Header Ads

উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠী আৰু সাংস্কৃতিক সমন্বয়

ড০ প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য

জাতি, জনগোষ্ঠী, জনজাতি, উপজাতি, প্ৰজাতি, জাতিসত্তা আদি সম্পৰ্কে বিভিন্নজনে ভিন ভিন পৰ্যায়ত ব্যৱহাৰ কৰা শব্দবোৰৰ ক্ষেত্ৰত অৰ্থ তথা পৰিভাষাৰ মাজত খেলিমেলি দেখা যায়৷ নৃতাত্ত্বিক (এন্‌থ্ৰপ’লজিষ্ট) সকলে যি অৰ্থ আৰু পৰিসূত্ৰৰে জাতি, জনজাতি বা জনগোষ্ঠী (tribe), ফৈদ বা জাতিগোষ্ঠী  (clan) আদিৰ ব্যাখ্যা দি আহিছে, ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চাকাৰী, গৱেষক, লেখক-লেখিকাই নৃতাত্ত্বিক জনগোষ্ঠী, জাতিগোষ্ঠী, খেল, ফৈদ আদি লৌকিক দৃষ্টিৰে ব্যৱহাৰ কৰে৷ ভাৰতীয় সংবিধানত বৰ্ণহিন্দু (Caste Hindu), অনুসূচিত জনজাতি বা জনগোষ্ঠী (Scheduled Tribes), অনুসূচিত জাতি বা সম্প্ৰদায় (Scheduled Casts), পিছপৰা সম্প্ৰদায় বা অনুন্নত সম্প্ৰদায় (Backward Classes) আদি সংজ্ঞা তথা অভিধা দিয়া হৈছে৷ বৰ্ণহিন্দুসকলক সাধাৰণ শ্ৰেণী বুলিও কোৱা হয়৷ ভাৰতীয় সংবিধান ডক্টৰ বি. আৰ. আম্বেদকাৰৰ নেতৃত্বত ১৯৫০ চনত বিধ্বিদ্ধ কৰা হয় আৰু পোনতে দহ বছৰ কালৰ কাৰণে অনুসূচিত জনজাতি (জনগোষ্ঠী), অনুসূচিত জাতি (সম্প্ৰদায়), পিছপৰা সম্প্ৰদায় আদিৰ বাবে বিশেষ ৰক্ষণাবেক্ষণ দি সাধাৰণ শ্ৰেণীৰ বৰ্ণহিন্দুসকলৰ সমপৰ্যায়ৰ কৰি তোলাৰ আশা পোষণ কৰা হৈছিল৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত এনেদৰে কেবাটাও দহ বছৰ পাৰ হৈ পঞ্চাশ বছৰৰো অধিক হ’ল এতিয়াও আমাৰ ভাৰতীয় গণৰাজ্যত অনুসূচিত জনজাতি (জনগোষ্ঠী), অনুসূচিত জাতি (সম্প্ৰদায়) তথা পিছপৰা সম্প্ৰদায়ৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ সমান পৰ্যায়লৈ উন্নীত নহ’ল৷ ইয়াৰ ফলস্বৰূপে সামাজিক ক্ষেত্ৰত অৰ্থনৈতিক বৈষম্য ৰৈ গ’ল৷

অসমৰ কোচ-ৰাজবংশী, বৰাহী, মৰাণ, চুটীয়া আদি জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্তকৰণ সম্পৰ্কত বহুতো বাদ-বিসম্বাদ, আন্দোলন চলিয়ে আছে৷

ভাষাগত-জাতিগত শ্ৰেণীবিভাগ
উত্তৰ পূৰ্বাঞ্চলত বাস কৰা অন্ততঃ ১৬৬টা জনজাতি (জনগোষ্ঠী)ৰ লোকে বিভিন্ন জাতিসত্তা, সংস্কৃতি, ভাষা-উপভাষা তথা সমাজ জীৱনৰ পৰিচয় দাঙি ধৰিছে৷ ভাৰতীয় ভাষাবোৰক মূলতঃ চাৰিটা পৰিয়ালত ভাগ কৰিব পাৰি ভাৰত-ইউৰোপীয় (ভাৰতীয় আৰ্য), দ্ৰাবিড়ী, অষ্ট্ৰিক আৰু চীন তিব্বতীয়৷

