে তাৰ পাতবোৰ কঁপায়
ঝাওবনত লাগি থাকে ফাগুন৷
সিপাৰৰ নল-বিৰিনাৰ কাঁইটীয়া পাতবোৰে
বতাহৰ চাদৰখন ফুটায়
বতাহবোৰ নল-বিৰিনাৰ পাতত চামনি বান্ধে৷
ডুব যাব ধৰা সুৰুযে
নৈখনৰ পানীবোৰ ৰঙীন কৰি তোলে
নৈখনৰ সিপাৰত লুকাই থাকে জোনটো
এন্ধাৰ অহাৰ লগে লগে সি
পানীত জোনাকবোৰ সিঁচি দিয়ে
যৌৱনা হৈ উঠে নৈখন৷
বালিচৰৰ শামুকবোৰ
জোনাকত জিলিকি উঠে
শামুকৰ গাত জোনাকৰ আবিৰ
গোটেই ৰাতি শামুকবোৰ প্ৰেমত মত্ত হয়৷
নিতৌ পুৱা এজনী কনেং আহে নৈপাৰলৈ
পাৰৰ পানীত খেলি তাইৰ এগে’খন তিতে
কেতিয়াবা ঝাওবনৰ আঁৰত লুকাই ঐনিঃতম জুৰে
কনেঙৰ দৰদী ঐনিঃতমত সাৰ পায় নৈখনৰ দুপাৰ
ঈষৰ্াত জ্বলি উঠে নল-বিৰিনা৷
মোৰ অঘাইতং শৈশৱৰ সংগী
নৈখনৰ পাৰৰ নল-বিৰিণা
ক’ত উদ্‌মাদনাৰ সাক্ষী
কনেঙৰ ঐনিঃতমে
মোৰ কলিজাৰ এডোখৰ আকৌ কাটে
বৈ যায় অন্য এখন নৈ৷  

No comments

Powered by Blogger.