দেশী-বিদেশী পণ্ডিতৰ অভিমত চালি-জাৰি ১৯৩২ খ্ৰীষ্টাব্দত ‘অসমৰ জনজাতি’ নামে পুথিখন অসম সাহিত্য সভাৰ পক্ষৰ পৰা সম্পাদনা কৰোঁতে আমি ছটা জাতিগত বিভাগত ভাৰতীয় লোকক ভাগ কৰিছিলোঁ (১) নেগ্ৰিটো জাতি, (২) প্ৰট’ অষ্ট্ৰলয়ড, (৩) মঙ্গলয়দ, (৪) মেডিটেৰীনীয়ান, (৫) ৱেষ্টাৰ্ণ ব্ৰেকী চেফাল আৰু (৬) নৰ্দ্দিক৷ অবিভক্ত অসমৰ জনজাতি (জনগোষ্ঠী) ৰূপে অকা (হ্ৰূছো) আদি (আবৰ), ডফলা, দেউৰী চুতীয়া, মিৰি বা মিছিং, গাৰো, খাছি আৰু ছিমটেং (জয়ন্তীয়া), ডিমাছা কছাৰী, বৰো কছাৰী, সোণোৱাল কছাৰী, দোৱনীয়া, ফাকিয়াল, মিকিৰ (কাৰ্বি),  মিজো (লুছেই), ৰাভা, তিৱা (লালুং), নগাভূমিৰ জনজাতি তথা আও নাগা, কম্যাক নগা, টাংখুল নগা, মণিপুৰী, নৰা-তুৰুং-আইতনীয়া, নক্টে,  ব্ৰাঞ্চো, টাংছা, খাম্‌টি, মিচিমি, চিংফৌ, আপাটানি, পৰ্বতৰ মিৰি, টাগিন, ছেৰডুকপেন, মনপা, ভুটীয়া, ছিয়াং সীমান্ত বিভাগৰ জনজাতি, কামেং সীমান্তৰ বিভাগৰ জনজাতি আৰু পৰ্বত-ভৈয়ামৰ অন্যান্য জনজাতি শিতানত আমাৰ পুথিখনত বিভিন্ন লেখক-লেখিকাৰ পৰিচয়মূলক প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছিল৷

পৰৱৰ্তীকালত ১৯৮৭, ১৯৮৮ আৰু ১৯৯১ খ্ৰীষ্টাব্দত অসমৰ ট্ৰাইবেল ৰিচাৰ্চ ইন্‌ষ্টিটিউটৰ সঞ্চালক ডক্টৰ বুধীন্দ্ৰ নাথ বৰদলৈৰ সম্পাদনাত প্ৰকাশিত ট্ৰাইব্‌ছ অব্‌ আছাম নামৰ লোকপ্ৰিয় গ্ৰন্থমালাৰ তিনিটা খণ্ডত ক্রমে বৰো কছাৰী, দেউৰী, ডিমাছা কছাৰী, কাৰ্বি, লালুং (তিৱা), মিছিং (মিৰি), ৰাভা, কাছাৰৰ বৰ্মন, মাৰ, কুকি, ৰেংখা নগা, সোণোৱাল কছাৰী, জেমী নগা, হাজং, গাৰো, খাছি, জয়ন্তীয়া আৰু মেছ এই ওঠৰটা জনজাতিৰ (জনগোষ্ঠী) পৰিচয়মূলক বৈশিষ্ট্য ইংৰাজী ভাষাৰ জৰিয়তে দিয়া হৈছে৷ এতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলত সৰু-বৰ ভলেমান জনগোষ্ঠীৰ (জনজাতি) ন-ন সম্ভেদ ওলাই আছে৷

নৰ্থ ইষ্ট এ টু জেড ‘জেনেৰেল ন’লেজ ফৰ অল’ নামেৰে অমৰ কৃষ পালে লিখা আৰু কলকাতাৰ গুড বুকছ ডিষ্ট্ৰিবিউটৰছ পাব্লিচাৰ্চে প্ৰকাশ কৰা পুথিৰ আধাৰত তলত দিয়া অনুসাৰে জনজাতিৰ (জনগোষ্ঠী) তালিকা পোৱা গৈছে-

অৰুণাচলৰ এঘাৰখন জিলাত মুঠ জনসংখ্যাৰ পৰিমাণ ২০০১ চনৰ পিয়লমতে ১,০৯১,১১৭ জন, মাটিকালি ৮৩,৭৬৬ বৰ্গ কিলোমিটাৰ আৰু সোতৰটা জনজাতিৰ নাম দিয়া হৈছে আদি, অকা, আপাটানি, পাহাৰী, মিৰি, গাম্‌টি, গাম্বা, খোৱা, মিজি, মিচিমি, মেম্বা, মন্‌পা, মিছিং, নক্টে, চিংফৌ, ছেৰদুকপেন, টাগিন আৰু ঠাংছা৷ এই সোতৰটা জনজাতিৰ নিজা জাতীয় নৃত্যবোৰৰ নামো এই পুথিত দিয়া হছে৷

নাগালেণ্ডৰ (নগাভূমি) পোন্ধৰটা জনজাতিৰ নামো এই পুথিখনত এনেদৰে দিয়া হৈছে আৱগামি, ৰেংমা, জেলিয়াং, কুকি, চাংচাং, পচুৰী, আও, কন্যাক, ফোম, খিয়ামঙ্গান, চাং, যিমচুংগেৰ, ছাংতাম্‌ আৰু ছেমা৷ এই জনজাতিবোৰৰ জাতীয় উৎসৱবোৰৰ নাম তথা পালনৰ সময়বোৰ বিচিত্ৰতাৰে পৰিপূৰ্ণ৷

এনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যতো নিৰ্দিষ্টসংখ্যক জনগোষ্ঠী (জনজাতি) আৰু তেওঁলোকৰ নিজা নিজা জাতীয় উৎসৱ-পৰব বছৰৰ ভিন ভিন ঋতুত পালন কৰা যায়৷ মণিপুৰৰ মেইতেইসকল ঘাই অধ্বিাসীৰূপে জাতিসত্তা, এই ৰাজ্যত ২৯ টা অনুসূচিত জনজাতি (জনগোষ্ঠী) আছে৷

অধ্যাপক ড০ ভুবন মোহন দাসে অসমৰ মানুহবোৰক দুটা ভাগত ভগাইছে জনজাতি (ট্ৰাইব) আৰু অজনজাতি (নন-ট্ৰাইব)৷ জনজাতিক দুভাগত ভগাব পাৰি পাহাৰৰ জনজাতি আৰু ভৈয়ামৰ জনজাতি৷ অজনজাতিসকলকো বৰ্ণ হিন্দু (সাধাৰণ), অনুসূচিত জাতি, অন্যান্য পিছ পৰা শ্ৰেণী আদিত ভগাব পাৰি৷ ধৰ্মৰ দৃষ্টিৰে হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখ আৰু কৌশিক জনজাতীয় ধৰ্মাৱলম্বীৰূপে ভগাব পাৰি৷ ভাষা পৰিয়ালৰ ফালৰ পৰা অসমীয়া, বঙলা, হিন্দী আদি ভাৰতীয়-আৰ্য (ইণ্ডো-ইউৰোপীয়), চীন-তিব্বতীয় পৰিয়ালৰ তিব্বতবৰ্মী আৰু শ্যাম-চীন, অষ্ট্ৰিক তথা দ্ৰাবিড়ী ভাষা-ভাষী লোক অসম ৰাজ্যত আছে৷ জনগোষ্ঠীবোৰৰ অৱয়ব সম্পৰ্কে নৃতত্ত্বৰ ফালৰ পৰা কিছু অধ্যয়ন কৰি সংমিশ্ৰণমূলক ফলাফল পোৱা গৈছে৷

শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাত পোন্ধৰ শতিকাৰ সময়ৰ অসমৰ অধ্বিাসীসকলৰ কিছু আভাস এনেদৰে পোৱা যায়
কিৰাত কছাৰী
খাচি গাৰো মিৰি
যৱন কক্ষ গোৱাল৷
অসম মুলুক
ৰজক তুৰুক
কুবাচ ম্লেছ চণ্ডাল৷৷

ওঠৰ শতিকাত ৰচিত সূৰ্যখড়ি দৈৱজ্ঞৰ দৰং ৰাজবংশাৱলী অনুসৰি অসম ৰাজ্যত মেচ, কুবাচ, কছাৰী, ব্ৰাহ্মণ, দৈৱজ্ঞ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য আদি জাতি-উপজাতি আছিল : ব্ৰাহ্মণে বেদ পঢ়িছিল, দৈৱজ্ঞই গ্ৰহ গণনা কৰিছিল৷ ... (ড০ নবীনচন্দ্ৰ শৰ্মা দৰং ৰাজবংশাৱলী দ্ৰষ্টব্য) নৃবিজ্ঞানীৰ দৃষ্টিৰে অধ্যাপক ড০ ভুবন মোহন দাসে অষ্ট্ৰেলীয় (অষ্ট্ৰলয়দ) সকলকে ভাৰতবৰ্ষৰ আদিম অধ্বিাসী বুলি সৰহসংখ্যক পণ্ডিতৰ অভিমত সাপেক্ষে  ঠাৱৰ কৰিছে৷ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ‘শ্ৰী-এৰিয়ান-শ্ৰী-দ্ৰাবিড়ীয়ান ইন ইণ্ডিয়া’ নামৰ গ্ৰন্থতো অষ্ট্ৰলয়দ তথা মঙ্গলয়দ লোকৰ বৰঙণিৰ আলোচনা আছে : নিষাদ (শৱৰ), কিৰাত, দাস-দস্যু আদি নামেৰে প্ৰাচীন সংস্কৃত গ্ৰন্থবোৰত ভাৰতবৰ্ষৰ পুৰণি অধ্বিাসীসকলৰ বৰ্ণনা-উল্লেখ পোৱা যায়৷

কবিগুৰু ৰবীন্দ্ৰনাথৰ ‘ভাৰত-তীৰ্থ’ নামৰ কবিতাত বৰ্ণিত ভাষাৰে ক’ব পাৰি যে ভাৰতীয় গণৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চল তথা অসম ৰাজ্যক্ষেত্ৰতো যুগে যুগে আৰ্য-অনাৰ্য, দ্ৰাবিড়, চীন, শক-হুন, পাঠান-মোগল আদিৰ বসবাস তথা সহ অৱস্থানে সমাজ জীৱনত ভাষা-সাহিত্য-কৃষ্টি নিৰ্বিশেষে সাংস্কৃতিক সময়ৰ সৃষ্টি কৰি আহিছে : এই সাংস্কৃতিক সময়ৰ সুঁতিটো ভিন ভিন যুগত বিচিত্ৰ, বিবিধ গতিধাৰাৰে বৈয়ে আছে : ‘আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন’ নীতি বচনৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ সময়ৰ বোৱতী সুঁতিৰ লেখ-জোখ দিয়া যায় কিদৰে? ‘‘পক্ষী সব উৰয় যেন পখা অনুসাৰে৷ কবিসৱ নিৱন্ধয় লোক ব্যৱহাৰে৷’’ মাধৱ কন্দলিৰ এই বাণীৰে আমিও আগবাঢ়িব খুজিছোঁ৷

উত্তৰ পূৰ্বাঞ্চলৰ জনগাঁথনি
উত্তৰ পূৰ্বাঞ্চলত সৰ্বভাৰতীয় ছটা জাতিগত বিভাগৰ পটভূমিত নেগ্ৰিটো (নিগ্ৰয়ড), প্ৰট’ অষ্ট্ৰলয়ড (অষ্ট্ৰলয়ড), মঙ্গলয়দ, মেডিটেৰনীয়ান (ভূমধ্য সাগৰীয় বা দ্ৰাবিড়ী) আৰু নৰ্দিক (আৰ্য) এই পাঁচটা জাতিৰ লোক বসবাস কৰি থকাৰ নিদৰ্শন পোৱা গৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীজ লোকৰ মাজত নেগ্ৰিটো জাতীয় বৈশিষ্ট্য, যেনে চুটি-চাপৰ আকৃতি, খাদ্য আহৰণকাৰী ধনুকাঁড়ৰ ব্যৱহাৰকাৰী, ডিমৰু জাতীয় গছৰ উপাসক আদি গুণবোৰ লক্ষ্য কৰা যয়৷ প্ৰট’ অষ্ট্ৰলয়ড জাতিৰ ভিতৰত অষ্ট্ৰিক ভাষা-ভাষী কোল-মুণ্ডা, চাওতাল, খাছিয়া-জয়ন্তীয়া আদিক ধৰা হৈছে৷ প্ৰট’ অষ্ট্ৰলয়ডসকল মজলীয়া আকাৰৰ লোক, এওঁলোক পোনতে খাদ্য আহৰণকাৰী আছিল যদিও পৰৱৰ্তীকালত জোং আৰু কোৰেৰে জুম খেতি কৰিবলৈ লয়, এওঁলোকে প্ৰথমতে বনৰীয়া হাতী ধৰি পোহ মনাইছিল৷ উত্তৰ পূৰ্বাঞ্চলৰ ঘাইকৈ মেঘালয় তথা অসম ৰাজ্যত খাছিয়া, জয়ন্তীয়া, কোল, মুণ্ডা, চাওতাল আদি ভাষা-ভাষী লোকে বাস কৰি আছে৷ অসম ৰাজ্যৰ চাহ বাগানৰ বনুৱাসকলৰ মাজত কোল-মুণ্ডা, চাওতাল আদি অষ্ট্ৰিক ভাষীৰ উপৰিও ভূমধ্য সাগৰীয় (মেডিটেৰীয়ান) জাতিৰ দ্ৰাবিড়ী ভাষী লোকো আছে৷ চাহ বাগানৰ জনগোষ্ঠীৰ মাজত প্ৰায় ৭২ টা বিভিন্ন জাতি-উপজাতিৰ লোক আছে৷

মঙ্গোলয়দ জাতি কিৰাত নামেৰে যজুৰ্বেদ, মহাভাৰত, ৰামায়ণ আদি প্ৰাচীন সংস্কৃত গ্ৰন্থত উল্লেখিত হৈছে; কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰ প্ৰাচীন প্ৰাগ্‌জ্যোতিষ, কামৰূপ ৰাজ্যৰ ধৰ্মৰ ধাৰা কৈৰাতজ বুলি বৰ্ণিত হৈছে৷ পশ্চিমে কৰতোয়া (তিস্তা) নদীৰপৰা দক্ষিণে চট্টগ্ৰামৰ সাগৰ অঞ্চললৈ বিয়পি থকা উত্তৰ পূব সীমান্ত অঞ্চল কিৰাতভূমি বুলি বৰ্ণিত হৈছে৷ ডক্টৰ বাণীকান্ত কাকতিয়ে ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ গ্ৰন্থখনিত বিস্তৃতভাৱে আলোচনা কৰি এনেধৰণৰ অভিমত দিছে  ‘‘হিন্দুধৰ্ম যেতিয়া সকলো জাতিৰ মাজতে ব্যাপকভাৱে প্ৰচলন হ’ব ধৰিলে, তেতিয়া অহিন্দু জাতিবোৰৰ আচাৰ-নীতিবোৰেও ইয়াৰ ভিতৰত ঠাই পাবলৈ ধৰিলে৷ সেই কাৰণে আৰ্য-অনাৰ্যৰ সংমিশ্ৰণৰ ফলত যি ধৰ্মৰ অভ্যুদয় হ’ল তাক ‘যোগিনীতন্ত্ৰ’ৰ গ্ৰন্থাকাৰে ‘কৈৰাতজ ধৰ্ম’ বুলিছে ‘সিদ্ধেশি যোগিনী পীঠে ধৰ্মঃ কৈৰাতজঃ মতঃ৷৷’’

সাংস্কৃতিক সময়ৰ ক্ষেত্ৰত যিকোনো জনসমষ্টিৰ নিৰ্দিষ্ট ধৰ্ম আচৰণৰ এৰা-ধৰাৰ প্ৰসংগ জড়িত হৈ আছে৷ অসম ৰাজ্যাঞ্চলৰ বৰো, গাৰো, ডিমাছা, তিৱা (লালুং), সোণোৱাল কছাৰী, ৰাভা, মিছিং (মিৰি), কাৰ্বি (মিকিৰ), হাজং আদি কেবাটাও জনগোষ্ঠী মঙ্গলয়দ জাতিৰ অন্তৰ্গত৷ ত্ৰিপুৰাৰ তিপ্‌ৰা, মিজোৰামৰ মিজো, চাক্‌মা, মণিপুৰৰ মেইথেই, নগাভূমি আৰু অৰুণাচলৰ বেছিভাগ জনগোষ্ঠীৰ গাত মঙ্গলয়ড জাতিৰ সঁচ আছে৷ এই জনগোষ্ঠীবোৰে তিব্বত-বৰ্মী আৰু শ্যাম-টাই ভাষাৰ শাখা-প্ৰশাখাৰে দৈনন্দিন জীৱন নিৰ্বাহ কৰি আহিছে৷ ভাষা, সাহিত্য, ধৰ্ম, সমাজ, জনকৃষ্টি আদিৰ ক্ষেত্ৰত মঙ্গলয়দ বা কিৰাতসকলে ভাৰতীয় আৰ্য হিন্দুসকলৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু নিজেও প্ৰভাৱাতি হৈছে৷ ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ ‘কিৰাত-জন-কৃতি’ নামৰ ইংৰাজী গ্ৰন্থত, ডৱলিউ চি স্মিথৰ আও নগা জনগোষ্ঠী সম্পৰ্কীয়, ইংৰাজী গ্ৰন্থত পাৰস্পৰিক প্ৰভাৱৰ বিষয়ে কিছুমান নিদৰ্শন পোৱা গৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীজ বৈশিষ্ট্যৰূপে জুম খেতিৰ প্ৰচলন, বাঁহৰ সঁজুলি আৰু খাদ্যৰূপে ব্যৱহাৰ, তাঁতশাল- বয়ন শিক্ষা, মাছ-মঙহ-ঘৰুৱা মদৰ ব্যৱহাৰ আদি উল্লেখযোগ্য৷ মেডিটেৰানীয়ান (দ্ৰাবিড়ী) জাতিৰ সভ্যতাৰ প্ৰভাৱৰ নিদৰ্শনস্বৰূপে মহেঞ্জাদাৰো আৰু হাৰাপ্পাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ, শিৱপূজাৰ প্ৰচলন, যোগ দৰ্শন আদি বিষয় লৈ আঙুলিয়াই দিয়া হয়৷ দ্ৰাবিড়ী ভাষা পৰিয়ালৰ ভাষা তামিল, তেলেগু, মালায়ালম, কানাড়ী, তুলু আদি ভাষী লোক ব্ৰিটিছ যুগৰ পৰা উত্তৰ পূব ৰাজ্যাঞ্চলৰ চাহ বাগান, কয়লাখনি, তেলপুং আদিত বসবাস কৰি আছে৷ বৈদিক আৰ্য হিন্দুসকলে যজ্ঞ অনুষ্ঠানৰ অগ্নি উপাসনা কৰিছিল যদিও পৰৱৰ্তীকালত বিবিধ পূজা, বলি-বিধান অন্যান্য জনগোষ্ঠীৰ প্ৰভাৱত পালন কৰিবলৈ লৈছিল৷ পূজাৰ ক্ষেত্ৰত ‘‘পম্বং বা পায়সং দদ্যাৎ’...৷ নৰ্দ্দিক আৰ্যজাতিৰ মানুহবোৰে খ্ৰীষ্টপূৰ্ব পোন্ধৰশ বছৰৰ আগৰে পৰা চামে চামে ভাৰতবৰ্ষত প্ৰৱেশ কৰি উত্তৰ-পূৰ্বাঞ্চল পাইছিলহি৷ উত্তৰ পশ্চিমৰ উপৰিও উত্তৰ পূবফালেদিও নৰ্দ্দিক আৰ্যৰ আগমনৰ বিষয়ে ডক্টৰ বাণীকান্ত কাকতিৰ ‘কলিতা জাতিৰ ইতিবৃত্ত’ত আলোচিত হৈছে৷

নৰ্দ্দিক (আৰ্যভাষী) জাতিৰ লোকসকলে খ্ৰীষ্টপূৰ্ব তিনি হেজাৰ বছৰৰ পূৰ্বে মেছপটমিয়া অঞ্চলত থাকোঁতে গৰু পোহাৰ আদৰ্শ গ্ৰহণ কৰিছিল আৰু আগৰে পৰা ভেৰা, ঘোঁৰা, গাহৰি ঘৰচীয়াকৈ পোহাৰ নিয়ম আছিল৷ ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ আগতে এওঁলোক যাযাবৰী (অঘৰী) জনগোষ্ঠীৰূপে বিচৰণ কৰিছিল৷ এওঁলোক ওখ, পোন নাকৰ, নীলা চকুৰ আৰু সোণোৱালী চুলিৰ মানুহ আছিল৷ উত্তৰ পূব ভাৰতীয় অঞ্চলত নৰ্দ্দিক আৰ্য জনগোষ্ঠীৰ সংখ্যাগত প্ৰব্ৰজন কম হ’লেও, ভাষা, সাহিত্য, জনকৃষ্টি, ধৰ্ম, সমাজ আদিৰ ক্ষেত্ৰত সৰহ পৰিমাণে প্ৰভাৱ পৰিছে ভাৰতীয় আৰ্যভাষা অসমীয়া, তথা আৰ্যহিন্দু ধৰ্মৰ প্ৰভাৱ অষ্ট্ৰলয়ড আৰু মঙ্গোলয়ড আদি জাতিৰ লোকৰ ওপৰত যুগে যুগে কিদৰে, কিমান পৰিমাণে পৰিছে সেই বিষয়বোৰৰ পূৰ্ণাংগ বিশ্লেষণ এতিয়াও পৰ্যাপ্তৰূপে হোৱা নাই৷

উত্তৰ পূৰ্বাঞ্চলৰ জন গাঁথনিত নৰ্দ্দিক আৰ্য, মঙ্গলয়দ কৰাত, প্ৰট’ অষ্ট্ৰলয়ড-অষ্ট্ৰিক মেডিটেৰানীয়ান দ্ৰাবিড়ী আৰু নেগ্ৰিটো (নিগ্ৰয়ড) উপাদানৰ বৈজ্ঞানিক তথা ধাৰাবাহিক অধ্যয়ন-বিশ্লেষণ হ’লেহে সাংস্কৃতিক সময় নিৰ্ণয় কৰিব পৰা যাব৷ গুজৰাট, মহাৰাষ্ট্ৰ, বংগদেশ আদিত ৱেষ্টাৰ্ণ ব্ৰেকীচেফাল (পাশ্চাত্য বহল কপালী) জাতিৰ সঁচ আছে যদিও উত্তৰ-পূৰ্বাঞ্চলত এওঁলোকৰ বসবাসৰ নিদৰ্শন নাই৷

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাচীন বৈশিষ্ট্য
সাম্প্ৰতিক স্বৰাজোত্তৰকালত উত্তৰ পূৰ্বাঞ্চলত নামে অভিহিত এই ৰাজ্যাঞ্চল প্ৰাগ্যজ্যোতিষ, কামৰূপ, লৌহিত্য-নীলাচল ভূমি আদি নামেৰে বৰ্ণিত হৈছিল৷ কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, হৰগৌৰী সম্বাদ, কামাখ্যা তন্ত্ৰ, তন্ত্ৰ চূড়ামণি, হে বজ্ৰতন্ত্ৰ আদি শাস্ত্ৰৰ উদ্ধৃতিৰে পণ্ডিত চক্রেশ্বৰ ভট্টাচাৰ্য দলৈয়ে ‘শাক্তদৰ্শনম্‌’ (১৯৭০ খ্ৰী.) নামৰ সংস্কৃত গ্ৰন্থত বিস্তৃতভাৱে আলোচনা কৰিছে
‘‘... কৰতোয়াং সমাৰভ্য যাৱদ্দিকৰবাসিনীম্‌৷
শতযোজন বিস্তীৰ্ণ ত্ৰিকোনং সৰ্বসিদ্ধিদম্‌৷
দেৱা মৰণমিচ্ছন্তি কিং পুনৰ্মানৱাদয়ঃ৷৷’’

ইয়াৰ অৰ্থ হৈছে যে কামৰূপ পীঠ কৰতোয়া নদীৰ পৰা আৰম্ভ কৰি দিক্কৰবাসিনীলৈকে এশ যোজন (আঠশ মাইল) বিস্তীৰ্ণ হৈ ত্ৰিকোণস্বৰূপে সৰ্বাসিদ্ধিদা হৈ আছে, ইয়াত দেৱতাই মৰণৰ কাৰণে ইচ্ছা কৰে, তেনেস্থলত মানুহ আদিৰ কথাই নাই৷ কালিকা পুৰাণৰ বৰ্ণনা মতে প্ৰাগজ্যোতিষপুৰত থাকিয়ে ব্ৰহ্মাই নক্ষত্ৰমণ্ডল সৃষ্টি কৰিছিল৷ চিত্ৰাচল নৱগ্ৰহ মন্দিৰৰ ঐতিহ্যও এই পুৰাণতে বৰ্ণিত হৈছে৷ যোগিনীতন্ত্ৰৰ বৰ্ণনামতে কামৰূপৰ দীঘলে এশ যোজন (আঠশ মাইল) আৰু বহলে ত্ৰিশ যোজন (২৪০ মাইল) ত্ৰিকোনাস্থতি৷ বৰ্তমানৰ অসম ৰাজ্যতকৈ বৃহত্তৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ সমান বুলিয়ে প্ৰাচীন ভৌগোলিক পটভূমিত বিচাৰ কৰিব পাৰি৷

প্ৰাচীন কামৰূপ অৰ্থাৎ উত্তৰ পূব ভাৰতৰ ধৰ্ম কৈৰাতজ অৰ্থাৎ কিৰাতসকলৰ আচাৰৰ পৰা উদ্ভৱ বুলি যোগিনীতন্ত্ৰত বৰ্ণিত হৈছে সৰ্বেশি যোগিনীপীঠে ধৰ্ম কৈৰাতজঃ মতঃ৷ শিৱ কিৰাতৰূপী আৰু শৱৰীৰূপী উমাৰ মিলনে মঙ্গলয়দ কিৰাত আৰু অষ্ট্ৰলয়ড শৱৰ (নিষাদ)- সভ্যতা-সংস্কৃতিৰ সংস্পৰ্শ সূচাইছে৷

‘পুৰণি কামৰূপৰ ধৰ্ৰ ধাৰা’ গ্ৰন্থত ডক্টৰ কাকতিয়ে এই সম্পৰ্কত এনেদৰে লিখিছে : ‘‘কামৰূপত কোনো সন্যাস বিধি বা কোনো দীৰ্ঘ ব্ৰতৰো ব্যৱস্থা নাই৷ ইয়াত মাছ, মাংস ত্যাগ কৰা বিধি আৰু ব্ৰহ্মচৰ্য মতো নাই৷ ইয়াত হাঁহ, পাৰ, কাছ, গাহৰি খাব পাৰি৷ এৰিলে দুৰ্গতি হয়৷ সেই কাৰণে ইয়াত সংসৰ্গ দোষ (জাতি-ধৰ্ম নিৰ্বিশেষে মিলা-মিছা কৰাত দোষ) নাই৷ স্ত্ৰী ধৰ্মও (স্ত্ৰী ধৰ্ম=ঋতু৷ অৰ্থাৎ ঋতুকালত সঙ্গম কৰিব লাগে) ধৰ্ম বুলি মানি ল’ব লাগে (কিয়নো ইয়াত ব্ৰহ্মচৰ্য সিদ্ধ নহয়)৷ ইয়াত তিৰোতাবোৰে সদায় তামোল খায়৷ সিহঁতৰ দাঁত বগা নহয়৷ (তিৰোতাৰ দাঁত ক’লা কৰা ব্যৱস্থা জাপান দেশতো আছে৷) তাক সদাচাৰ বুলি ধৰি লোৱা হয়৷’’ এই যোগিনীতন্ত্ৰৰ বিধানৰ সৈতে উত্তৰ পূব অঞ্চলৰ জনগোষ্ঠীসকলৰ জীৱনধাৰাৰ যথেষ্ট সামঞ্জস্য আছে৷ নৰ্দ্দিক আৰ্য হিন্দুসকলৰ জীৱন ধাৰাত মঙ্গলয়দ কিৰাত আৰু অষ্ট্ৰলয়ড শৱৰ (নিষাদ) প্ৰভাৱৰ পৰিণতিৰূপে সংমিশ্ৰিত সমাজ ব্যৱস্থাৰ নিদৰ্শন উত্তৰ পূব অঞ্চলৰ অধ্বিাসীসকলৰ মাজত সততে লক্ষ্য কৰা যায়৷ ইয়াৰ বাহিৰেও বামাচাৰ, কৌলাচাৰ, পূজা-পাৰ্বণ, দশ মহাবিদ্যাৰ আৰাধনা, বলি-বিধান, পঞ্চ মকাৰৰ প্ৰচলন আদিয়ে সৰ্বভাৰতীয় প্ৰাচীন বিধি-বিধানৰ মাজত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক বৈশিষ্ট্যৰ কিছুমান নিদৰ্শন দাঙি ধৰিছে৷ সামিষ আহাৰ, ঘৰুৱাকৈ বনোৱা মদ বা লাওপানী, তামোল-পাণৰ ব্যৱহাৰ, বাঁহৰ সঁজুলি আৰু বাঁহৰ গাজৰ প্ৰচলন এই জনগোষ্ঠীসকলৰ মাজত সততে দেখা যায়৷ দেশী-বিদেশী পণ্ডিতসকলৰ অভিমত বিচাৰ কৰি চালে উত্তৰ পূব অঞ্চলৰ ভৌগোলিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰত বিবিধ জনগোষ্ঠীৰ বিশেষকৈ বৰ্মন, কোচ-কমতা, আহোম, চুটীয়া, জয়ন্তীয়া, তিপ্‌ৰা, বৰাহী, মৰাণ, নগা, মেইতেই, লুছাই, খাছি (গৈৰাম), গাৰো, ৰাভা আদি জনজাতিৰ ৰাজকীয় তথা সামাজিক কাৰ্যকলাপ, ঘটনা-পৰিঘটনাৰ বিৱৰণ পোৱা যায়৷

যুগে যুগে উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাচীন ঐতিহ্য তথা নৰকাসুৰ, ভগদত্ত, ঘটোৎকচ, বব্ৰুবাহন, কুমাৰ ভাস্কৰ বৰ্মা, হিউৱেন চাং আদিৰ তথ্যপূৰ্ণ কীৰ্তিকলাপৰ প্ৰত্নতাত্ত্বিক নিদৰ্শনবোৰৰ মাজেদি আমি তেৰ শতিকাৰ কমতাপুৰ ৰাজণ্যবৰ্গৰ কমতা মণ্ডল দুৰ্লভ নাৰায়ণ পৰা, কোচ ৰাজ্যৰ বিশ্বসিংহ মহাৰাজ নৰনাৰায়ণ-চিলাৰায়, আহোম ৰাজত্বৰ (১২২৮-১৮২৬) তথা ব্ৰিটিছ শাসন (১৮২৬-১৯৪৭) পৰ্যালোচনা কৰিলে এই অঞ্চলৰ বিভিন্ন অংশৰ ভৌগোলিক-ৰাজনৈতিক-অৰ্থনৈতিক-সামাজিক অৱস্থা আৰু ঘটনা প্ৰৱাহৰ বিচিত্ৰ, চিত্তাকৰ্ষক সংবাদসমূহৰ লেখ-জোখ ল’বলৈ সক্ষম হওঁ৷ মহাকাব্য, পুৰাণ, তন্ত্ৰ, জ্যেতিষ শাস্ত্ৰ, স্মৃতিশাস্ত্ৰ, ৰাজবংশাৱলী, গুৰুচৰিত, বুৰঞ্জী, শিলালিপি, ভাস্কৰ্য, মূৰ্তিকলা তথা লিখিত-অলিখিত আৰু সংৰক্ষিত ৰাজ্যিক যাদুঘৰ আদিৰ সম্পদৰাজিয়ে আমাক উত্তৰ পূব ভাৰতীয় অধ্যয়ন, বিশ্লেষণ, জ্ঞান আহৰণৰ যিখিনি সুযোগ-সুবিধা দিছে, আমি স্বৰাজোত্তৰ যুগত স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয় শ্বিলঙৰ কেন্দ্ৰীয় পাৰ্বত্য বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কেন্দ্ৰীয় তেজপুৰ বিশ্ববিদ্যালয়, চিলচৰৰ কেন্দ্ৰীয় অসম বিশ্ববিদ্যালয় তথা মণিপুৰ বিশ্ববিদ্যালয়, অৰুণাচল বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, ত্ৰিপুৰা বিশ্ববিদ্যালয় আদিয়ে যথাযথভাৱে পঠন-পাঠন, গৱেষণা, প্ৰকাশন, কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা নাই৷ স্বৰাজোত্তৰ যুগত (১৯৪৭ চনৰ পৰা অদ্যাপি) ভাৰতীয় গণৰাজ্যত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক খণ্ড-বিখণ্ড কৰি সাতখন অংগৰাজ্য গঠন কৰি, পিছত উত্তৰ পূব পৰিষদ (১৯৭১ খ্ৰী.) এখন স্থাপনৰ দ্বাৰা উমৈহতীয়া উন্নয়ন কাৰ্যক্রম গ্ৰহণ কৰিছে যদিও যোৱা তিনিটা দশকৰ বেছিভাগ সময় আইন আৰু শান্তি-শৃংখলা ৰক্ষা, উগ্ৰপন্থী সমস্যা দমনৰ নামত মিজোৰাম, নাগালেণ্ড, অসম, অৰুণাচল, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰত সৰ্বভাৰতীয় উন্নয়নৰ তুলনাত পৰ্যাপ্ত পৰিমাণে আঞ্চলিক উন্নয়নৰ কাৰ্যসূচী সম্পন্ন কৰিব পৰা নাই৷ ছিকিম ৰাজ্যকো উত্তৰ পূব পৰিষদত সংযুক্ত কৰি আছুতীয়া কেন্দ্ৰীয় মন্ত্ৰী দপ্তৰৰ ওপৰত বিশেষ দায়িত্ব অৰ্পণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক দূৰদৰ্শিতাৰ নিদৰ্শন দাঙি ধৰিছে সঁচা, কিন্তু এইবোৰৰ প্ৰকৃত সুফল উত্তৰ-পূব অঞ্চলৰ গাঁও-ভূই, চহৰে-নগৰে বাস কৰা জাতি-জনজাতি (জনগোষ্ঠী নিৰ্বিশেষে সৰ্বসাধাৰণ ৰাইজে প্ৰকৃতপক্ষে উপলব্ধি কৰিব পৰা নাই৷) এনে পটভূমিত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যিক চৰকাৰ তথা উত্তৰ পূব পৰিষদে জনসাধাৰণৰ মনস্তাত্ত্বিক ভাবধাৰা, অভাৱ-অভিযোগ, আশা-আকাংক্ষা কিমান পৰিমাণে বাস্তাৱায়িত কৰে তাৰে ওপৰতে এই অঞ্চলৰ মানুহ আৰু তেওঁলোকৰ ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ উন্নয়ন, বিকাশ, সময়, তথা পাৰস্পৰিক বিনিময়ৰ বিষয়বোৰে নিৰ্ভৰ কৰিছে৷ ৰাজনৈতিক অস্থিৰতা তথা অৰ্থনৈতিক ভাৰসাম্যই সামাজিক-সাংস্কৃতিক সময় সাধ্বি নোৱাৰে৷

No comments

Powered by Blogger.